ETV Bharat / bharat

ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিবাদত উত্তাল হ'ব ত্ৰিপুৰা

author img

By

Published : Feb 23, 2022, 2:16 PM IST

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে বিজেপি শাসনলৈ আহিছিল যদিও আজিও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ত্ৰিপুৰা । যাৰবাবে সমস্যাসমূহৰ সমাধানৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ টিডিএফ দলৰ (TDF party to hold protest in Tripura)। ১০ দফীয়া দাবীৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিব দলটো ।

Tripura
ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিবাদত উত্তাল হ'ব ত্ৰিপুৰা

আগৰতলা,২৩ ফেব্ৰুৱাৰী : ত্ৰিপুৰাত অতি শীঘ্ৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব ত্ৰিপুৰা ডেম'ক্ৰেটিক ফ্ৰণ্ট (TDF) দলে (TDF party to hold protest in Tripura)। কংগ্ৰেছৰ বহু কেইগৰাকী প্ৰাক্তন নেতাৰে গঠিত দলটোৱে ৰাজ্যখনৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আৰম্ভ কৰিব এই প্ৰতিবাদ । সংবাদমেলযোগে এই কথা ঘোষণা কৰে দলটোৱে । টিডিএফৰ পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষ তাপচ দেই কয় যে ৰাইজে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ দাবীৰে দলটোৱে ৰাজ্যত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব ।

ৰাজ্যখনৰ জলন্ত সমস্যাসমূহৰ কথা উল্লেখ কৰি নেতাগৰাকীয়ে কয় যে ৰাজ্যত নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰিছে আৰু ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিছে । সেয়েহে নিবনুৱা সমস্যা সমাধান, মূল্যবৃদ্ধি ৰোধ আদি ১০ দফীয়া দাবীৰে এক বৃহৎ আন্দোলন আৰম্ভ কৰিব টিডিএফ দলে । বাকী সমস্যাবোৰ ক্ৰমে খাদ্য আৰু বাসস্থানৰ অভাৱ, খোৱাপানীৰ সমস্যা, জনজাতীয় অঞ্চলৰ ৰাস্তা-ঘাটৰ দুৰৱস্থা আদি প্ৰধান । ইয়াৰোপৰি টিটিএএডিচিৰ (TTAADC) গাঁও কমিটিৰ নিৰ্বাচনৰো দাবী জনায় দলটোৱে ।

নেতাগৰাকীয়ে উল্লেখ কৰা মতে ক'ভিড পৰিস্থিতিৰ বাবে ইমান দিনে দলটোৱে কোনো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব পৰা নাছিল । ৰাজ্য চৰকাৰে চৰকাৰ বিৰোধী কণ্ঠ দমন কৰি ৰখাৰ বাবে ক'ভিডক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বুলিও তেওঁ অভিযোগ কৰে ।

নেতাগৰাকীয়ে উল্লেখ কৰা মতে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ (TTAADC) গাঁও কমিটিৰ তাৎক্ষণিক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ হস্তক্ষেপ বিচাৰি ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্যলৈ এখন পত্ৰও প্ৰেৰণ কৰিছিল দলটোৱে । কিন্তু এই ক্ষেত্ৰত ৰাজ্যপাল আৰু তেওঁৰ কাৰ্যালয়ৰ ভূমিকাৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰে নেতাগৰাকীয়ে । তেওঁৰ অভিযোগ ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ কৰিলেও তেওঁলোকে সেইবোৰৰ কোনো উত্তৰ নাপায় । যোৱা ১৫ ডিচেম্বৰতে এখন পত্ৰ প্ৰেৰণ কৰিছে কিন্তু আজিলৈ সেই পত্ৰৰ কোনো উত্তৰ নোপোৱাৰো অভিযোগ নেতাগৰাকীৰ ।

লগতে পঢ়ক :থলুৱা জনজাতিৰ বাবে ভাষা বিকাশ সমিতি গঠনৰ আহ্বান মহাৰাজা প্ৰদ্যুত কিশোৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.