ETV Bharat / bharat

ড্ৰাগছ মাফিয়াক সকিয়নী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ

author img

By

Published : Feb 23, 2022, 1:10 PM IST

Biplab Kumar Dev
ড্ৰাগছ মাফিয়াক কঠোৰ সতৰ্কবাণী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ

ত্ৰিপুৰাৰ ড্ৰাগছ ব্যৱসায়ীক সকিয়নী মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ (CM Biplab Kumar Dev warns drug mafia)। ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিব চৰকাৰে । বেআইনীভাৱে উপাৰ্জন কৰা প্ৰতিটো সম্পত্তিৰে এতিয়া হিচাপ দিব লাগিব ।

আগৰতলা,২৩ ফেব্ৰুৱাৰী : ত্ৰিপুৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে (Raid against drugs in Tripura)। ইয়াৰ মাজতে ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ বাবে পুনৰ কঠোৰ হৈছে চৰকাৰ । ড্ৰাগছ ব্যৱসায়ীসকলক এইবাৰ সকিয়নী দিলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (CM Biplab Kumar Dev warns drug mafia)।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিব চৰকাৰে । অবৈধভাৱে উপাৰ্জন কৰা প্ৰতিটো টকাৰ হিচাপ দিব লাগিব সেইসকল লোকে । আগৰতলাৰ ইন্দ্ৰনগৰস্থিত ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ নতুন হোষ্টেল ভৱনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড্ৰাগছ ব্যৱসায়ীসকলক সতৰ্ক কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে এই ব্যৱসায়ৰ লগত জড়িত সকলৰ বাসগৃহত অভিযান চলোৱা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

ইফালে ড্ৰাগছৰ সৰবৰাহকাৰীৰ উত্থানৰ ক্ষেত্ৰত পূৰ্বৰ চিপিআই(এম) চৰকাৰক দোষাৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে পূৰ্বৰ চৰকাৰে ড্ৰাগছ ব্যৱসায়ীসকলক আশ্ৰয় দিছিল । তেতিয়াৰ চৰকাৰৰ এই ক্ষেত্ৰত আস্থা থাকিলে তেওঁলোকে কেতিয়াও ড্ৰাগছ ব্যৱসায়ীৰ ক্ষেত্ৰত আপোচ নকৰিলেহেঁতেন । ২০ বছৰতকৈও অধিক সময় শাসন কৰা চিপিআই(এম) চৰকাৰে ৰাজ্যখনত ড্ৰাগছ মাফিয়াসকলৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল বুলিও অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে ৰাজ্যখনত ড্ৰাগছ সৰবৰাহৰ কাৰ্যকলাপ বৃদ্ধিৰ আঁৰত থকা লোকসকলে এতিয়া মুক্তভাৱে ঘূৰি ফুৰিছে । বিলাসী বাহনত ভ্ৰমণ কৰিছে আৰু আড়ম্বৰপূৰ্ণ বহুমহলীয়া অট্টালিকাৰ মালিক সেইসকল । কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ সকীয়নী সেইসকল মাফিয়াৰ বিপদ চমু চাপি আহিছে । বেআইনীভাৱে উপাৰ্জন কৰা প্ৰতিটো সম্পত্তিৰে এতিয়া হিচাপ দিব লাগিব সেইসকল লোকে ।

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ মতে ত্ৰিপুৰাক এখন সমৃদ্ধিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে এই চৰকাৰখন । অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে ত্ৰিপুৰাৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী মনোজ কান্তি দেৱ আৰু টিআইডিচিৰ (TIDC) অধ্যক্ষ টিংকু ৰয়ো উপস্থিত থাকে ।

লগতে পঢ়ক :হতাশগ্ৰস্ত নিবনুৱাসকলে হিংসাৰ আশ্ৰয় লৈছে: মানিক সৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.