Bhabesh Kalita: অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত কাৰ্যকৰ্তাৰ বিৰুদ্ধে কঠোৰ বিজেপি

By

Published : May 19, 2023, 9:40 PM IST

thumbnail

গুৱাহাটী, 19 মে’: ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত বিষয়ববীয়া সভা ৷ কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে বিজেপিৰ জনসম্পৰ্ক অভিযান সন্দৰ্ভত আয়োজন কৰা হয় এই বিষয়ববীয়া সভাৰ ৷ 30 মে’ৰ পৰা 30 জুনলৈ চলিব এই জনসম্পৰ্ক অভিযান ৷ প্ৰতিখন জিলা, প্ৰতিটো বিধানসভা, লোকসভা সমষ্টি, প্ৰতিটো মণ্ডলত হ’ব জনসম্পৰ্ক অভিযান (BJP Jana Sampark Abhiyaan) ৷  

এই সন্দৰ্ভত শুকুৰবাৰে অনুষ্ঠিত হোৱা বিষয়ববীয়া সভাত বিতংকৈ আলোচনা কৰা হয় ৷ এই সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা (Baijayant Jay Panda), ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে জিলা সভাপতি, প্ৰভাৰী আৰু সহ-প্ৰভাৰীসকল ৷ সভাৰ অন্তত ভৱেশ কলিতাই শনিবাৰে অনুষ্ঠিত হ’বলগীয়া কাৰ্যনিৰ্বাহক সন্দৰ্ভত আলোচনা কৰাৰ কথা সদৰী কৰে (Assam BJP state president) ৷ 

ইফালে, কাইলৈ সন্ধিয়া অনুষ্ঠিত হ’ব ক’ৰ কমিটিৰ বৈঠক ৷ বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে বিভিন্ন অপৰাধমূলক কাৰ্যৰ লগত জড়িত হোৱা বিষয়ত সাংবাদিকে সোধা এক প্ৰশ্ন উত্তৰত কলিতাই কয় যে, বিজেপিত দাগী মানুহৰ দ্বাৰা দল পৰিচালনা নকৰো ৷ অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত কাৰ্যকৰ্তাৰ বিৰুদ্ধে কঠোৰ বিজেপি ৷ প্ৰমাণ পালেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

লগতে পঢ়ক: Assam cabinet decisions: গুৱাহাটীত দেশৰ দ্বিতীয় দীৰ্ঘতম উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে পুঁজি অনুমোদন চৰকাৰৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.