Save Deepar Beel: পৰিভ্ৰমী পক্ষীৰ লগতে দীপৰ বিলত হ্ৰাস থলুৱা চৰাইৰ সংখ্যা

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 9:58 AM IST

thumbnail

গুৱাহাটী, 28 ছেপ্টেম্বৰ: পৰিভ্ৰমী চৰাইৰ বাবে জনাজাত গুৱাহাটীৰ দীপৰ বিলত এইবাৰ আগমন হোৱা নাই পৰিভ্ৰমী পক্ষীৰ । পৰিভ্ৰমী পক্ষী দূৰৈৰ কথা দীপৰ বিলত থলুৱা চৰাইৰ সংখ্যাও হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । 7weave Research Foundation নামৰ সংগঠনটোৰ এটা চাৰিজনীয়া দলে কিছুদিন পূৰ্বে দীপৰ বিলত চলোৱা বিজ্ঞানসন্মত জৰীপত এই উদ্বেকজনক তথ্য প্ৰকাশ পাইছে ।

এই সন্দৰ্ভত ETV Bharat ৰ‌ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই কয় যে কিছুদিন পূৰ্বে সংগঠনটোৱে দীপৰ‌ বিলৰ চৌপাশ জালুকবাৰী, ধাৰাপুৰ, আজৰা, বৰাগাঁৱত চৰাইৰ জৰীপ চলাইছিল । এই জৰীপত পৰিভ্ৰমী চৰাই দূৰৈৰ কথা দীপৰ বিলত থলুৱা চৰাইৰ সংখ্যা হ্ৰাস পাইছে ।

তেওঁ কয় যে দীপৰ বিলত চৰকাৰে নাও খেল আয়োজন কৰাৰ নামত বিলৰ পানী আৱদ্ধ কৰি ৰাখিছে । বিলখনৰ পানী ব্ৰহ্মপুত্ৰলৈ যোৱা পথটো বন্ধ কৰি দিছে । বিলত এতিয়া‌ পানী বেছি হোৱাৰ বাবে বিলত হাতী অহাটোও বন্ধ হৈ পৰিছে ।

লগতে পঢ়ক : Advocate turns Blacksmith : জীৱনৰ ছন্দ বিচাৰি কোৰ্টৰ মজিয়াৰ পৰা কমাৰশাললৈ এজন ব্যক্তিৰ পৰিক্ৰমা 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.