ETV Bharat / bharat

বৈদিক ৰীতি-নীতিৰে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ - Chardham Yatra 2024

author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 1:29 PM IST

Kedarnath Temple Kapat Open : বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত একাদশ জ্যোতিৰ্লিংগ কেদাৰনাথ ধামৰ দুৱাৰ আজি বৃষ লগ্নত ৰীতি-নীতিৰে মুকলি কৰা হয় । আজি পুৱা ৭.১৫ বজাত বৈদিক মন্ত্ৰোচ্চাৰণৰ জৰিয়তে ভক্তসকলৰ বাবে বাবা কেদাৰৰ দুৱাৰ মুকলি কৰা হয় । এই সময়ছোৱাত সমগ্ৰ কেদাৰপুৰীত ‘বম-বম ভোলে’, ‘জয় বাবা কেদাৰ’ৰ ধ্বনি শুনিবলৈ পোৱা যায় । চাৰিওফালৰ পৰিৱেশটো ভক্তিমূলক হৈ পৰে । ইয়াৰ লগে লগে উত্তৰাখণ্ডত আৰম্ভ হ’ল চাৰধাম যাত্ৰা ২০২৪ ।

Kedarnath Temple Kapat Open, Chardham Yatra 2024
মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ (ETV BHARAT)

মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ (ETV BHARAT)

নেশ্যনেল ডেস্ক, 10 মে’ : নিয়ম আৰু পৰম্পৰা অনুসৰি আজি পুৱা ৭:১৫ বজাত বিশ্ববিখ্যাত কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰা হয় । এই উপলক্ষে মন্দিৰটো ২৪ কুইণ্টল ফুলেৰে সজাই তোলা হয় । কেদাৰনাথ ধামৰ দুৱাৰ শংকৰাচাৰ্য অবিমুক্তেশ্বৰানন্দ, কেদাৰনাথ ৰাৱাল ভীমশংকৰ লিংগ, প্ৰধান পুৰোহিত শিৱ শংকৰ লিংগ, প্ৰশাসন, বিকেটিচীৰ বিষয়া আৰু শতাধিক তীৰ্থযাত্ৰীৰ উপস্থিতিত মুকলি কৰা হয় ।

মুকলি হ’ল কেদাৰনাথ মন্দিৰৰ দুৱাৰ :

প্ৰথমে, প্ৰশাসনৰ উপস্থিতিত মুখ্য গেটৰ তলা খোলা হয় । ইয়াৰ পাচত, গৰ্ভগৃহৰ দুৱাৰ খোলা হয় । গৰ্ভগৃহত, ৰাৱাল আৰু মুখ্য পুৰোহিতৰ উপাসনাৰে সাধাৰণ দৰ্শন আৰম্ভ হয় । প্ৰথম দিনটোত, ৰাতিপুৱাৰ পৰা সন্ধিয়া 5 বজালৈ নিৰন্তৰ দৰ্শন অব্যাহত থাকিব । ইয়াৰ পিচত, শনিবাৰে, 11 মে'ত, কেদাৰনাথত ৰক্ষক দেৱতা হিচাপে ভগৱান ভৈৰৱনাথৰ দুৱাৰ মুকলি কৰাৰ সৈতে কেদাৰনাথ মন্দিৰত বাবা কেদাৰৰ আৰতি আৰু ভোগ প্ৰসাদ প্ৰণালী আৰম্ভ হ'ব ।

Kedarnath Temple Kapat Open, Chardham Yatra 2024
নিৰাপত্তা ব্যৱস্থা (ETV BHARAT)

বাবা কেদাৰৰ পাল্কী ৯ মে’ত কেদাৰনাথত উপস্থিত হৈছিল :

৯ মে’ত বিশ্ববিখ্যাত একাদশ জ্যোতিৰ্লিংগ ভগৱান কেদাৰনাথৰ চলন্ত মূৰ্তি পঞ্চমুখী ডোলি কেদাৰনাথ ধামত উপস্থিত হয় । য'ত ভক্তসকলে 'ওম নম শিৱায়' আৰু 'জয় বাবা কেদাৰ' ধ্বনিৰে ডোলিক আদৰণি জনায় । এই সময়ত সেনাবাহিনীৰ ৬ গ্ৰেনেডিয়াৰ ৰেজিমেণ্টৰ বেণ্ডৰ ভক্তিমূলক সুৰেৰে ডোলিক আদৰণি জনোৱা হয় । বাবা কেদাৰৰ ভ্ৰাম্যমাণ মূৰ্তি পঞ্চমুখী ডোলিয়ে চাৰিদিনীয়া খোজকাঢ়ি কৰা যাত্ৰাৰ অন্তত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত কেদাৰনাথ ধাম পাইগৈ ।

