ETV Bharat / politics

উজনিত কংগ্ৰেছৰ উত্থানক লৈ উদ্বিগ্ন বিজেপি : কেইবাটাও সমষ্টিত বিজেপিৰ আগত কংগ্ৰেছ - Assam BJP

Assam Politics : উজনিৰ ফলাফলক লৈ উদ্বিগ্ন হৈ পৰিছে বিজেপি দল । নিজা বিধায়ক থকা ছটা সমষ্টিত বিজেপিৰ আগত কংগ্ৰেছ । কংগ্ৰেছৰ দখলত থকা তিনিটা সমষ্টিটো পিছ পৰি ৰ'ল বিজেপি। একমাত্র মাজুলীত বিজেপিয়ে কিছু ভোট বেছিকৈ লাভ কৰিবলৈ সক্ষম হ'ল। ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্বক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব শাসকীয় দলৰ বিধায়কসকল । অগপৰ প্ৰতিবেদনে বৰ্তমান লাভ কৰিছে গুৰুত্ব।

Assam Politics
কংগ্ৰেছৰ উত্থানকলৈ উদ্বিগ্ন বিজেপি (INTERNET)
author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 7:32 PM IST

গুৱাহাটী, 13 জুন : সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে 11খন আসন লাভ কৰে যদিও বহু বিধানসভা সমষ্টিৰ ফলাফলে শাসকীয় দলটোক উদ্বিগ্ন কৰি তুলিছে ৷ বিশেষকৈ উজনিৰ ফলাফলক লৈ উদ্বিগ্ন হৈ পৰিছে লোকসভাত নিজাকৈ 9খন আসন লাভ কৰা বিজেপি দল ৷ যোৰহাটত কংগ্ৰেছৰ গৌৰৱ গগৈৰ জয়ে একপ্ৰকাৰ বাজপেয়ী ভৱনত জোকাৰণিৰ সৃষ্টি কৰিছে ৷ প্ৰকৃততে কি কাৰণত সমষ্টিটো বিজেপিৰ হাতৰ পৰা গ'ল তাকেলৈ আৰম্ভ হৈছে ব্যাপক পৰ্যালোচনা ৷

ইফালে বিজেপি আৰু মিত্ৰজোঁটৰ দখলত থকা সাতটা বিধানসভা সমষ্টিৰ ভিতৰত কম ভোট লাভ কৰা ছটা বিধানসভা সমষ্টিৰ বিধায়ক সকলৰ মাজতো হাহাকাৰ লাগিছে ৷ কিয়নো কম ভোট লাভ কৰা সমষ্টিকেইটাৰ বিধায়ককেইজনে বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব লাভৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰো সম্ভাৱনা আছে ৷ কাৰণ লোকসভা নিৰ্বাচনৰ পূৰ্বে বাজপেয়ী ভৱনত হোৱা বৈঠকত বিধায়কসকলক ভোট সংগ্ৰহৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল ৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে দলীয় বিধায়কসকলৰে বৈঠকত মিলিত হৈ কেতবোৰ নিৰ্দেশনা দিছিল ৷ যাতে অধিক সংখ্যক ভোট আদায় কৰিব পৰা যায় ৷ কিন্তু নিৰ্বাচনী ফলাফলত বহু বিধানসভা সমষ্টিত আশা কৰা ধৰণে ফলাফল নাপালে শাসকীয় দলটোৱে ৷

লক্ষণীয় বিষয় যে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক পৰাজিত কৰিবৰ কাৰণে বিজেপি তথা মিত্ৰজোঁটৰ বিধায়কসকলৰ কান্ধত দলে গুৰু দায়িত্ব অর্পণ কৰিছিল ৷ কিন্তু ইয়াৰ পাচতো মাজুলীৰ বাহিৰে আন সকলোবোৰ সমষ্টিতে বিজেপিতকৈ কংগ্ৰেছে অধিক ভোট লাভ কৰিলে ৷ যাক লৈ বিজেপিৰ শীৰ্ষ নেতৃত্ব ক্ষুব্ধ হৈ পৰিছে ৷ একপ্ৰকাৰ হাহাকাৰ লাগিছে বিজেপিৰ ভিতৰচ'ৰাত ৷ যাৰ পৰিপ্ৰেক্ষিতত উজনিত নতুন ধৰণে চিন্তা-চৰ্চা কৰিছে গেৰুৱা বাহিনীয়ে ৷

লগতে পঢ়ক : প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰীয়ে : ৰকিবুল হুছেইন - Rakibul Hussain on Assam CM

যোৰহাট লোকসভা সমষ্টি :

যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মুঠ দহটা বিধানসভা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টি ক্ৰমে শিৱসাগৰ, নাজিৰা আৰু তিতাবৰ সমষ্টি কংগ্ৰেছৰ দখলত আছে ৷ এই সমষ্টিকেইটাতো বিজেপিয়ে কংগ্ৰেছতকৈ কম ভোট লাভ কৰিছে ৷ আনহাতে বিজেপি আৰু মিত্ৰদলৰ দখলত থকা সোণাৰি, মাহমৰা, ডিমৌ, টীয়ক, যোৰহাট আৰু মৰিয়নী সমষ্টিতো কংগ্ৰেছে বিজেপিতকৈ বেছি ভোট লাভ কৰিছে ৷

বাজপেয়ী ভৱনৰ এক সূত্ৰ মতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা বিজেপিয়ে কম ভোট লাভ কৰা সোণাৰি, মাহমৰা, ডিমৌ, টীয়ক, যোৰহাট আৰু মৰিয়নী সমষ্টিৰ বিধায়ককেইজনৰ ওপৰত ক্ষুণ্ণ হৈ আছে ৷ আনকি মিত্ৰদল অগপৰ দখলত থকা সমষ্টি টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ কাম-কাজক লৈয়ো অগপৰ শীর্ষ নেতৃত্বৰ আগত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ এনে পৰিস্থিতিত নিৰ্বাচনোত্তৰ দলীয় পর্যালোচনাৰ পাচত এইসকল বিধায়কক দলে জবাবদিহি কৰাটো নিশ্চিত ৷ উল্লেখ্য যে বিজেপিৰ অন্যতম ভোটবেংক হৈছে উজনি অসম ৷ এনে পৰিস্থিতিত আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যোৰহাটত দলটোৰ এই বিপর্যয় গুৰুতৰ হিচাপে চিহ্নিত হৈছে ৷

অগপৰ প্ৰতিবেদনক লৈ চৰ্চা :

শেহতীয়াকৈ অগপই যোৰহাট সমষ্টিক লৈ প্ৰস্তুত কৰা অভ্যন্তৰীণ প্ৰতিবেদনখন এতিয়া বিশেষভাৱে চৰ্চালৈ আহিছে ৷ প্ৰতিবেদনখনত যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ একাংশ নেতাই গৌৰৱ গগৈৰ সপক্ষে প্ৰচাৰ চলোৱাৰ উপৰি একাংশই প্ৰচাৰৰ পৰা বিৰত থকাৰ কথা উল্লেখ কৰা হৈছিল ৷ প্ৰথম অৱস্থাত ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই এই প্ৰতিবেদনখনক বিশেষ গুৰুত্ব দিয়া নাছিল যদিও নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকী বেয়াকৈ পৰাজিত হোৱাৰ পাচতেই অগপৰ প্ৰতিবেদনখনক এতিয়া গুৰুত্ব সহকাৰে লৈছে ৷ এনে পৰিস্থিতিত উক্ত বিধানসভা সমষ্টিকেইটাৰ শাসকীয় বিধায়ক সকলৰ ৰাজনৈতিক ভৱিষ্যৎ সুখকৰ নহ'বও পাৰে ৷

মাহমৰা বিধানসভা সমষ্টি :

মাহমৰা সমষ্টিৰ বিধায়ক তথা ৰাজহ মন্ত্ৰী যোগেন মহনৰ সমষ্টিত কংগ্ৰেছে লাভ কৰে 62,680 টা ভোট ৷ ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰে 53,030 টা ভোট ৷ ভোটৰ ব্যৱধান 9,650 টা ৷

মৰিয়নী বিধানসভা সমষ্টি :

বহুবন্ধী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নী সমষ্টিত বিজেপি কংগ্ৰেছতকৈ বহু পিচ পৰি থাকিল ৷ সমষ্টিটোত বিজেপিয়ে 54,131 টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে 70,916 টা ভোট ৷ অর্থাৎ 16,785 টা বেছি ভোট কংগ্ৰেছে লাভ কৰে ৷ আনকি বিধায়কগৰাকী নিজে চাহ জনগোষ্ঠীৰ হোৱাৰ পাচতো মৰিয়নীৰ প্ৰায়বোৰ চাহ বাগিচাতে বিপুল পৰিমাণৰ ভোট লাভ কৰে কংগ্ৰেছে ৷

সোণাৰি বিধানসভা সমষ্টি :

ধৰ্মেশ্বৰ কোঁৱৰৰ সোণাৰি সমষ্টিত কংগ্ৰেছে লাভ কৰে 71,603 টা ভোট ৷ ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰে 61,629 টা ভোট ৷ ভোটৰ ব্যৱধান 10,334 টা ৷ সোণাৰি সমষ্টি আছিল তপন গগৈৰ গৃহ সমষ্টি ৷ তপন গগৈৰ গৃহ সমষ্টি সোণাৰিতে বিজেপিৰ এনে শোচনীয় অৱস্থাই বিজেপি দলক ভীতিগ্ৰস্ত কৰি তুলিছে ৷

