ETV Bharat / state

Crackdown Against Child Marriage : বাল্যবিবাহ ইমানদিনে কেনেকৈ বৈধভাৱে চলি আছিল ? নেকিবুৰ জামানৰ প্ৰশ্ন

author img

By

Published : Feb 4, 2023, 8:22 PM IST

ই টিভি ভাৰতৰ আছুতীয়া স‍ক্ষাৎকাৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান (Advocate Nekibur Zaman)। আজিৰ এই পৰিস্থিতিৰ বাবে জগৰীয়া চৰকাৰ তথা পুলিচ-প্ৰশাসন । বছৰৰ পাছত বছৰ ধৰি চলি অহা আইনমতে দণ্ডনীয় বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এই বেআইনী প্ৰক্ৰিয়া ৰোধ হোৱা নাই । চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰা নাই যদিও সময় আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰখাৰ আহ্বান ।

Crackdown Against Child Marriage
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী : ৰাজ্যখনত কাহানিও নেদেখা এক পৰিৱেশে বিৰাজ কৰিছে । ৰাজ্যৰ প্ৰতিখন জিলাতেই কেৱল কান্দোনৰ ৰোল । কোনোবাই যদি কোলাত কেচুৱা লৈ নাইবা গৰ্ভত সন্তান লৈ কান্দোনত ভাগি পৰিছে আন কোনোবাই আকৌ আৰক্ষী থানাৰ সন্মুখত কান্দি কান্দি প্ৰতিবাদ কৰিছে । মুঠতে সকলো ফালেই দেখা গৈছে কান্দোনৰ ৰোল ।

বাল্যবিবাহৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা আৰক্ষীৰ যুদ্ধসদৃশ অভিযানৰ পাছতে সৰ্বত্ৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ৰাজ্যজুৰি বাল্যবিবাহৰ বিৰুদ্ধে হাজাৰ হাজাৰ গোচৰ ৰুজু হোৱা লগতে বৃহস্পতিবাৰৰ পৰা এই পৰ্যন্ত প্ৰায় 2500 স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে (Crackdown against child marriage Assam)। অপৰাধ- ১৮ বছৰৰ তলৰ ছোৱালীৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা । যি অপৰাধৰ বাবে বৰ্তমান স্বামীসকল গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে ( Husband arrest Assam )।

বাল্যবিবাহ আইন মতে দণ্ডনীয় যদিও ইয়াৰ বিৰুদ্ধে পূৰ্বে কেতিয়াও এনেদৰে অভিযান চলোৱা হোৱা নাছিল । কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে বাল্যবিবাহৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ পাছতে বৃহস্পতিবাৰৰ পৰা আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান । হঠাতে হোৱা এই অভিযানৰ লগে লগে ৰাজ্যজুৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । বাল্যবিবাহৰ বিৰুদ্ধে হঠাতে চলা এই অভিযানক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

এই সমগ্ৰ বিষয় আৰু বৰ্তমানৰ প্ৰেক্ষাপট সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ (Advocate Nekibur Zaman) আছুতীয়া সাক্ষাতকাৰ গ্ৰহণ কৰা হৈছিল । সাক্ষাতকাৰত তেওঁ আজিৰ এই পৰিস্থিতিৰ বাবে চৰকাৰ তথা পুলিচ-প্ৰশাসনক মূলতঃ জগৰীয়া কৰে । বছৰৰ পাছত বছৰ ধৰি চলি অহা আইন মতে দণ্ডনীয় বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এই বেআইনী প্ৰক্ৰিয়া ৰোধ হোৱা নাই ৷

আনহাতে বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে বিশেষ কোনোধৰণৰ সজাগতা মূলক পদক্ষেপো গ্ৰহণ কৰা নাই । তেওঁ কয় যে দাৰিদ্ৰতা, অজ্ঞানতা আদিকে ধৰি বিভিন্ন কাৰণ তথা বিভিন্ন পৰিৱেশ-পৰিস্থিতিত ৰাজ্যত বাল্যবিবাহ চলি আহিছে । তেওঁ লগতে কয়, ‘‘বাল্যবিবাহ অবৈধ । কিন্তু অবৈধ বাল্যবিবাহ ইমানদিনে বৈধভাৱে কেনেকৈ চলি আছিল ? ইয়াত চৰকাৰৰ গাফিলতি আছে । বিবাহ কৰোৱাসকলৰ বিৰুদ্ধেও ব্যৱস্থা ল'ব লাগিব । কিন্তু বৰ্তমান বাল্যবিবাহৰ বিৰুদ্ধে চলা অভিযানৰ ফলত যি পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ দ্বাৰা সমাজখনৰ ক্ষতি হ'ব’’ ।

নেকিবুৰ জামানে লগতে কয় ‘‘বাল্যবিবাহ অবৈধ যদিও স্বামীসকল অবৈধ নহয় । সমগ্ৰ প্ৰক্ৰিয়াটোক লৈ সমাজত বিৰূপ প্ৰতিক্ৰিয়া হৈছে’’ । তেওঁ লগতে কয়, ‘‘চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰা নাই যদিও সময় আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰখা উচিত । স্বামীক হঠাতে লৈ গ’লে ঘৰখন কেনেকৈ চলিব ? পত্নী-সন্তানৰ কি হ'ব সেই কথা অনুধাৱন কৰা উচিত’’৷ অৰুণোদয় আঁচনিৰ দ্বাৰা এটা পৰিয়াল কেতিয়াও চলিব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে বিষয়টো বিশ্লেষণ কৰিব লাগিব । চৰকাৰৰ গাফিলতিৰ বাবেই ইমানদিনে বাল্যবিবাহ হৈ আহিছে । চৰকাৰে নিজৰ গাফিলতিৰ শুধৰণি কৰি ভৱিষ্যতে যাতে আৰু বাল্যবিবাহ নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰক বুলি তেওঁ কয় ।

সমগ্ৰ বিষয়টো সামাজিক দৃষ্টিভংগীৰে চাব লাগিব বুলি সদৰী কৰি তেওঁ কয় যে সময়ত আইন কাৰ্যকৰী কৰা হ'লে আজিৰ এই পৰিস্থিতি নহ'লহেতেন । কেৱল গ্ৰেপ্তাৰ কৰিলেই সমস্যাৰ সমাধান নহয়, বৰং সমস্যাৰ বৃদ্ধিহে হ'ব বুলি তেওঁ কয় ।

লগতে পঢ়ক: Crackdown Against Child Marriage: বাল্যবিবাহ বিৰোধী অভিযানক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা আছাদউদ্দিন ওৱেছিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.