Hindu Muslim harmony:হিন্দু মুছলমানৰ নামত ৰাজনীতি নকৰি বৰ অসমৰ সপোন দেখে এওঁলোকে

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 2:07 PM IST

thumbnail

ৰঙিয়া, 16 অক্টোবৰ : ৰঙিয়াৰ সমীপৰ লোৰমা গৌৰহাটীত হিন্দু মুছলমানৰ সম্প্ৰীতিৰ অনন্য নিদৰ্শন । মুছলমান অধ্যুষিত অঞ্চলটোত হিন্দু মহিলাৰ মৃতদেহ সৎকাৰত সহযোগ কৰিলে মুছলমান সম্প্ৰদায়ৰ লোকে । হিন্দু পৰিয়ালৰ মৃত মহিলাৰ অন্ত্যেষ্টিক্ৰিয়াত সহায়ৰ হাত আগবঢ়ালে মুছলমান সম্প্ৰদায়ৰ লোকে ।

যি সময়ত ধৰ্মৰ নামত মানৱ সমাজ বিভাজিত হ’বলৈ ধৰিছে , তেনে সময়তে ৰঙিয়া মহকুমাৰ অন্তৰ্গত ধুহিবালা গাঁও পঞ্চায়তৰ লোৰমা গৌৰহাটীত দেখা গ’ল সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন । মুছলমান অধ্যুষিত অঞ্চলটোত প্ৰায় ৬০ বছৰ ধৰি কানানগু দাস নামৰ লোকজনে বসবাস কৰি আহিছিল । সেই সময়তে মুছলমান পৰিয়াল এটাই ভেটিৰ মাটিখিনি দান কৰিছিল কানানগু দাসৰ পৰিয়ালক । ক্ষুদ্ৰ ব্যৱসায় কৰি আঠ জনীয়া পৰিয়াল পোহপাল দি আহিছিল তেওঁ ।

কানানগু দাসৰ পত্নী মিনু দাস (৫০) বাৰ্ধক্যজনিত কাৰণত কিছুদিনৰ পৰা অসুস্থ হৈ আছিল । দেওবাৰে আবেলি মিনু দাসৰ মৃত্যু ঘটে । মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে মুছলমান সমাজৰ সৈতে বাস কৰা মিনু দাসৰ অন্তিম সৎকাৰৰ বাবে আগবাঢ়ি আহে স্থানীয় মুছলমান লোকসকল । সৎকাৰৰ বাবে খৰি, বাঁহ আদিৰ লগতে সাঙি আৰু গাড়ীৰ ব্যৱস্থা কৰে গাঁওবাসীয়ে । অনৈক্যৰ মাজত ঐক্যতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰা অঞ্চলবাসীয়ে সমূহ ৰাইজলৈ সকলো ভেদাভেদ পাহৰি মিলা প্ৰীতিৰে বাস কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Example of Hindu Muslim harmony: আজিৰ যুগতো ধৰ্মীয় গোড়ামিৰ উৰ্ধত স্থান পালে মানৱীয়তাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.