কৰুণ: মাজুলীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ছাত্ৰীৰ

By

Published : Jul 4, 2022, 8:40 AM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

কৰুণ ! মাজুলী জিলাৰ অন্তৰ্গত ভকতি দুৱাৰ গাৱঁত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এগৰাকী ছাত্ৰীৰ (Student dies due to electrocution in Majuli) ৷ উজনি মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত ভকতি দুৱাৰ গাৱঁৰ বিপুল শইকীয়াৰ জীয়ৰী দীপশিখা শইকীয়াৰ বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্য ঘটে । গা ধুই থকা অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় ছাত্ৰীগৰাকীৰ । বিদ্যুতৰ পানী গৰম কৰা হিটাৰত লাগি মৃত্যুক আকোৱালি লয় ছাত্ৰীগৰাকীয়ে ৷ ভকতি দুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী আছিল দীপশিখা । দীপশিখাৰ বয়স আছিল ১৪ বছৰ ৷ ছাত্ৰীগৰাকীৰ আকস্মিক মৃত্যুত এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে ভকতি দুৱাৰ অঞ্চলত ৷ ঘটনাস্থলীত জেংৰাইমুখ আৰক্ষী আৰু মাজুলী ৰাজহ চক্ৰ বিষয়া জয়দেৱ ৰজক উপস্থিত হৈ মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে গড়মূৰ পিতাম্বৰ দেৱ গোস্বামী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.