ETV Bharat / state

MP Ajit Kumar Bhuyan: মোৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিকৃষ্ট ষড়যন্ত্ৰ: অজিত কুমাৰ ভূঞা

author img

By

Published : Feb 4, 2023, 10:02 PM IST

সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ব্যৱহাৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগৰ পাচতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত । সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদগৰাকীয়ে ৷ সাংসদ পুঁজিৰ প্ৰতিটো টকাৰ ব্যয়ৰ বিস্তাৰিত তথ্য ৰাজহুৱা কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰিছে সাংসদ ভূঞাই (MP Ajit Kumar Bhuyan)৷

MP Ajit Kumar Bhuyan
সাংসদ অজিত কুমাৰ ভূঞা

সাংসদ অজিত কুমাৰ ভূঞা

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী : ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ ব্যাপক অপব্যৱহাৰ হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত অব্যাহত আছে তদন্ত (Allegation against Ajit Kumar Bhuyan)৷ সাংসদ পুঁজি ব্যৱহাৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত অনুসন্ধানৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ইতিমধ্যে আৰম্ভ কৰিছে অভিযান ।

সাংসদ পুঁজি ব্যৱহাৰ হোৱা স্থ‍ানত আজিও অভিযান চলাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে (Assam CM vigilance)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই (MP Ajit Kumar Bhuyan)। আজি দিল্লীত সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাংসদ ভূঞাই কয় -'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সদস্য-সদস্যাৰ নামত থকা প্ৰতিষ্ঠানে চৰকাৰী প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰি আৰু চৰকাৰী বিভাগসমূহৰ পৰা ধন আনি অনুষ্ঠিত কৰা এটাৰ পিছত আনটো অনুষ্ঠানৰ অৰ্থনৈতিক লেনদেনৰ সমস্ত তথ্য ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিবলৈ আহ্বান জনাই মই কৰা কেইটামান মুকলি প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি উলংগ হোৱাৰ ভয়ত এতিয়া মুখ্যমন্ত্ৰীজনে মোৰ সাংসদ পুঁজি ব্যয়ৰ আসোঁৱাহ খুচৰি আমাৰ প্ৰত্যাহ্বানৰ পোতক তোলাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে’’ ৷

তেওঁ লগতে কয় -‘‘ইতিমধ্যে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা সাংসদ পুঁজিৰ ব্যয়ৰ ফাইল তলব কৰাই নি কিছুমান সম্পূর্ণ মিছা অভিযোগ তেওঁৰ একাংশ ভক্ত আৰু ঘনিষ্ঠ জ্যেষ্ঠ ‘সাংবাদিক’ৰ দ্বাৰা সামাজিক মাধ্যমকে ধৰি একাংশ প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰি মোক জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ কৌশল ৰচনা কৰিছে । তেওঁৰ আজ্ঞাবাহী বুলি সকলোৱে জনা এজন ডেকা মন্ত্ৰীৰ হতুৱাই তেওঁৰ ষড়যন্ত্ৰ আগবঢ়াই নিবলৈ বিচৰা হৈছে । ইতিমধ্যে মোৰ সাংসদ পুঁজি সম্পৰ্কত মুখ্যমন্ত্ৰীৰ ‘ভিজিলেন্স চে’ল’ত এটা গোচৰ ৰুজু কৰি বিষয়াসকলক লগাই দিয়া হৈছে আসোঁৱাহ বিচাৰিবলৈ । ইয়াতেই ওলাই পৰে মুখ্যমন্ত্ৰীজন কেনে ধৰণৰ চৰিত্ৰৰ মানুহ’’।

