ETV Bharat / bharat

ভক্তৰ বাবে মুকলি চাৰ ধামৰ অন্যতম বদ্ৰীনাথৰ দুৱাৰ - Badrinath Dham Kapat Open

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 9:44 AM IST

Badrinath Dham : মুকলি হ'ল বিশ্ব প্ৰসিদ্ধ বদ্ৰীনাথ ধামৰ দুৱাৰ । ১২ মে'ৰ পুৱা ৬ বজাৰ লগে লগে ভক্তৰ বাবে ধামৰ দুৱাৰ মুকলি কৰা হয় । শ শ ভক্তই ভিৰ কৰিছে ।

Badrinath Dham Kapat Open
ভক্তৰ বাবে মুকলি চাৰ ধামৰ অন্যতম বদ্ৰীনাথৰ দুৱাৰ (ETV Bharat)

ভক্তৰ বাবে মুকলি চাৰ ধামৰ অন্যতম বদ্ৰীনাথৰ দুৱাৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, ১২ মে' : দেশত চাৰ ধাম যাত্ৰা আৰম্ভ হৈছে । ভক্তৰ বাবে ইতিমধ্যে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি হৈছে । চাৰ ধামৰ অন্যতম বদ্ৰীনাথ ধামৰ দুৱাৰো ভক্তৰ বাবে মুকলি কৰা হয় । ১২ মে'ৰ পুৱা ৬ বজাৰ লগে লগে নিৰ্দিষ্ট ৰীতি-নীতিৰ জৰিয়তে বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি কৰা হয় ।

সেনাৰ বেণ্ড আৰু ভগৱান বদ্ৰীনাথৰ ভক্তসকলৰ উপস্থিতিত দুৱাৰ মুকলি কৰা হয় । এতিয়া পৰৱৰ্তী ৬ মাহৰ বাবে ভক্তসকলে বদ্ৰীনাথ ধাম দৰ্শন কৰিব পাৰিব । বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি কৰাৰ সময়ত ভক্তসকলৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা যায় ।

উল্লেখ্য যে গংগোত্ৰী, যমুনোত্ৰী আৰু কেদাৰনাথ মন্দিৰৰ দুৱাৰ ইতিমধ্যে ১০ মে'ত মুকলি কৰা হৈছে । বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি ভক্তসকলে ভগৱান বদ্ৰীক দৰ্শনৰ আগ্ৰহী আছিল । সকলোৰে জ্ঞাত যে, বদ্ৰীনাথক ভু বৈকুণ্ঠ ধাম বুলিও কোৱা হয় । এই ধাম চামোলি জিলাৰ অলকানন্দা নদীৰ পাৰত অৱস্থিত । যি হৈছে হিন্দুসকলৰ এক মুখ্য তীৰ্থস্থান, যি ভগৱান বিষ্ণুক উৎসৰ্গিত ।

বদ্ৰীনাথ মন্দিৰ চৌহদত ১৫ টা মূৰ্তি আছে । তাৰ ভিতৰত ভগৱান বিষ্ণুৰ এক মিটাৰ ওখ ক'লা শিলৰ মূৰ্তি অন্যতম । বদ্ৰীনাথ ধামত, বদ্ৰীনাথ বিশাল অৰ্থাৎ ভগৱান বিষ্ণু ধ্যানৰ ভঙ্গীত বহি আছে । যাৰ সোঁফালে কুবেৰ, লক্ষ্মী আৰু নাৰায়ণৰ মূৰ্তিবোৰ সুশোভিত কৰা হৈছে ।

বদ্ৰীনাথ ধামত, ভগৱান বদ্ৰী নাৰায়ণৰ ৫ প্ৰকাৰৰ উপাসনা কৰা হয় । ভগৱান বিষ্ণুৰ এই পাঁচটা ৰূপক 'পঞ্চ বদ্ৰী' বুলিও জনা যায় । উল্লেখ্য যে প্ৰতি বছৰে চাৰ ধাম যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে উত্তৰাখণ্ডৰ কেদাৰনাথ, বদ্ৰীনাথ ধাম, গংগোত্ৰী আৰু যমুনোত্ৰীলৈ লাখ লাখ লোকৰ আগমন হয় । যাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰো ৰাজ্য চৰকাৰে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । ভক্তসকলক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে চৰকাৰ ।

লগতে পঢ়ক :বৈদিক ৰীতি-নীতিৰে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ - Chardham Yatra 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.