ETV Bharat / state

Manipur Election 2022 : আজি মণিপুৰত সমুখ সমৰত হিমন্ত-ৰাহুল

author img

By

Published : Feb 21, 2022, 12:36 PM IST

উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত কেতবোৰ বিতৰ্কিত মন্তব্য কৰিছিল ৷ ইয়াৰ পাছতেই দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক দেশজুৰি সমালোচনা কৰাৰ লগতে ঠায়ে ঠায়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ৷ ইয়াৰ পাছতেই আজি মণিপুৰত একেলগে নিৰ্বাচনী প্ৰচাৰ চলাব দুয়োজন নেতাই ৷

Himanta Biswa Sarma vs Rahul Gandhi
আজি মণিপুৰত সমুখ সমৰত হিমন্ত-ৰাহুল

গুৱাহাটী, ২১ ফেব্ৰুৱাৰী : মণিপুৰৰ নিৰ্বাচনী প্ৰচাৰে পাগ ল’বলৈ আৰম্ভ কৰিছে । ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৬০ জনীয়া মণিপুৰ বিধানসভাৰ নিৰ্বাচন । ইতিমধ্যে অসমৰ চুবুৰীয়া এই ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ নামি পৰিছে ৰাজনৈতিক পথাৰৰ ৰথী-মহাৰথীসকল । অসমৰ মুখ্যমন্ত্ৰী তথা "নেডা"ৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মা সোমবাৰে পুৱাই গুৱাহাটীৰ পৰা ইম্ফল অভিমুখে উৰা মাৰিছে ।

Himanta Biswa Sarma vs Rahul Gandhi
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ড৹ শৰ্মাই আজিৰ দিনটোতে মণিপুৰৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল’ব । সৌ সিদিনা উত্তৰাখণ্ডৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ পৰিচয় সন্দৰ্ভত কেতবোৰ বিতৰ্কিত মন্তব্য কৰি অহাৰ পিছত আজি মণিপুৰত ঘটিব এক চাবলগীয়া ঘটনা । কিয়নো, ড৹ শৰ্মাৰ সমান্তৰালকৈ আজি মণিপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও(Himanta Biswa Sarma vs Rahul Gandhi in Manipur ) ।

ড৹ শৰ্মাই কেইবাখনো প্ৰচাৰ সভাত ভাগ লোৱাৰ বিপৰীতে ৰাহুল গান্ধীয়ে কেৱল ইম্ফলৰ এখন প্ৰচাৰ সভাতহে অংশগ্ৰহণ কৰাৰ কথা(Manipur Assembly Election Campaign) । এক কথাত আজি মণিপুৰৰ ভোটৰ ৰাজনীতিত সমুখ সমৰত নামিব ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাহুল গান্ধী । স্বাভাৱিকতে উত্তৰাখণ্ডত ড৹ শৰ্মাই ৰাহুল গান্ধী সন্দৰ্ভত কৰি অহা মন্তব্যৰ পিছত আজি দুয়োজন নেতাৰ এই প্ৰচাৰ অভিযান হ’ব চাবলগীয়া ।

Himanta Biswa Sarma vs Rahul Gandhi
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ইপিনে, অসমৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও বিগত কেইবাদিনো ধৰি মণিপুৰত বাহৰ পাতি অব্যাহত ৰাখিছে নিৰ্বাচনী অভিযান । আনহাতে, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও(Sarbananda Sonowal election campaign in Manipur) দেওবাৰে মণিপুৰত উপস্থিত হৈ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয় । সেইদৰে আজিও সোণোৱালে চুবুৰীয়া ৰাজ্যখনৰ কেইবাখনো প্ৰচাৰ সভাত ভাগ লৈ নিৰ্বাচনী অভিযান চলোৱাৰ কথা ।

লগতে পঢ়ক : ৰাজ্যসভা নিৰ্বাচন: মুখ্যমন্ত্ৰীয়ে ভাল দেখে যাক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.