ETV Bharat / bharat

অচিৰে আৰম্ভ হ’ব চাৰধাম যাত্ৰা : কি কি নিৰ্দেশনা জাৰি কৰিলে পৰিবহণ বিভাগে - uttarakhand Chardham Yatra

author img

By ETV Bharat Assamese Team

Published : May 1, 2024, 6:13 PM IST

uttarakhand transport department issued advisory for uttarakhand chardham yatra 2024
চাৰধাম যাত্ৰা

Chardham Yatra: উত্তৰাখণ্ডৰ পৰিবহণ বিভাগে চাৰধাম যাত্ৰা সন্দৰ্ভত পৰামৰ্শ জাৰি কৰিছে । যাত্ৰাৰ পৰিপ্ৰেক্ষিতত ২ মে'ত দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত ৰখা হ'ব এক মক ড্ৰিল কাৰ্যসূচী ৷

নেশ্যনেল ডেস্ক, 1 মে’ : পৰিবহণ বিভাগে উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰা 2024 সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা ৷ নিৰ্দেশনাটোত স্পষ্ট কৰা হৈছে যে, নিশা ১০ বজাৰ পৰা পুৱা ৪ বজালৈ পাহাৰীয়া পথসমূহত বাহনৰ চলাচল বন্ধ ৰখা হ’ব । ইয়াৰ বাহিৰেও সকলো বাণিজ্যিক বাহনৰ বাবে গ্ৰীণ কাৰ্ড বাধ্যতামূলক ।

গংগোত্ৰী-যমুনোত্ৰী আৰু কেদাৰনাথ ধামৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে ১০ মে'ৰ পৰা আৰম্ভ হ'ব চাৰধাম যাত্ৰা ২০২৪ ৷ যাৰ বাবে সকলো বিভাগে তেওঁলোকৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ স্বাস্থ্য বিভাগৰ পিছতে ৰাজ্যখনৰ পৰিবহণ বিভাগে চাৰধাম যাত্ৰা সন্দৰ্ভত জাৰি কৰিছে নিৰ্দেশনা ৷

চলিত বৰ্ষত চাৰধাম যাত্ৰা সন্দৰ্ভত উত্তৰাখণ্ড পৰিবহণ বিভাগে জাৰি কৰা নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে, চাৰধাম যাত্ৰাত অত্যধিক ভাৰ কঢ়িওৱা গধুৰ বাহন আৰু ট্ৰেক্টৰ-ট্ৰলীৰ চলাচলত অনুমতি দিয়া নহ'ব । যদি কোনোবাই এনে বাহন লৈ চাৰধাম যাত্ৰা কৰে, তেন্তে বাহনসমূহ জব্দ কৰা হ'ব ।

উত্তৰাখণ্ডৰ পৰিবহণ আয়ুক্ত অৰবিন্দ সিং হায়াংকিয়ে উত্তৰ প্ৰদেশ, দিল্লী, হিমাচল প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, পঞ্জাৱ, মধ্যপ্ৰদেশ আৰু চণ্ডীগড়কে ধৰি দেশৰ প্ৰায় 8 খন ৰাজ্যলৈ এই নিৰ্দেশনা জাৰি কৰিছে । ইয়াৰ উপৰিও পৰ্যটকসকলে উচ্চস্তৰত মিউজিক চিষ্টেম বজাব নোৱাৰিব ৷ পৰ্যটকৰ যাতায়াতৰ সুবিধাৰ বাবে উপলব্ধ বাছসমূহত পৰিচালকৰ হাতত মিউজিক চিষ্টেমৰ নিয়ন্ত্ৰণ থাকিলেহে সংগীত ব্যৱহাৰ কৰিব পাৰিব ৷

এই যাত্ৰাপথত চলাচল কৰিবলগীয়া বাছবোৰৰ দৈৰ্ঘ 8,750 মিমিঃ, প্ৰস্থ 2,570 আৰু উচ্চতা 4,000 মিমিঃ হ’ব লাগিব । বেছি যাত্ৰী পৰিবহণ কৰিব পৰা বাছবোৰ পাহাৰীয়া পথেৰে যাবলৈ অনুমতি দিয়া নহ'ব ।