Kedarnath Temple Kapat Open, Chardham Yatra 2024
মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ (ETV BHARAT)

শংকৰাচাৰ্য অবিমুক্তেশ্বৰানন্দ মহাৰাজ কেদাৰনাথ ধামত উপস্থিত হয় :

চাৰিদিনীয়া বদ্ৰী-কেদাৰ তীৰ্থযাত্ৰাৰ প্ৰথম দিনা শংকৰাচাৰ্য স্বামী অবিমুক্তেশ্বৰানন্দ সৰস্বতী মহাৰাজ কেদাৰনাথ ধামত উপস্থিত হয় । স্বামী অবিমুক্তেশ্বৰানন্দক কেদাৰ সভাৰ পুৰোহিত আৰু জ্যোতিৰ্মঠৰ ভাৰপ্ৰাপ্ত মুকুন্দানন্দ ব্ৰহ্মচাৰীয়ে আদৰণি জনায় । স্বামী অবিমুক্তেশ্বৰানন্দে কেদাৰনাথ মন্দিৰৰ দুৱাৰ মুকলি হোৱা ঐতিহাসিক সময়ৰ সাক্ষী হৈ ৰ’ল ।

মুখ্যমন্ত্ৰী ধামীয়ে কৰিলে বাবাৰ দৰ্শন :

দুৱাৰ মুকলি উপলক্ষে কেদাৰনাথ ধামত উপস্থিত হয় মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী । মুখ্যমন্ত্ৰী ধামীয়ে বাবা কেদাৰৰ ওচৰলৈ গৈ প্ৰাৰ্থনা কৰে । ইয়াৰ পিচত তেওঁ ভক্তসকলৰ সুবিধাৰ্থে কৰা প্ৰস্তুতিসমূহ পৰিদৰ্শন কৰে । মুখ্যমন্ত্ৰী ধামীয়ে প্ৰথমে পুৱা ৬.৪০ বজাত ভিভিআইপি হেলিপেডেৰে কেদাৰনাথ ধামত উপস্থিত হয় । ইয়াৰ পিচত কেদাৰনাথ মন্দিৰলৈ গৈ ছাইট পৰিদৰ্শন কৰে তাৰ পিচত দেৰাদুনলৈ উৰা মাৰে ।

প্লাষ্টিকৰ আৱৰ্জনা তুলি লৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা দিলে ডি এম সৌৰভ গহৰৱাৰে:

দুৱাৰ খোলাৰ পূৰ্বে ৰুদ্ৰপ্ৰয়াগৰ ডি এম সৌৰভ গহৰৱাৰ আৰু আৰক্ষী অধীক্ষক বিশাখা ভাদানে কেদাৰনাথত উপস্থিত হৈ যাত্ৰা ব্যৱস্থাৰ বুজ লয় । ডি এমৰ নেতৃত্বত কেদাৰপুৰীৰ মন্দাকিনী আৰু সৰস্বতী নদীকে ধৰি ঘাটসমূহৰ কাষে কাষে এক বিশেষ স্বচ্ছতা অভিযান চলোৱা হয় । এই সময়ছোৱাত তেওঁ নিজেই প্লাষ্টিক আৰু অন্যান্য জাবৰ সংগ্ৰহ কৰি সকলোকে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ আহ্বান জনায় ৷

২ টা ছুপাৰ জ'ন, ৩টা জ'ন আৰু ১১টা খণ্ডত বিভক্ত ভ্ৰমণ পথ :

চাৰধাম যাত্ৰা সন্দৰ্ভত আৰক্ষী অধীক্ষক বিশাখা অশোক ভদনে সকলো পৰিদৰ্শন কৰি যান-বাহন ব্যৱস্থা ৰক্ষণাবেক্ষণৰ নিৰ্দেশ দিয়ে । আৰক্ষী জোৱানসকলক সকলো বিভাগৰ সৈতে পাৰস্পৰিক সমন্বয় সাধন কৰি যাত্ৰাৰ সফল ৰূপায়ণ কৰিবলৈ কয় এছ পি ভদনে । এইবাৰ যান-বাহনৰ সফল পৰিচালনাৰ বাবে জিলা সদৰৰ পৰা সোণপ্ৰয়াগলৈকে ইয়াক ২টা ছুপাৰ জ’ন, ৩টা জ’ন আৰু ১১টা ছেক্টৰত ভাগ কৰা হৈছে ।

লগতে পঢ়ক : অচিৰে আৰম্ভ হ’ব চাৰধাম যাত্ৰা : কি কি নিৰ্দেশনা জাৰি কৰিলে পৰিবহণ বিভাগে - Uttarakhand Chardham Yatra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.