ETV Bharat / state

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Feb 23, 2022, 3:06 PM IST

3 বজাৰ শীৰ্ষ 10 টা বাতৰি
3 বজাৰ শীৰ্ষ 10 টা বাতৰি

3 বজাৰ শীৰ্ষ 10 টা বাতৰি

নাগালেণ্ডত লিংগ সমতাক আওকাণ কৰা হৈছে : উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে নাগালেণ্ড চৰকাৰক ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া নগৰ পালিকা নিৰ্বাচনৰ সৈতে জড়িত লিংগ সমতাৰ ক্ষেত্ৰত নিৰ্বাচনী প্ৰতি সঁহাৰি নিদিয়াৰ বাবে প্ৰশ্ন উত্থাপণ কৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এম এম সুন্দ্ৰেশৰ বিচাৰপীঠে(SC pulls up Nagaland govt) ।

ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিবাদত উত্তাল হ'ব ত্ৰিপুৰা

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে বিজেপি শাসনলৈ আহিছিল যদিও আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ত্ৰিপুৰা । যাৰবাবে সমস্যাসমূহৰ সমাধানৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ টিডিএফ দলৰ (TDF party to hold protest in Tripura)। ১০ দফীয়া দাবীৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিব দলটো ।

আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ তত্বাৱধান আৰু বিকাশৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰ ত্ৰিপুৰা চৰকাৰৰ

ত্ৰিপুৰা চৰকাৰে ত্ৰিপুৰাৰ চেপাহিজালা(Sepahijala) জিলাৰ সোনামুৰা(Sonamura) উপ-সংমণ্ডলৰ শ্ৰীমন্তপুৰৰ ওচৰৰ আভ্যন্তৰীণ জলপথ টাৰ্মিনেলৰ তত্বাৱধান আৰু উন্নয়নৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (IWTI) আৰু ভূমি বন্দৰ প্ৰাধিকৰণৰ (LPAI) সৈতে এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰে(Tripura signs MoU for maintenance and development) ।

গৃহস্থক ৰচীৰে বান্ধি ডকাইতে চলালে চাফাই অভিযান

নগাঁৱত চাঞ্চল্যকৰ ডকাইতি কাণ্ড(Robbery case at Nagaon) ৷ গৃহস্থক ৰচীৰে বান্ধি ডকাইতে লুটি নিলে ধন আৰু সোণৰ আ-অলংকাৰ । অঞ্চলজুৰি চাঞ্চল্য ৷

নতুন লুকেৰে টুইটাৰ ট্ৰেণ্ডিঙত বাদশ্বাহ

এটা পানীয় ব্ৰেণ্ডৰ বিজ্ঞাপনত নতুন অৱতাৰেৰে খলকনি তুলিছে কিং খানে (Shah Rukh Thums up ad) ৷ অনুৰাগীসকল উৎসুক হৈ পৰিছে বহুদিনৰ মূৰত শ্বাহৰুখক এনে এক অন্য ৰূপত দেখি ৷ দীঘলকৈ ৰখা চুলি আৰু দাড়িৰ সৈতে শ্বাহৰুখৰ বিজ্ঞাপনৰ এই লুকটো সিদ্ধাৰ্থ আনন্দৰ নিদেৰ্শনাত আহিবলগীয়া ছবি পাথানৰ লুকটোৰ সৈতে যথেষ্ট সাদৃশ্য আছে ৷ কিং খান বৰ্তমান টুইটাৰ ট্ৰেণ্ডিঙত আছে কিয়নো তেওঁৰ অনুৰাগীসকলে অভিনেতাজনৰ এই তুফানি লুকটো সাংঘাতিক ধৰণে পছন্দ কৰিছে ৷

ড্ৰাগছ মাফিয়াক সকিয়নী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ

ত্ৰিপুৰাৰ ড্ৰাগছ ব্যৱসায়ীক সকিয়নী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ (CM Biplab Kumar Dev warns drug mafia)। ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিব চৰকাৰে । বেআইনীভাৱে উপাৰ্জন কৰা প্ৰতিটো সম্পত্তিৰে এতিয়া হিচাপ দিব লাগিব ।

Assam municipal election 2022: পৌৰসভাৰ প্ৰাৰ্থীলৈ কি বিশেষ আহ্বান জনালে শিৱসাগৰ নগৰৰ ৰাইজে !

পৌৰ নিৰ্বাচনৰ(Assam municipal election 2022) বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ পৌৰ সভাত । নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ নগৰৰ ৰাইজে বিশেষ আহ্বান জনাইছে । অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে দাবী জনাইছে ৰাইজে ।

Manipur Assembly Election 2022 : আজি পুনৰ মণিপুৰত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰচাৰ

মণিপুৰৰ বিধানসভাৰ দখলৰ লক্ষ্যৰে বুধবাৰে পুৱা গুৱাহাটীৰ পৰা ইম্ফল অভিমুখে উৰা মাৰে অসমৰ মুখ্যমন্ত্ৰী তথা "নেডা"ৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অসমৰ চুবুৰীয়া ৰাজ্যখনত একাধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব "নেডা"ৰ আহ্বায়কগৰাকীয়ে(CM Himanta biswa sarma Election campaign at Manipur) । সোমবাৰে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল ড৹ শৰ্মাই ৷

দৰং মহাবিদ্যালয়ত কে কে দাই চলালে ৰাইন’ এক্সপ্ৰেছ

এক্সপ্ৰেছৰ প্ৰমোচনৰ বাবে তেজপুৰ দৰং মহাবিদ্যালয়ত উপস্থিত হয় তেওঁ (Promotion of Rhino Express) । বহু বছৰৰ মূৰত এখন পূৰ্ণাংগ হাস্যব্যংগ ছবি ৰাইন’ এক্সপ্ৰেছ দৰ্শকে উপভোগ কৰিবলৈ পাব (New Assamese comedy movie Rhino express) ৷ পৰিচালক মণি সিনহা আৰু প্ৰযোজনা অজয় বৰ্মনৰ এই ছবিখনে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী ছবিখনৰ লগতে জড়িত কৰ্মকৰ্তাসকল ।

প্ৰখ্যাত শিক্ষাবিদ সাংবাদিক বিজনলাল চৌধুৰীৰ শেষ নিশ্বাস ত্যাগ

দীৰ্ঘদিন অসুস্থ হৈ থকা বিজনলাল চৌধুৰী পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছিল ৷ স্মৃতিভ্ৰম ৰোগত ভুগি থকা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে মঙলবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁ বৰপেটাৰ এম চি কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আছিল ৷ অসমৰ বামপন্থী আন্দোলনৰ সৈতে আৰম্ভণিৰে পৰা জৰিত আছিল বিজনলাল চৌধুৰী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.