যোৰহাট বিধানসভা সমষ্টি :

বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ সমষ্টিতো বিজেপিয়ে যথেষ্ট কম ভোট লাভ কৰে ৷ সমষ্টিটোত কংগ্ৰেছে 60,697 টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে 48,567 টা ভোট ৷ ভোটৰ ব্যৱধান 12,130 টা ৷

ডিমৌ বিধানসভা সমষ্টি :

বিধায়ক সুশান্ত বৰগোহাঁইৰ নৱগঠিত ডিমৌ সমষ্টিতো কংগ্ৰেছে লাভ কৰে 77,934 টা ভোট ৷ ইয়াৰ বিপৰীতেবিজেপিয়ে লাভ কৰে 61,879 টা ভোট ৷ ভোটৰ ব্যৱধান 16,055 টা ৷

টীয়ক বিধানসভা সমষ্টি :

বিজেপি মিত্ৰজোঁটৰ অংশীদাৰ অগপৰ দখলত থকা টীয়কক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে ৷ ৰেণুপমা ৰাজখোৱা বিধায়ক হৈ থকা সমষ্টিটোত কংগ্ৰেছে অভিলেখসংখ্যক 86,712 টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰে 63,335টা ভোট ৷ এইটো সমষ্টিত গৌৰৱ গগৈয়ে তপন কুমাৰ গগৈতকৈ 23,377 টা ভোট বেছিকৈ লাভ কৰে ৷

মাজুলী বিধানসভা সমষ্টি :

ভুবন গামৰ দখলত থকা মাজুলী সমষ্টিত বিজেপি দলে কমেও 70-80 হেজাৰ ভোটত গৌৰৱ গগৈক পৰাস্ত কৰিম বুলি বিজেপিয়ে দাবী কৰি আছিল ৷ কিন্তু ফলাফলত তেনে নহ'ল ৷ মাজুলী সমষ্টি বিজেপিৰ তপন কুমাৰ গগৈয়ে কংগ্ৰেছৰ গৌৰৱ গগৈতকৈ মাত্ৰ 6,586 টা ভোট বেছিকৈ লাভ কৰে ৷ উল্লেখ্য যে 2021 চনত বিজেপিৰ সৰ্বানন্দ সোণোৱালে মাজুলীত 43 হেজাৰ ভোট বেছিকৈ লাভ কৰিছিল ৷

তিতাবৰ বিধানসভা সমষ্টি :

কংগ্ৰেছৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ দখলত থকা তিতাবৰ সমষ্টিত গৌৰৱ গগৈয়ে বিজেপিৰ তপন গগৈতকৈ সৰ্বাধিক 40,555 টা ভোট লাভ কৰে ৷

শিৱসাগৰ বিধানসভা সমষ্টি :

ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ দখলত থকা শিৱসাগৰত গৌৰৱ গগৈয়ে বিজেপিৰ তপন গগৈতকৈ 18,748 টা ভোট বেছিকৈ লাভ কৰে ৷

নাজিৰা বিধানসভা সমষ্টি :

কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শ‍ইকীয়াৰ দখলত থকা নাজিৰা সমষ্টিতহে গৌৰৱ গগৈয়ে তুলনামূলকভাৱে কম ভোটৰ ব্যৱধান লাভ কৰে ৷ তপন গগৈতকৈ মাত্ৰ 127 টা ভোট বেছিকৈ লাভ কৰে গৌৰৱ গগৈয়ে ৷

ব্যাপক প্ৰচাৰৰ পাচতো পৰাজয় :

যোৰহাট সমষ্টিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মা, মন্ত্ৰী পীযূষ হাজৰিকা, জয়ন্ত মল্লবৰুৱা, ডাঃ ৰণোজ পেণ্ড, অশোক সিংহল, অজন্তা নেওগ, বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক দিগন্ত কলিতা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আদিকে ধৰি বিজেপিৰ প্ৰায়বোৰ শীৰ্ষ নেতাই তপন গগৈৰ হৈ প্ৰচাৰ চলাইছিল ৷ কিন্তু ইয়াৰ পাচতো প্ৰায় ডেৰ লাখ ভোটত পৰাজিত হ'ল তপন গগৈ ৷ ফলত এতিয়া হাহাকাৰ লাগিছে বিজেপিৰ ভিতৰচ'ৰাত ৷

লগতে পঢ়ক : কৰিমগঞ্জৰ পিচত এইবাৰ কোকৰাঝাৰতো ভোটৰ বিসংগতি, নিৰ্বাচন আয়োগক অভিযোগ দিব বি পি এফে - Assam LS election results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.