ETV Bharat / state

MP Fund Scam: সাংসদ পুঁজিৰ আঁচনি ৰূপায়ণত হোৱা অনিয়মৰ তদন্ত কৰিবলৈ ৰঙিয়াত চি এম ভিজিলেঞ্চৰ দল

author img

By

Published : Feb 7, 2023, 9:02 AM IST

সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধন ব্যৱহাৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগৰ পাচতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । এই লৈ সোমবাৰে চি এম ভিজিলেঞ্চৰ এটা ছজনীয়া দল উপস্থিত হয় ৰঙিয়াত (CM Vigilance team in Rangia) ৷

CM Vigilance team arrived in Rangia
ৰঙিয়াত উপস্থিত চি এম ভিজিলেঞ্চৰ দল

ৰঙিয়াত উপস্থিত চি এম ভিজিলেঞ্চৰ দল

ৰঙিয়া,7 ফেব্ৰুৱাৰী: কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে (Corruption in implementation of MP fund schemes) ৷

এই গুৰুতৰ অভিযোগৰ উত্থাপিত হোৱাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । এই তদন্তৰ লগত জড়িত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ছয়জনীয়া এটা দলে সোমবাৰে উপস্থিত হয়গৈ ৰঙিয়াত (CM Vigilance team in Rangia) ৷

অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি হোৱাৰ বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি প্ৰকাশ হোৱাৰ পাছতে সমষ্টিটোত সাংসদ পুঁজিৰ দ্বাৰা আবন্টিত কেইবাটাও পথ নিৰীক্ষণ কৰে তদন্তকাৰী দলটোৱে । পথসমূহ নিৰীক্ষণ কৰাৰ লগতে দলটোৱে সেই স্থানৰ স্থানীয় লোকৰো ভাষ্য গ্ৰহণ কৰে ।

মন কৰিবলগীয়া যে, সাংসদ পুঁজিৰ আঁচনিৰ জৰিয়তে কাম কৰা বুলি উল্লেখ কৰা স্থানসমূহৰ কোনো এটা স্থানত এখন ফলক পৰ্যন্ত আঁৰি থোৱা তদন্তকাৰী দলটোৱে দেখা নাপালে । তাৰোপৰি সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰা পথৰ কোনো চিন মোকামেই পৰিলক্ষিত নহ’ল স্থানসমূহত (Ajit Kumar Bhuyan MP Fund Scam) ।

এক তথ্যৰ পৰা জানিব পৰা মতে, ৰঙিয়া সমষ্টিৰ ৫ টাকৈ পথ নিৰ্মাণৰ নামত সাংসদ ভূঞাৰ সাংসদ পুঁজিৰ ধনৰ ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ উত্থাপিত হৈছিল । ৰঙিয়াৰ কৃষ্ণ মন্দিৰ পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ, ৰঙিয়া মিলন নগৰ পথ নিৰ্মাণৰ নামত ১৫ লাখ, চেপ্তি-বিহদিয়া পথৰ পৰা নকুছি পথ নিৰ্মাণৰ নামত ১৫.৬০ লাখ, ১ নং তুলসীবাৰীৰ পৰা বঙালী চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ, নকুছি পামৈ চুবা পথৰ পৰা শৰ্মা চুবা পথ নিৰ্মাণৰ নামত ১৫ লাখ, খৈৰাবাৰী বড়ো চুবাৰ পৰা বসুমতাৰী চুবা পথ নিৰ্মাণৰ নামত ১৪ লাখ টকা আবণ্টন দিয়া হৈছিল ।

উল্লেখ্য যে, কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল (Ajit Bhuyan MP fund scheme) ৷ অস্তিত্বহীন কামৰ বাবদ দুৰ্নীতি পৰায়ণ ঠিকাদাৰে জালিয়াতিৰে সাংসদ পুঁজিৰ ধন আত্মসাৎ কৰাৰ দৰে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত হৈছিল ৷

এই তথ্য লাভ কৰাৰ পাছতে ক্ষোভিত হৈ পৰে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ অঞ্চলটোৰ ৰাইজে কৰা অভিযোগ অনুসৰি পাচঁ বছৰৰ পূৰ্বে পথচোৱা এমজিএনৰেগাৰ অধীনত নিৰ্মাণ কৰা হৈছিল ; কিন্তু সাংসদ পুঁজিৰ ধনেৰে এই পথটোত এচপৰাও মাটি পৰা নাই । সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ধন সদব্যৱহাৰ নোহোৱাৰ বিষয়টোত ৰাইজে আশ্বৰ্য প্ৰকাশ কৰে ।

স্থানীয় লোকসকলে জানিবলৈ দিয়া অনুসৰি বিভিন্ন স্থানসমূহত আঁচনিৰ জৰিয়তে ৰূপায়ণ কৰা পথ নিৰ্মাণৰ কথাকে নাজানে স্থানীয় ৰাইজে । সেয়েহে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তকাৰী দলটোৰ জৰিয়তে বিষয়টোক লৈ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: MP Ajit Kumar Bhuyan: মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিকৃষ্ট ষড়যন্ত্ৰ: অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.