ETV Bharat / state

Manipur Assembly Election 2022 : আজি পুনৰ মণিপুৰত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰচাৰ

author img

By

Published : Feb 23, 2022, 11:52 AM IST

মণিপুৰৰ বিধানসভাৰ দখলৰ লক্ষ্যৰে বুধবাৰে পুৱা গুৱাহাটীৰ পৰা ইম্ফল অভিমুখে উৰা মাৰে অসমৰ মুখ্যমন্ত্ৰী তথা "নেডা"ৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ অসমৰ চুবুৰীয়া ৰাজ্যখনত একাধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব "নেডা"ৰ আহ্বায়কগৰাকীয়ে(CM Himanta biswa sarma Election campaign at Manipur) । সোমবাৰে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাইছিল ড৹ শৰ্মাই ৷

Manipur Assembly Election 2022
আজি পুনৰ মণিপুৰত মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰচাৰ

গুৱাহাটী, 23 ফেব্ৰুৱাৰী : মণিপুৰত অনুষ্ঠিত হ’বলগীয়া দুটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ বুধবাৰে পুৱাই ইম্ফল অভিমুখে উৰা মাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Assam CM Himanta biswa sarma fly to Manipur) । গুৱাহাটীৰ পৰা চাৰ্টাৰ্ড বিমানেৰে মণিপুৰলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা । আজিৰ দিনটোত চুবুৰীয়া ৰাজ্যখনত একাধিক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব "নেডা"ৰ আহ্বায়কগৰাকীয়ে ।

৬০ জনীয়া মণিপুৰ বিধানসভাৰ বাবে ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন । মনকৰিবলগীয়া যে, ইতিমধ্যে চুবুৰীয়া ৰাজ্যখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বিজেপি আৰু কংগ্ৰেছৰ একাধিক ৰাষ্ট্ৰীয় নেতাই নিৰ্বাচনী প্ৰচাৰ চলাইছে । ৰাজ্যখনত পুনৰ বিজেপি নেতৃত্বাধীন এখন চৰকাৰ গঠন কৰিবৰ বাবে গেৰুৱা দলটোৰ বহুসংখ্যক শীৰ্ষ নেতা উবুৰি খাই পৰিছে মণিপুৰত ।

বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মণিপুৰৰ বাবে বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে "নেডা"ৰ আহ্বায়ক তথা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । ড৹ শৰ্মাই ইতিমধ্যে মণিপুৰত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে পাঁচবাৰকৈ চুবুৰীয়া ৰাজ্যখন ভ্ৰমণ কৰিছে । আজি দিনজোৰা নিৰ্বাচনী প্ৰচাৰ চলাই সন্ধিয়াৰ ভাগলৈ তেওঁ গুৱাহাটীলৈ উভতি আহিব যদিও দুই এদিনতে পুনৰ যাব মণিপুৰলৈ । আনহাতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও মণিপুৰত অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ।

লগতে পঢ়ক : Manipur Election 2022 : আজি মণিপুৰত সমুখ সমৰত হিমন্ত-ৰাহুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.