ETV Bharat / entertainment

চিকিৎসালয়ৰ পৰা অব্যাহতি বলীউডৰ কিং শ্বাহৰুখক - SHAH RUKH KHAN HOSPITALISED

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 8:04 PM IST

SRK Discharged from Hospital: 21 মে’ত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আই পি এলৰ প্ৰথমখন কোৱালিফাইং মেচ কে কে আৰ আৰু এছ আৰ এইচৰ মাজত অনুষ্ঠিত হয় । য’ত বলীউডৰ অভিনেতা শ্বাহৰুখ খানে নিজৰ দল কে কে আৰক সমৰ্থন কৰিবলৈ উপস্থিত আছিল । খেলখনৰ পাছত শ্বাহৰুখৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু আহমেদাবাদৰ কে ডি হাস্পতালত ভৰ্তি হ’বলগীয়া হয় ।

SHAH RUKH KHAN HOSPITALISED
SRK Discharged from Hospital (ANI)

নিউজ ডেস্ক, 22 মে’: বলীউডৰ কিং শ্বাহৰুখ খানৰ অনুৰাগীৰ বাবে আছে এটা ভাল খবৰ ৷ শাৰীৰিক অসুস্থতাৰ বাবে হঠাৎ চিকিৎসালয়ত ভৰ্তি হোৱা কিং খান ক্ৰমাৎ সুস্থ হৈ উঠিছে ৷ বুধবাৰে দুপৰীয়া প্ৰায় 1 বজাত তেওঁক আহমেদাবাদৰ কে ডি হাস্পতাললৈ লৈ যোৱা হয় । অৱশ্যে প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত কিং খানক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় ৷ বৰ্তমান তেওঁৰ স্বাস্থ্য সুস্থিৰ । শীঘ্ৰে আৰোগ্য লাভৰ বাবে তেওঁক পৰ্যাপ্ত জিৰণি ল’বলৈ পৰামৰ্শ দিছে চিকিৎসকে ।

ডিহাইড্ৰেচনত ভুগিছিল শ্বাহৰুখ খানে

মঙলবাৰে আহমেদাবাদত অনুষ্ঠিত হোৱা কোৱালিফাইং 1 মেচত কেকেআৰে জয়লাভ কৰে । এই বিজয় উদযাপন কৰাৰ পিছত শ্বাহৰুখ খানে প্ৰচণ্ড গৰমৰ বাবে ডিহাইড্ৰেচনত ভুগি আহমেদাবাদৰ কে ডি হাস্পতালত ভৰ্তি হ’বলগীয়া হয় । কিং খানৰ লগতে কালি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম প্লে’ অফ চাবলৈ খেলপথাৰত তেওঁৰ কন্যা চুহানা খান, আব্ৰাম, অনন্যা পাণ্ডে, শনয়া কাপুৰৰ দৰে তাৰকা সন্ততিকো উপস্থিত থকা দেখা গৈছিল ।

লগতে পঢ়ক: কেতিয়াবা যদি নমস্কাৰ, কেতিয়াবা ফ্লাইং কিছ, আনন্দত আত্মহাৰা কিং খান - KKR Vs SRH

অত্যধিক গ্ৰীষ্ম প্ৰবাহ আহমেদাবাদত: প্ৰচণ্ড গৰমৰ মাজতে এছ আৰ কেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আহমেদাবাদত তাপমাত্ৰা প্ৰায় ৪৫ ডিগ্ৰীলৈ বৃদ্ধি পাইছে । বতৰ বিজ্ঞান বিভাগে মহানগৰীখনত ৰেড এলাৰ্ট জাৰি কৰি নাগৰিকসকলক বতৰৰ পৰিস্থিতিৰ সতৰ্ক কৰি দিছে ।

কিং খানৰ শেহতীয়া তিনিখন ছবি পাঠান, জৱান আৰু ডাংকিৰ সফলতাই চলচ্চিত্ৰ জগতত জোৱাৰ আনিছিল ৷ তিনিওখন ছবিয়েই ব্লকবাষ্টাৰত পৰিণত হয় । চিনেমাৰ উপৰিও অভিনেতাগৰাকীয়ে আই পি এলৰ ফ্ৰেঞ্চাইজি কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে ৷ যিয়ে মঙলবাৰে ছান ৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি আই পি এল 2024 ৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ তদুপৰি ছুপাৰষ্টাৰগৰাকীয়ে তেওঁৰ আগন্তুক ছবি কিঙত অভিনয় কৰিবলৈ সাজু হৈছে, য’ত তেওঁ ডন হিচাপে চৰিত্ৰ ৰূপায়ন কৰিব ।

লগতে পঢ়ক: Lok Sabha Election 2024: সপৰিয়ালে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে কিং খানে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.