ETV Bharat / state

আপুনি বজাৰলৈ গৈ শুৱালকুছিৰ পাট-মুগাৰ কাপোৰ কেনেকৈ চিনাক্ত কৰিব ? - Sualkuchi Silk Weaving

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 8:59 PM IST

Silks of Assam : আপুনি কেনেকৈ চিনাক্ত কৰিব ক্ৰয় কৰিবলৈ যোৱা পাট মুগা কাপোৰযোৰ শুৱালকুছিৰ হয় নে নহয় ? কেৱল পখিলা চিহ্ন থকা চিল্ক মাৰ্ক থাকিলেই সেইযোৰ কাপোৰ শুৱালকুছিৰ নহয় !

ASSAM SILK VILLAGE
শুৱালকুছিৰ পাট মুগা কেনেকৈ চিনাক্ত কৰিব (ETV BHARAT ASSAM)

শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, 22 মে’ : আপুনি বজাৰলৈ গৈ শুৱালকুছিৰ পাট মুগা কেনেকৈ চিনাক্ত কৰিব ৷ আপুনি ক্ৰয় কৰা চিল্কমাৰ্কযুক্ত প্ৰতিযোৰ কাপোৰেই বিশুদ্ধ হয়নে, শুৱালকুছিৰ হয়নে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷ কিয়নো একাংশ অসাধু ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ কাপোৰত চিল্কমাৰ্ক ব্যৱহাৰ কৰি গ্ৰাহকক ঠগি অহাৰ অভিযোগ উত্থাপন কৰিছে শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিয়ে ৷ কেনেকৈ চিনাক্ত কৰিব আপুনি ক্ৰয় কৰিবলৈ যোৱা পাট-মুগা কাপোৰযোৰ শুৱালকুছিৰ হয়নে নহয় ? এই বিষয়ে জানো আহক আমাৰ এই প্ৰতিবেদনত ৷

শুৱালকুছিৰ পাট-মুগা কাপোৰত কি চিহ্ন থাকে যাৰ জৰিয়তে আপুনি কাপোৰযোৰ চিনাক্ত কৰিব ? শুৱালকুছিৰ পাট-মুগা কাপোৰত চিল্কমাৰ্কৰ লগতে চিল্ক টেষ্টিং ৰিপৰ্ট, থ্ৰী ডি হল’গ্ৰাম আৰু শিপিনীৰ 10 টা সংখ্যাযুক্ত বাৰ কোড থাকিব ৷ এইদৰে আপুনি শুৱালকুছিৰ কাপোৰ চিনাক্ত কৰিব পাৰিব ৷ কেৱল পখিলা চিহ্ন থকা চিল্ক মাৰ্ক থাকিলে সেইযোৰ কাপোৰ শুৱালকুছিৰ নহয় ৷ শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ সভাপতি ড৹ নিহাৰ ৰঞ্জন কলিতা, সম্পাদক বলেন দাস আৰু সদস্য মানস জ্যোতি বৈশ্যই আজি এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে ৷

তেওঁলোকে জনোৱা অনুসৰি চেন্ট্ৰেল চিল্ক বৰ্ডে এটা পখিলাযুক্ত যি ষ্টিকাৰ দিয়ে সেয়া চিল্ক মাৰ্ক ৷ কাপোৰ উৎপাদনকাৰীকহে চিল্ক মাৰ্ক দিব লাগে ৷ কিন্তু চেন্ট্ৰেল চিল্ক বৰ্ডে ধনৰ বিনিময়ত মধ্যভোগী আৰু ব্যৱসায়ী সকলকো প্ৰদান কৰিছে এই চিল্ক মাৰ্ক ৷ যাৰ ফলত মুনাফা আদায়ৰ স্বাৰ্থত পলিষ্টাৰৰ কাপোৰতো চিল্কমাৰ্ক লগাই শুৱালকুছিৰ কাপোৰ বুলি বিক্ৰী কৰি গ্ৰাহকক ঠগি আহিছে বুলি সময়ে সময়ে অভিযোগ উত্থাপন হৈ আহিছে ৷

লগতে পঢ়ক : চাৰি হাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰা মহিলা আজি লাখপতি - Self Reliant Woman

লগতে পঢ়ক : ২ লাখৰো অধিক মূল্যত ক্ৰয় এখন ফুলাম গামোচা ! বিশেষত্ব কি এই ফুলাম গামোচাখনৰ - Expensive Gamosa

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.