ETV Bharat / bharat

চাৰধাম যাত্ৰালৈ গৈ ১৩ দিনত ৪২ গৰাকী ভক্তৰ মৃত্যু - Devotees died in Chardham Yatra

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 8:40 PM IST

42 devotees died in Chardham: উত্তৰাখণ্ডত এই বছৰৰ চাৰধাম যাত্ৰাত এতিয়ালৈকে ৪২ গৰাকী ভক্তৰ মৃত্যু হৈছে । উত্তৰাখণ্ডত চাৰধাম যাত্ৰালৈ অহাৰ পূৰ্বে ভক্তসকলৰ স্বাস্থ্য পৰীক্ষা কৰাব লাগে আৰু সুস্থ হোৱাৰ পিছতহে চাৰধাম যাত্ৰালৈ আহিব লাগে বুলি চৰকাৰৰ তৰফৰ পৰা নিৰন্তৰ আহ্বান জনাইছে ।

42 devotees died in Chardham
DEVOTEES DIED IN CHARDHAM YATRA (ETV Bharat Assam)

নিউজ ডেস্ক, ২২ মে’: যোৱা ১০ মে’ত গংগোত্ৰী-যমুনোত্ৰী আৰু কেদাৰনাথ ধামৰ দুৱাৰ মুকলিৰ লগে লগেই আৰম্ভণি হৈছিল উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰা । যোৱা ১২ মে'ত বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি কৰা হয় । এই ১৩ দিনত ৮ লাখৰো অধিক ভক্তই চাৰধাম ভ্ৰমণ কৰাৰ বিপৰীতে এই যাত্ৰাৰ সময়ত ৪২ জন ভক্তৰ মৃত্যুও হৈছে ।

উত্তৰাখণ্ডৰ ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ পৰা পোৱা তথ্য অনুসৰি যোৱা ২২ মে’ৰ সন্ধিয়া ৫.৩০ বজালৈকে চাৰিধাম (যমুনোত্ৰী, গংগোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ)ত ৪২ জন ভক্তৰ মৃত্যু হৈছে । ২২ মে' বুধবাৰেও তিনিজন ভক্তৰ মৃত্যু হয় । কেদাৰনাথ ধামত সৰ্বাধিক ১৯ জন লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক: বৈদিক ৰীতি-নীতিৰে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ - Chardham Yatra 2024

কেদাৰনাথ ধামৰ পিছত যমুনোত্ৰী ধামত ১২ জন, বদ্ৰীনাথত ৯ জন আৰু গংগোত্ৰী ধামত ২ জন তীৰ্থযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে । চাৰধাম যাত্ৰাৰ সময়ত প্ৰাণ হেৰুওৱা সকলো ভক্তৰ বয়স ৫৫ বছৰতকৈও অধিক বুলি কোৱা হৈছে । অধিকাংশ ভক্তৰ মৃত্যুৰ কাৰণ হৃদৰোগ আৰু অন্যান্য ৰোগ বুলি কোৱা হৈছে ।

চাৰধাম যাত্ৰাৰ সময়ত ভক্তৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাটো চৰকাৰৰ বাবে চিন্তনীয় বিষয় হৈ পৰিছে । এই কাৰণেই চৰকাৰে স্বাস্থ্য পৰীক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ।

লগতে পঢ়ক: ভক্তৰ বাবে মুকলি চাৰ ধামৰ অন্যতম বদ্ৰীনাথৰ দুৱাৰ - Badrinath Dham Kapat Open

উত্তৰাখণ্ড চৰকাৰে চাৰধাম যাত্ৰাত অহা ভক্তসকলক বিশেষকৈ ৫৫ বছৰৰ ওপৰৰ তীৰ্থযাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰিবলৈ জৰুৰী আহ্বান জনাই আহিছে । লগতে চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে যদি চিকিৎসকে তীৰ্থযাত্ৰীক চাৰধাম যাত্ৰাত যাবলৈ নিদিয়ে, তেন্তে তেওঁলোকে সুস্থ হৈ উঠিহে যাত্ৰালৈ আহিব লাগে । অৱশ্যে চিকিৎসকৰ পৰামৰ্শক আওকাণ কৰি "চেল্ফ ৰিস্ক" প্ৰ-পত্ৰ পূৰণ কৰি একাংশ ভক্তই চাৰধাম তীৰ্থযাত্ৰাত নামিছে ।

উল্লেখ্য যে যমুনোত্ৰী ধাম পোৱাৰ বাবে তীৰ্থযাত্ৰীসকলে প্ৰায় ৫ কিঃমিঃ পথ অতিক্ৰম কৰিব লাগিব । কেদাৰনাথ ধামৰ কথা ক’বলৈ গ’লে ইয়াৰ ভক্তসকলে বাবাৰ মন্দিৰলৈ যাবলৈ প্ৰায় ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ খোজকাঢ়িব লাগিব । এনে পৰিস্থিতিত পাহাৰীয়া অঞ্চল আৰু অত্যন্ত ঠাণ্ডাৰ বাবে বহু সময়ত বয়সীয়া ভক্ত আৰু অন্যান্য ৰোগত আক্ৰান্তসকলৰ শৰীৰ বিকল হৈ পৰে, যাৰ বাবে প্ৰতিকূল পৰিস্থিতিতো মৃত্যুমুখত পৰে ।

লগতে পঢ়ক: এতিয়া আৰু চাৰধামত ভিডিঅ' কৰিব নোৱাৰিব ভক্তই ! - Ban on mobile in Chardham

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.