তদুপৰি অগ্নিকাণ্ডজনিত কোনো ঘটনা নঘটাৰ প্ৰতি লক্ষ্য ৰাখি বাহনবোৰত বৃহৎ আকাৰৰ বেটাৰী বা এলপিজি চিলিণ্ডাৰ কঢ়িওৱাৰ ক্ষেত্ৰত থাকিব নিষেধাজ্ঞা ৷ ইয়াৰ বাহিৰেও বাছত কাঠৰ ব্লক এটা থাকিব লাগিব, যাতে এঢলীয়া স্থানত বাহন পাৰ্কিং কৰাৰ ক্ষেত্ৰত কোনো সমস্যা নহয় ।

ইয়াৰ বাহিৰেও যাত্ৰীসকলে যাতে ৰাস্তাত আৱৰ্জনা নিক্ষেপ নকৰে, তাৰ বাবে বাহনত ডাষ্টবিন ৰখাটো বাধ্যতামূলক । যান-বাহনত প্ৰাথমিক চিকিৎসাৰ বাবে first aid box ৰখাটো বাধ্যতামূলক । বাহনৰ চালকসকলে চেণ্ডেল পিন্ধি চলাব নোৱাৰিব গাড়ী ।

চাৰধাম যাত্ৰাৰ নিয়ম অনুসৰি, সকলো ৰাজহুৱা বাহনৰ বাবে গ্ৰীণ কাৰ্ড আৰু ট্ৰিপ কাৰ্ড কঢ়িয়াই নিয়াটো বাধ্যতামূলক । পৰিবহণ বিভাগে নিৰ্দেশনাটোত উত্তৰাখণ্ডলৈ অহা ভক্ত আৰু চালকসকলে কি কৰিব লাগে, কি কৰিব নালাগে সেই বিষয়েও তথ্য প্ৰদান কৰিছে ।

কেৱল পাহাৰীয়া পথত দক্ষ আৰু প্ৰশিক্ষিত চালকৰ সৈতে ভ্ৰমণ কৰিব, ব্যক্তিগত বাহন ভাড়া কৰি ভ্ৰমণ নকৰিব বুলিও পৰামৰ্শত উল্লেখ আছে । খাৱৈৰ ফালে বাহন নাৰাখিব । চালকসকলে একেৰাহে গাড়ী নচলাই বিশ্ৰাম ল'ব । প্ৰাকৃতিক উৎসৰ পৰা অহা পানীৰ সোঁতত বাহন নুধুব । যাত্ৰাৰ বাবে, পৰ্যটন বিভাগৰ অফিচিয়েল ৱেবছাইটত পঞ্জীয়ন কৰক আৰু এখন ট্ৰিপ কাৰ্ড লওক, সকলো বাণিজ্যিক বাহনৰ বাবে গ্ৰীণ কাৰ্ড বাধ্যতামূলক বুলি বিভাগে স্থিতি স্পষ্ট কৰিছে ।

2 মে'ত অনুষ্ঠিত হ'ব মক ড্ৰিল:

NDMA আৰু USDMA চাৰধাম যাত্ৰা সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় । এই সময়চোৱাত মেজৰ জেনেৰেল সুধীৰ বহেলে ইটিভি ভাৰতৰ সৈতেও বাৰ্তালাপত মিলিত হয় । তেওঁ জনাই যে, চাৰধাম যাত্ৰাৰ সময়ত দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে, সেই সন্দৰ্ভত ২ মে'ত এটা মক ড্ৰিল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।

ইয়াৰ জৰিয়তে উদ্ধাৰকাৰী বাহিনীয়ে ইজনে সিজনৰ সৈতে বাৰ্তালাপ কৰি সকলো আঁসোৱাহ দূৰ কৰিব পাৰিব । ভাৰতীয় বায়ু সেনা আৰু অন্যান্য বিষয়াসকলো এই বৈঠকত উপস্থিত থাকিব ৷ যাতে সা-সুবিধাৰ ক্ষেত্ৰত কোনো ধৰণৰ বিলম্ব নহয় । উত্তৰাখণ্ডৰ চাৰধাম যাত্ৰা 2024-ৰ প্ৰস্তুতিত এনডিএমএ (ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ) আৰু ইউএছডিএমএ (উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ)য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

লগতে পঢ়ক : দিল্লীৰ কেবাখনো বিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি অজ্ঞাত চক্ৰৰ - Bomb Threat In Delhi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.