ETV Bharat / state

প্ৰখ্যাত শিক্ষাবিদ সাংবাদিক বিজনলাল চৌধুৰীৰ শেষ নিশ্বাস ত্যাগ

author img

By

Published : Feb 23, 2022, 9:21 AM IST

দীৰ্ঘদিন অসুস্থ হৈ থকা বিজনলাল চৌধুৰী পূৰ্বে ক'ভিডত আক্ৰান্ত হৈছিল ৷ স্মৃতিভ্ৰম ৰোগত ভুগি থকা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে মঙলবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওঁ বৰপেটাৰ এম চি কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আছিল ৷ অসমৰ বামপন্থী আন্দোলনৰ সৈতে আৰম্ভণিৰে পৰা জৰিত আছিল বিজনলাল চৌধুৰী ৷

leftist thinker journalist Bijanlal Choudhury passes away
প্ৰখ্যাত শিক্ষাবিদ সাংবাদিক বিজনলাল চৌধুৰী

বৰপেটা, 23 ফেব্ৰুৱাৰী : প্ৰখ্যাত শিক্ষাবিদ, বিদগ্ধ বামপন্থী চিন্তাবিদ, কবি, সাহিত্যিক, সাংবাদিক বিজনলাল চৌধুৰীয়ে মঙলবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে(Bijanlal Choudhury passes away) ৷ ক'ভিডোত্তৰ অসুস্থতাত ভুগি বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ৮২ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী পুত্ৰ আৰু বোৱাৰী, এগৰাকী জীয়ৰীৰ লগতে বহু আত্মীয় আৰু গুনমুগ্ধক এৰি থৈ যায় ৷

ৰাজ্যৰ এগৰাকী বিশিষ্ঠ কবি প্ৰসন্নলাল চৌধুৰীৰ পুত্ৰ বিজনলাল চৌধুৰী ১৯৪০ চনৰ ২৬ আগষ্টত ডিব্ৰুগড়ৰ আমোলাপট্টিত জন্মগ্ৰহণ কৰিছিল ৷ তেওঁ বৰপেটাৰ এম চি কলেজৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আছিল ৷ অসমৰ বামপন্থী আন্দোলনৰ সৈতে আৰম্ভণিৰে পৰা জৰিত আছিল বিজনলাল চৌধুৰী ৷ জৰুৰী অৱস্থাৰ সময়ত তেওঁ ১৯ মাহ কাৰাগাৰত কাৰাবন্দী হৈ থাকিবলগীয়া হৈছিল ৷

leftist thinker journalist Bijanlal Choudhury passes away
প্ৰখ্যাত শিক্ষাবিদ সাংবাদিক বিজনলাল চৌধুৰী

ৰাজ্যত ভাৰতৰ মাক্সবাদী কমিউনিষ্ট পাৰ্টিক নেতৃত্ব প্ৰদান কৰা বিজনলাল চৌধুৰী আছিল দলটোৰ অন্যতম নেতা ৷ তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সৈতে দীৰ্ঘকাল জৰিত হৈ আছিল ৷ আনহাতে নতুন সাহিত্য পৰিষদৰ সৈতেও বিশেষভাৱে জৰিত আছিল বামপন্থী চিন্তাবিদগৰাকী ৷ তেওঁ জীৱনকালত কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰিছিল ৷ নতুন পৃথিৱী আলোচনীৰ সম্পাদনাৰ লগতে চাবুক আৰু সুৰুজমুখী নামৰ দুখন সাহিত্য বিষয়ক আলোচনী প্ৰকাশ কৰিছিল ৷

বিজনলালা চৌধুৰী সাপ্তাহিক নীলাচলৰ যোগেদি সংবাদ জগতত প্ৰৱেশ কৰি নতুন দৈনিক কাকতত বৰপেটাৰ সংবাদদাতা হিচাপে সেৱা আগবঢ়াইছিল ৷ আজীৱন বামপন্থী চিন্তাধাৰাৰে পৰিচালিত বিজনলাল চৌধুৰীৰ মৃত্যুত সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, চি পি আই এমৰ বৰপেটা জিলা সমিতি, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা(Barpeta Satra Burha Satriya Basistha Dev Sarma), সুন্দৰীদিয়া সত্ৰৰ সত্ৰীয়া জগন্নাথ অধিকাৰীয়ে শোক প্ৰকাশ কৰিছে ৷ একেদৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাস, বৰপেটা জিলা ছাত্ৰ সন্থা, বৰপেটা জিলা বিজেপি, অসম গণ পৰিষদৰ বৰপেটা নগৰ মণ্ডল, অসম জাতীয় পৰিষদৰ গোবিন্দ গায়নকে ধৰি বিভিন্নজনে বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যৰ ভৱিষ্যতৰ উন্নয়নৰ বাবে আইআইটি গুৱাহাটী আৰু অসম চৰকাৰৰ যৌথ কাৰ্যপন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.