তেওঁ কয় -' আচলতে মুখ্যমন্ত্ৰীজনৰ আচল চৰিত্ৰটো উদঙাই দিয়াটো তেওঁ সহ্য কৰিব পৰা নাই । মই তুলি ধৰা প্ৰশ্নবোৰৰ উত্তৰ তেওঁৰ হাতত আছে, কিন্তু সেইবোৰ ৰাজহুৱা কৰিবলৈ যিকণ সাহস আৰু সততাৰ প্ৰয়োজন সেইকণ তেওঁৰ নাই যে সেই কথা বাৰে বাৰে প্ৰমাণ হৈছে । তেওঁ ভালকৈয়ে জানে যে সেইবোৰ উত্তৰ ৰাজহুৱা হৈ গ'লে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ পাইকাৰী লুণ্ঠনৰ ছবিখন পোহৰলৈ ওলাই আহিব । সেয়ে ভয় । মই অকণো আচৰিত হোৱা নাই কাৰণ ক্ষমতাই মূৰত ধৰা মানুহৰ প্ৰকৃতি এনেকুৱাই হয় । সকলো তেওঁৰ ভৃত্য মন্ত্ৰী-বিধায়ক-সাংবাদিকৰ শাৰীৰ ব্যক্তি বুলি থকা তেওঁৰ ধাৰণা যে ভুল সেই কথা হয়তো তেওঁ উপলব্ধি কৰাৰ সামৰ্থও নাই । মই সদায় সঁচা কথা কৈ আহিছোঁ আৰু কোনো ভয়-ভাবুকি, প্রলোভনে আজিলৈকে মোক কক্ষচ্যুত কৰিব পৰা নাই আৰু নোৱাৰেও’’।

নিজৰ প্ৰতিক্ৰিয়াত সাংসদ ভূঞাই কয় -'এজন মুখ্যমন্ত্ৰী হৈ সাংসদ উন্নয়ন পুঁজিৰ ধন কোনে কেনেকৈ ব্যয় কৰিব পাৰে সেইটো নজনাটো বৰ লাজৰ কথা । সাংসদ উন্নয়ন পুঁজিৰ ধন সাংসদজনে নিজৰ ইচ্ছা মতে ব্যয় কৰিব নোৱাৰে । এখন চৰকাৰী কমিটী থাকে আৰু কমিটীখনক সাংসদজনে কেৱল কোনটো অঞ্চলত কি কাম কৰিব খোজা হৈছে সেইটো জনাই দিব লাগে । ইয়াৰ পিছৰ পৰ্যায়ত সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তজনৰ তত্বাৱধানতহে কামৰ খতিয়ান চাই এই পুঁজি নিৰ্দিষ্ট কামৰ বাবে ধন কেইবাটাও কিস্তিত মোকলাই দিয়া হয় ।

ইয়াত সাংসদ এজনে পুঁজিৰ অপব্যৱহাৰ কৰাৰ সুৰুঙা ক’ত ? মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ এজন জ্যেষ্ঠ সাংবাদিকে মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি লৈ সামাজিক মাধ্যমত হাজোৰ এটা জৰাজীৰ্ণ পথ মোৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা বুলি ফটোসহ তুলি ধৰিছে । সাংবাদিকৰ চৰিত্ৰ যদি এনেকুৱাই হয় তেন্তে আৰু ক'বলৈ কি বাকী থাকিল ? তেওঁলোকে জানি লওক আগতে যে তেওঁলোকে দেখুওৱা পথটো মোৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা পথেই নহয় । উপায়ুক্ত কাৰ্যালয়ৰ পৰা দিছপুৰে লৈ যোৱা ফাইলবোৰ লুটিয়াই চাওক আগতে, সেইটো পথৰ আঁচনি মোৰ সাংসদ পুঁজিৰে সজাৰ কিবা তথ্য বিচাৰি পায় নেকি?’’

