ETV Bharat / snippets

AUDI বাহনসহ নুনমাটি আৰক্ষীৰ জালত অভিজাত এ টি এম চোৰ

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 10:35 AM IST

ATM thief caught by Noonmati police
AUDI বাহনসহ নুনমাটি আৰক্ষীৰ জালত অভিজাত এ টি এম চোৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 10 জুন : এইবাৰ মহানগৰীত বিলাতী চোৰৰ টিঘিলঘিলনি ৷ মহানগৰ আৰক্ষীৰ জালত পৰিছে বিলাসী AUDI বাহনসহ ৰমেশ আলী নামৰ এটা অভিজাত চোৰ । মহানগৰীৰ বিভিন্ন এ টি এমত প্ৰৱঞ্চনাৰ জাল পেলাই বিশেষ কায়দাৰে সাধৰণৰ লোকৰ পৰা ধন লুট কৰা এই অভিজাত চোৰটোক দেওবাৰে নিশা নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

ধৃত ৰমেশ আলীৰ ঘৰ বৰপেটাৰ কয়াকুছিত বুলি জানিবলৈ পৰা গৈছে । এক গোপন সূত্ৰৰ পম খেদি নুনমাটি আৰক্ষীয়ে দেওবাৰে নিশা মহানগৰীৰ ছয়মাইল জয়া নগৰৰ পৰা বিলাসী কলা ৰঙৰ ASO1 FY 3823 নম্বৰৰ AUDI বাহনসহ আটক কৰে চোৰটোক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.