ETV Bharat / state

Assam municipal election 2022: পৌৰসভাৰ প্ৰাৰ্থীলৈ কি বিশেষ আহ্বান জনালে শিৱসাগৰ নগৰৰ ৰাইজে !

author img

By

Published : Feb 23, 2022, 2:19 PM IST

পৌৰ নিৰ্বাচনৰ(Assam municipal election 2022) বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ পৌৰ সভাত । নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ নগৰৰ ৰাইজে বিশেষ আহ্বান জনাইছে । অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে দাবী জনাইছে ৰাইজে ।

Assam municipal election
পৌৰ সভাৰ প্ৰাৰ্থীলৈ বিশেষ আহ্বান শিৱসাগৰ নগৰৰ ৰাইজৰ

শিৱসাগৰ,২৩ ফেব্ৰুৱাৰী : ৰাজ্যত এতিয়া পৌৰ নিৰ্বাচনৰ (Assam municipal election 2022) গৰম বতাহ বলিছে । প্ৰতিটো পৌৰসভা এলেকাত ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে । শিৱসাগৰ জিলাতো দেখা গৈছে বিশেষ তৎপৰতা ।

শিৱসাগৰ জিলাত শিৱসাগৰ পৌৰসভা, আমগুৰি পৌৰ সভা, ডিমৌ পৌৰসভা, নাজিৰা পৌৰসভা আৰু শিমলুগুৰি পৌৰসভাত অনুষ্ঠিত হ'ব পৌৰ নিৰ্বাচন । প্ৰতিখন পৌৰসভাৰ ভিতৰত শিৱসাগৰ পৌৰসভা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ । কিয়নো স্বচ্ছতাৰ ক্ষেত্ৰত এই পৌৰসভাই দুবাৰকৈ বঁটা লাভ কৰি ৰাজ্যত উজলিছে ।

শিৱসাগৰ পৌৰসভাত আছে মুঠ ৩২,৮৬৮ গৰাকী ভোটাৰ । শিৱসাগৰ পৌৰ সভাত আছে মুঠ ১৪ টা ৱাৰ্ড । কিন্তু নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । কাৰণ পৌৰসভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ ৰাইজ বহু সমস্যাৰে ভাৰাক্ৰান্ত । তাৰ ভিতৰত বিশুদ্ধ খোৱাপানীৰ সমস্যা, ষ্ট্ৰীট লাইটৰ অভাৱ, কৃত্ৰিম বান, ডাষ্টবিনৰ অভাৱ, পাৰ্কিৰ অসুবিধা লগতে পদপথৰ অভাৱ হৈছে প্ৰধান সমস্যা ।

এই পৌৰ সভাত প্ৰতিটো দলে নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতিৰ ফুলজাৰি মাৰে আৰু শাসনৰ দায়িত্বত অহাৰ পাছতে সৰ্বসাধাৰণ ৰাইজৰ অসুবিধা তথা নিজ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি অৱহেলা কৰাৰ অভিযোগ উঠিছে । যাৰবাবে ৱাৰ্ড মেম্বাৰসকলক সমালোচনা কৰি দীৰ্ঘদিনীয়া সমস্যাসমূহৰ বিষয়ে অৱগত কৰে ৰাইজে ।

শিৱসাগৰ নগৰৰ ৰাইজ

উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে দুবাৰকৈ স্বচ্ছতাৰ বঁটা লাভ কৰা শিৱসাগৰ পৌৰ সভাক লৈ এতিয়াও বহু প্ৰশ্ন ৰাইজৰ মনত । বিধায়ক অখিল গগৈয়ে আশ্বাস দিছে যে, শিৱসাগৰ নগৰবাসীয়ে যদি ৰাইজৰ দলৰ প্ৰাৰ্থীক আদৰি লয় তেন্তে দুমাহৰ ভিতৰত শিৱসাগৰ নগৰক ৰাজ্যৰ ভিতৰত স্বচ্ছ নগৰ হিচাবে গঢ় দিব । আনহাতে শাসকীয় দলৰ হৈ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিনা পৌৰসভা কাৰ্যালয়ত উপস্থিত হৈ পৰ্যটন মন্ত্ৰী বিমল বৰাই কয় যে দলৰ আনুগত্য থাকিলেহে শিৱসাগৰ পৌৰসভাৰ সৰ্বাংগীন উন্নতি সাধন হ'ব ।

লগতে কংগ্ৰেছ দলেও তেওঁলোকক আৰু সুযোগ দিয়াৰ বাবে ৰাইজক আহ্বান জনাইছে । কিন্তু আগন্তুক পৌৰসভা নিৰ্বাচনত ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধান কৰি এখন সুস্থ সৱল পৌৰসভা গঠন হোৱাটো বিচাৰিছে পৌৰ সভাৰ বাসিন্দাসকলে ।

লগতে পঢ়ক :Municipal Election 2022: ধেমাজিত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.