ETV Bharat / bharat

থলুৱা জনজাতিৰ বাবে ভাষা বিকাশ সমিতি গঠনৰ আহ্বান মহাৰাজা প্ৰদ্যুত কিশোৰৰ

author img

By

Published : Feb 22, 2022, 10:02 PM IST

Updated : Feb 22, 2022, 10:18 PM IST

Tripura Tribal Areas Autonomous District Council
থলুৱা জনজাতিৰ বাবে ভাষা বিকাশ সমিতি গঠনৰ আহ্বান : প্ৰদ্যুত কিশোৰ

ত্ৰিপুৰাৰ থলুৱা ভাষাসমূহ সংৰক্ষণৰ হকে ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদে (Tripura Tribal Areas Autonomous District Council চমুকৈ TTAADC) আয়োজন ককৰে এক সভাৰ ৷ এই সভাৰ পৰাই প্ৰশাসন সংস্কাৰ সমিতিৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মাণিক্য দেৱবৰ্মাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক পৰিষদত ভাষা বিকাশ সমিতি গঠনৰ বাবে আহ্বান জনায় ।

আগৰতলা, 22 ফেব্ৰুৱাৰী : মঙলবাৰে ত্ৰিপুৰাৰ থলুৱা ভাষাসমূহ সংৰক্ষণৰ বাবে আয়োজন কৰা হয় এক সভাৰ ৷ ত্ৰিপুৰাৰ থলুৱা ভাষাসমূহ সংৰক্ষণৰ হকে এই সভাতে ত্ৰিপুৰা জনজাতীয় স্বায়ত্ব শাসিত জিলা পৰিষদৰ (Tripura Tribal Areas Autonomous District Council চমুকৈ TTAADC) প্ৰশাসন সংস্কাৰ সমিতিৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মাণিক্য দেৱবৰ্মাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক পৰিষদত ভাষা বিকাশ সমিতি গঠনৰ বাবে আহ্বান জনায় ।

সেই উদ্দেশ্যে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীলৈ লিখা এখনি পত্ৰত TIPRA ৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মাণিক্য দেৱবৰ্মাই উল্লেখ কৰে যে, "ক’কব’ৰোক ভাষী থলুৱা জনজাতি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ সন্দৰ্ভত কিছু ভুল বুজাবুজি হ'ব পাৰে । সেয়েহে, পৰামৰ্শদাতা সংস্কাৰ সমিতিৰ অধ্যক্ষ হিচাপে, মই আপোনাক এই বিষয়টো অতি গুৰুত্বসহকাৰে চোৱা-চিতা কৰিবলৈ অনুৰোধ জনাইছো" ।

ক’কব’ৰোক ভাষা হিচাপে প্ৰচাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি তেওঁ উল্লেখ কৰে ৷

লগতে তেওঁ কয় যে, ত্ৰিপুৰাত বাস কৰা আন জনজাতিসমূহৰ প্ৰতি অতি সংবেদনশীল আৰু সচেতন হ'ব লাগিব ৷ যি সকল অ-ক’কব’ৰোক ভাষী লোক আছে আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো পক্ষপাতিত্ব কৰা উচিত নহয় ৷ বিশেষকৈ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ।

উল্লেখ্য যে, ক’কব’ৰোক ভাষা হৈছে ত্ৰিপুৰাৰ জনজাতীয় লোকসকলৰ মাজত বহুলভাৱে কথিত ৰূপত ব্যৱহৃত ভাষা (Kokborok language is the widely spoken lingua franca of the tribal people in Tripura) । সেয়েহে, আন থলুৱা ভাষাবোৰৰ বাবে এটা ভাষা উন্নয়ন সমিতি গঠন কৰাৰ অতি প্ৰয়োজন ৷ যাৰ বাবে সংস্কৃতি আৰু ভাষাও TTAADC ত সংৰক্ষণ কৰা প্ৰয়োজন । এই কথা উল্লেখিত পত্ৰখনত সন্নিবিষ্ট কৰে TIPRA ৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ মাণিক্য দেৱবৰ্মাই ৷

লগতে পঢ়ক : হতাশগ্ৰস্ত নিবনুৱাসকলে হিংসাৰ আশ্ৰয় লৈছে: মানিক সৰকাৰ

Last Updated :Feb 22, 2022, 10:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.