Marathon competition in Dibrugarh : নৱবৰ্ষৰ পহিলা দিনাই ডিব্ৰুগড়ত মাৰাথন দৌৰ প্ৰতিযোগিতা

By

Published : Jan 1, 2023, 2:29 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

প্ৰতিবছৰৰ দৰে এইবাৰো নৱবৰ্ষৰ পহিলা দিনা মদাৰখাট ক্ৰীড়া সন্থাই আয়োজন কৰে ৰাজ্যিক ভিত্তিত মুকলি মাৰাথন দৌৰ প্ৰতিযোগিতা (Marathon competition in Dibrugarh)। ২৭ তম সদৌ অসম নৱবৰ্ষ প্ৰাইজমানি মুকলি মাৰাথন দৌৰ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে ৪৩ জন প্ৰতিযোগীয়ে । ইয়াৰে ১০ গৰাকী বিজয়ী প্ৰতিযোগীক পুৰস্কাৰ প্ৰদান কৰা হয় । এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে গুৱাহাটীৰ বিজয় ডেকাই । ইফালে আজি ঘোঁৰামৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে (Dibrugarh university)। অনুষ্ঠানত ঘোঁৰামৰা ক্ৰীড়া সন্থাৰ সভাপতি যতীন গোহাঁই, আয়োজক সমিতিৰ সভাপতি ভূপেন কুমাৰ গগৈকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.