ETV Bharat / sitara

নতুন লুকেৰে টুইটাৰ ট্ৰেণ্ডিঙত বাদশ্বাহ

author img

By

Published : Feb 23, 2022, 2:06 PM IST

এটা পানীয় ব্ৰেণ্ডৰ বিজ্ঞাপনত নতুন অৱতাৰেৰে খলকনি তুলিছে কিং খানে (Shah Rukh Thums up ad) ৷ অনুৰাগীসকল উৎসুক হৈ পৰিছে বহুদিনৰ মূৰত শ্বাহৰুখক এনে এক অন্য ৰূপত দেখি ৷ দীঘলকৈ ৰখা চুলি আৰু দাড়িৰ সৈতে শ্বাহৰুখৰ বিজ্ঞাপনৰ এই লুকটো সিদ্ধাৰ্থ আনন্দৰ নিদেৰ্শনাত আহিবলগীয়া ছবি পাথানৰ লুকটোৰ সৈতে যথেষ্ট সাদৃশ্য আছে ৷ কিং খান বৰ্তমান টুইটাৰ ট্ৰেণ্ডিঙত আছে কিয়নো তেওঁৰ অনুৰাগীসকলে অভিনেতাজনৰ এই তুফানি লুকটো সাংঘাতিক ধৰণে পছন্দ কৰিছে ৷

SRK storms social media with his 'toofani' comeback
নতুন লুকেৰে টুইটাৰ ট্ৰেণ্ডিঙত বাদশ্বাহ

চিটাৰা ডেস্ক, 23 ফ্ৰেব্ৰুৱাৰী : শ্বাহৰুখ অভিনীত পাঠান ছবিখনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছে চলচ্চিত্ৰপ্ৰেমী ৰাইজ ৷ মঙলবাৰে সামাজিক মাধ্যমত এটা ভিডিঅ’ অনুৰাগীৰ বাবে পোষ্ট কৰিলে অভিনেতাজনে (Shah Rukh New Thums up ad) ৷

ভিডিঅ’ টো এটা পানীয় ব্ৰেণ্ডৰ বিজ্ঞাপন য’ত শ্বাহৰুখে কেইবাটাও গুণ্ডাৰে সৈতে যুঁজ কৰে ৷ সামাজিক মাধ্যমত ভিডিঅ’টো প্ৰচাৰ হোৱাৰ লগে লগেই অনুৰাগীয়ে পাঠান ছবিত (Shah Rukh Khan new movie Pathan) শ্বাহৰুখৰ নতুন লুকৰে সৈতে বিজ্ঞাপনৰ লুকটো তুলনা কৰি টুইটাৰ ট্ৰেণ্ডিঙলৈ আনে অভিনেতাজনক ৷

বিজ্ঞাপনটোত দাড়ি আৰু দীঘল চুলিৰে সৈতে শ্বাহৰুখৰ তুফানি লুকটো সকলোৱে প্ৰশংসা কৰিছে ৷ সিদ্ধাৰ্থ আনন্দৰ নিৰ্দেশনাৰে আহিবলগীয়া ছবি পাঠানৰ লুকৰ সৈতে সম্পূৰ্ণ সাদৃশ্য আছে এই বিজ্ঞাপনটোৰ লুকটোৰ ৷

নিজৰ টুইটাৰ আৰু ইন্ষ্টা্গ্ৰাম একাউণ্টত ভিডিঅ’টো পোষ্ট কৰি শ্বাহৰুখে কেপচন দিলে, নামটো শুনা হি হোগা মেৰী জান? ইচকো চফ্ট কেহটে, কেহটে হে তুফান. থামচ্ আপ. চফ্ট ড্ৰিংক নেহী, তুফান. @থামচ্আপঅফিচিয়েল #তুফান # (SRK new ad)

শ্বাহৰুখৰ এই শক্তিশালী একচন অৱতাৰ অনুৰাগীসকলে সঁচাকৈয়ে ভাল পাইছে ৷ ৰিমেক ছবিসমূহতকৈ শ্বাহৰুখৰ বিজ্ঞাপনবোৰেই ভাল, এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে এইদৰে লিখিলে ৷

ৰূপালী পৰ্দাৰ পৰা চাৰিবছৰ আঁতৰি আছিল বলীউডৰ বাদশ্বাহগৰাকী ৷ বৰ্তমানে তামিল চিত্ৰ নিৰ্মাতা অটলীৰ নতুন প্ৰজেক্টৰ শ্বুটিঙত ব্যস্ত আছে তেওঁ ৷ তাৰ পিছতেই পাঠানৰ শ্বুটিং শেষ কৰি ৰাজকুমাৰ হিৰাণীৰ সৈতে কাম আৰম্ভ কৰিব ৷

লগতে পঢ়ক: প্ৰভাসৰ ৰাধে শ্যামত সূত্ৰধাৰৰ ভূমিকাত বিগ বি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.