তেওঁ লগতে কয়- ‘‘মই প্ৰয়োজন হ’লে মোৰ সাংসদ পুঁজিৰ প্ৰতিটো টকাৰ ব্যয়ৰ বিস্তাৰিত তথ্য ৰাজহুৱা কৰি দিম । কিন্তু এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘকাল স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ থাকোতে ক’ৰ ধন ক’ত ব্যয় কৰিলে, কোন কোন আত্মীয়ক সেইবোৰ কামৰ ঠিকা দিলে আৰু লোক-নিৰ্মাণ বিভাগত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ ঠিকাদাৰৰ বাহিৰে আন কোনোবাই বৃহৎ বৃহৎ ঠিকাৰ কাম পাইছেনে, সেইবোৰ তথ্য ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰী শৰ্মাৰ সাহসে কুলাব নে নাই সেইটোৰো উত্তৰটো দি লওক’’।

তেওঁ কয় -‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) যদি সাহস আছে তেন্তে মই ইয়াৰ আগতে ৰাজহুৱাকৈ উত্থাপন কৰা প্ৰশ্ন কেইটাৰ উত্তৰ ৰাজহুৱাকৈ দিয়ক । আৰু যদি উত্তৰ দিবলৈ ভয় খাইছে সেইটোও ৰাজহুৱাকৈ কৈ দিয়ক । মোক সেই প্ৰশ্নবোৰৰ উত্তৰ লাগিবই’’ ৷ লগতে তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰতি কেতবোৰ প্ৰশ্ন উত্থাপন কৰি কয় - ‘‘মই মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতিৰ সম্পৰ্কত প্ৰত্যাহ্বান জনাই ৰাজহুৱাকৈ তোলা প্ৰশ্নকেইটাৰ পিছতহে মোৰ সাংসদ পুঁজিৰ হিচাপ ল’বলৈ কিয় তৎপৰ হ’ল ? ইয়াৰ আগলৈকে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সাংগোপাংগসকল শুই আছিল নেকি ? এতিয়াহে ‘ভিজিলেন্স'ত গোচৰ তৰিবলৈ ৰৈ আছিল কিয় ? এয়াই আপোনালোকৰ চৰিত্ৰ নেকি ? আপোনালোকৰ বিৰুদ্ধে মাত মাতিলেই পুলিচ, ই ডি, চি বি আই লগাই বিৰোধীৰ কণ্ঠ ৰূদ্ধ কৰিবলৈ আপোনালোক তৎপৰ হৈ পৰে ।

সাংসদ পুঁজিৰ কামত সাংসদ হিচাপে মোৰ কোনো ভূমিকাই নাই । এই পুঁজিৰ কাম তদাৰক কৰিবলৈ চৰকাৰে কমিটী গঠন কৰি দিছে য’ত বেছিভাগেই আপোনালোকৰ বাছনিত উঠা অফিচাৰ । তেওঁলোকেই সমস্ত তদাৰক কৰে আৰু উপায়ুক্তজনে কামৰ খতিয়ান চাই কাম কৰা ঠিকাদাৰক ধন মোকলাই দিয়ে । যদি গণ্ডগোল হৈছে তেন্তে সেয়া আপোনালোকৰ বাছনিত উঠা অফিচাৰ সকলেহে কৰিব পাৰে । কিন্তু মোৰ দৃঢ় বিশ্বাস যে অফিচাৰসকল সৎ অফিচাৰ, তেওঁলোকে তেনে বিত্তীয় গণ্ডগোল কৰিব নোৱাৰে । শেষত মই আহ্বান জনাম যাতে মোৰ সৈতে থকা ৰাজনৈতিক শত্ৰুতাৰ বাবে এইসকল আমোলাৰ বিৰুদ্ধে আপোনালোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে । তাৰ পৰিৱৰ্তে আপোনালোকৰ কু-অভিসন্ধি চৰিতাৰ্থ কৰিবলৈ যদি প্ৰয়োজন হয় তেন্তে সাহসেৰে মোকেই গ্ৰেপ্তাৰ কৰকহি । মই সাজু আছোঁ । মোৰ বাবে এইবোৰ নতুন কথা বুলি মই অন্ততঃ নাভাবো’’ ৷

লগতে পঢ়ক: Crackdown Against Child Marriage : বাল্যবিবাহ ইমানদিনে কেনেকৈ বৈধভাৱে চলি আছিল ? নেকিবুৰ জামানৰ প্ৰশ্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.