ETV Bharat / bharat

হতাশগ্ৰস্ত নিবনুৱাসকলে হিংসাৰ আশ্ৰয় লৈছে: মানিক সৰকাৰ

author img

By

Published : Feb 22, 2022, 2:09 PM IST

ত্ৰিপুৰাত শাসকীয় বিজেপি আৰু চিপিআই(এম)ৰ মাজত সংঘাত অব্যাহত আছে (BJP and CPIM clash in Tripura)। ইয়াৰ মাজতে পশ্চিম ত্ৰিপুৰাত চিপিআই(এম)ৰ নেতাৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ । এই ঘটনাত বিজেপি জড়িত থকাৰ সন্দেহ চিপিআই(এম) । নিবনুৱা যুৱক-যুৱতীসকলে চাকৰি নাপায় হতাশ হৈ এই ধৰণৰ কামত লিপ্ত হোৱাৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ ।

Manik Sarkar
হতাশগ্ৰস্ত নিবনুৱাসকলে হিংসাৰ আশ্ৰয় লৈছে

আগৰতলা,২২ ফেব্ৰুৱাৰী : ত্ৰিপুৰাত শাসকীয় বিজেপি আৰু বিৰোধীৰ মাজত তীব্ৰ সংঘাত অব্যাহত আছে (BJP and CPIM clash in Tripura)। ইয়াৰ মাজতে দেওবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । গান্ধীগ্ৰামৰ চিপিআই(এম) পশ্চিম ত্ৰিপুৰা জিলা সমিতিৰ সদস্য স্বপ্ন দেৱ আৰু স্থানীয় সমিতিৰ সম্পাদক উত্তম সাহাৰ ঘৰত নিশা দুৰ্বৃত্তই প্ৰৱেশ কৰি চোকা অস্ত্ৰ আৰু লাঠিৰে আক্ৰমণ কৰে (Miscreants attack CPIM worker's residence)।

দুৰ্বৃত্তৰ দলটোৱে ঘৰৰ সা-সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে মূল্যৱান বস্তু লুটি নিয়াৰো অভিযোগ উঠিছে । ইফালে এই সমগ্ৰ ঘটনাৰ বাবে বিৰোধী চিপিআই(এম) দলে বিজেপিক দোষাৰোপ কৰিছে । তেওঁলোকৰ অভিযোগ বিজেপি সমৰ্থিত গুণ্ডা বাহিনীয়ে এই আক্ৰমণ কৰিছে ।

ভুক্তভোগী পৰিয়ালকেইটাৰ বাসগৃহ পৰিদৰ্শন কৰি সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা চিপিআই(এম) দলৰ নেতা মানিক সৰকাৰে । শাসকীয় দলৰ কৰ্মীসকলে শোভাযাত্ৰাৰ নামত এই ধৰণৰ আক্ৰমণ কৰা বুলিও তেওঁ অভিযোগ কৰে । তেওঁৰ মতে ঘৰত কোনো পুৰুষ সদস্য নথকাৰ সময়তে বিজেপিৰ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছে । এনে ধৰণৰ আক্ৰমণ কাপুৰুষৰ লক্ষণ বুলিও তেওঁ অভিযোগ কৰে ।

নেতাগৰাকীয়ে কয় যে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকল হতাশ হৈছে, যাৰ বাবে তেওঁলোকে এই ধৰণৰ হিংসাত্মক কাৰ্যকলাপত জড়িত হৈ পৰিছে । চৰকাৰ গঠনৰ পূৰ্বে বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল যে মিছ কল দিলেই চাকৰি পাব । ৫০ হাজাৰ খালী পদ পূৰণ কৰা হ'ব বুলি কৈছিল যদিও চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে নেতাগৰাকীয়ে ।

তেওঁৰ মতে বিজেপি দলত বিভাজন হৈছে । সেয়েহে তেওঁলোকৰ এটা অংশক ধনৰ প্ৰলোভন দি এনে কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰা হৈছে । যিসকল ব্যক্তিয়ে এই ধৰণৰ কাৰ্যকলাপ কৰি আছে তেওঁলোকক উদ্দেশ্যি নেতাগৰাকীয়ে কয় যে এনে ধৰণৰ ঘটনাৰ লগত জড়িত লোকসকলে নিজৰ বাবে বিপদ মাতি আনিছে । কাৰণ যেতিয়া ৰাজ্যখনত বিজেপি চৰকাৰ নাথাকিব তেতিয়া বিজেপি নেতৃত্বই তেওঁলোকক কোনো গুৰুত্ব নিদিব ।

লগতে পঢ়ক : Tripura Police Raid: ত্ৰিপুৰাৰ এখন গাঁৱত উদ্ধাৰ নিচাজাতীয় দ্ৰব্য আৰু পিষ্টল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.