Nimati Kamalabari ferry services : নিমাতী-কমলাবাৰী ঘাটৰ ফেৰী চলাচলৰ নতুন সময়সূচী ঘোষণা

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 10:08 AM IST

thumbnail

মাজুলী, 30 ছেপ্টেম্বৰ : সত্ৰ নগৰী মাজুলীৰ কমলাবাৰী নিমাতী পাৰ ঘাটৰে পাৰাপাৰ হোৱা যাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ । নিমাতী-কমলাবাৰী ঘাটৰে পাৰাপাৰ হোৱা যাত্ৰীৰ বাবে ফেৰীৰ নতুন সময়সূচী ঘোষণা কৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগে । 1 অক্টোবৰ পৰা প্ৰযোজ্য হ’ব এই নতুন সময়সূচী ।

বিশেষকৈ বিয়লি ভাগৰ ফেৰী চলাচলৰ সময় কিছু সাল-সলনি কৰা হৈছে ৷ ঋতু সলনি হোৱাৰ হেতুকে বৰ্তমান দিন চুটি হ’বলৈ ধৰিছে ৷ ফলত সোনকালে আন্ধাৰ নাহে ৷ এনে হোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ জলস্তৰো হ্ৰাস পাইছে ৷ ফলত ফেৰী চলাচলত অসুবিধা সন্মুখীন হৈছে জন পৰিবহন বিভাগ ।

যোৱা কেইটা দিনত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে নিমাতী আৰু কমলাবাৰী ঘাটত চলাচল কৰা কেইবাখনো ফেৰী নদীৰ মাজত থকা বালি চৰত আবদ্ধ হ’ব লগাত পৰিছিল ।

লগতে পঢ়ক : Save Deepar Beel: পৰিভ্ৰমী পক্ষীৰ লগতে দীপৰ বিলত হ্ৰাস থলুৱা চৰাইৰ সংখ্যা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.