ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Jun 14, 2022, 6:56 PM IST

TOP 10 AT 7PM
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

Landslide in Guwahati: ২৫ বছৰত মহানগৰীৰ ভূমিস্খলনত ১৬৫ জনৰ মৃত্যু

১৯৯৩ চনৰপৰা ২০১৮ চনলৈ ২৫ বছৰত গুৱাহাটীত ভূমিস্খলনৰ ফলত ১৬৫ জন লোকৰ প্ৰাণহানি হৈছে । 2018ৰ পৰা 2022লৈ এই সংখ্য়া বৃদ্ধি হৈছে ৷ মঙলবাৰেও গুৱাহাটীত ভূমিস্খলনৰ ফলত চাৰিজন লোকৰ মৃত্যু হয় (Four people died in landslide in Guwahati) ।

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী-নিমাতি ফেৰীসেৱা

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী-নিমাতী ফেৰীসেৱা (Majuli Nimati ferry service)৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ফেৰীসেৱা বন্ধৰ ঘোষণা কৰে ৷

Artificial flood in Guwahati: বানৰ মাজতে অনিল নগৰত মৃত্যু এজনৰ

মহানগৰীৰ কৃত্ৰিম বানৰ (Flood in Guwahati) মাজতে অনিল নগৰত এজন লোকৰ মৃত্যুৰ বাতৰি লাভ কৰা হৈছে ৷ তথ্য অনুসৰি, গুৱাহাটী পৌৰ নিগমৰ (GMC) আয়ুক্ত দেবাশীস শৰ্মাৰ নেতৃত্বত NDRF বাহিনীৰ সহযোগত ইতিমধ্যে মহানগৰ প্ৰশাসনে মঙলবাৰে উদ্ধাৰ কৰে মৃতদেহটো । মৃত্যু হোৱা লোকজনৰ নাম ৰাম প্ৰসাদ বনিক্য বুলি জানিব পৰা গৈছে ৷

আহোমক জনজাতিৰ মৰ্যাদা নিদিলে দিব লাগিব সুকীয়া ৰাজ্য

নাহৰকটীয়াত সংবাদমেল পাতি সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰিলে 'টাইপা'ৰ কেন্দ্ৰীয় সমিতিয়ে ৷ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে আহোম জনগোষ্ঠীক কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে জনজাতিৰ মৰ্যদা যদি প্ৰদান নকৰে তেন্তে এখন সুকীয়া ৰাজ্য প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।

সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি

৯১০খন সত্ৰৰ ৮ হাজাৰ বিঘা ভূমিৰ নাই কোনো অস্তিত্ব । বেদখলমুক্ত অধ্যয়ন সমিতিৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য । বহু সত্ৰ নামতহে বৰ্তি আছে । চৌপাশে এতিয়া কেৱল বেদখলকাৰীৰ গাঁও । প্ৰতিখন সত্ৰতে পূৰ্ববংগীয় মুছলমান বেদখলকাৰীৰ দপদপনি । সৰ্বাধিক দখল হৈছে বৰপেটা আৰু নগাঁৱৰ সত্ৰৰ ভূমি ।

শিক্ষকৰূপী এল আই চি এজেণ্টৰ তথ্য বিচাৰি শিক্ষা বিভাগলৈ চৰকাৰৰ জাননী

শিক্ষকতাৰ লগতে এল আই চিৰ এজেণ্ট হিচাপে কাম কৰা শিক্ষকৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ । শিক্ষকৰ চাকৰি কৰিও নিজৰ বা পৰিয়ালৰ সদস্যৰ নামত এজেঞ্চি লৈ এল আই চি পলিচী বিক্ৰী কৰি ফুৰা শিক্ষক-কর্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰে জাননী জাৰি কৰিছে ।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সুখবৰ

শীঘ্ৰেই ভৱিষ্যনিধি আৰু বেতন বৃদ্ধিৰ ব্যৱস্থা কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰীৰ বাবে (PNRD Contractual Employee)৷ বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জনালে এই কথা ৷

বজ্ৰপাতৰ ফলত জুইৰ সূত্ৰপাত বৰপেটা চহৰৰ এটা পেট্ৰল পাম্পত

যোৱা কিছু দিন ধৰি অসমৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ হোৱা দেখা গৈছে (Heavy rain in different parts of Assam)। ঠায়ে ঠায়ে বজ্ৰপাত পৰি বিস্তৰ ক্ষতিসাধন হোৱাও দেখা গৈছে । এইবাৰ ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল বৰপেটাৰ মদন মোহন এণ্ড চনছ্ পেট্ৰ'ল পাম্প । পেট্ৰ'ল পাম্পটোত বজ্ৰপাত পৰাৰ পাছতে জুইৰ সূত্ৰপাত হয় (Lightning strikes petrol pump in Barpeta)।

জলমগ্ন মহানগৰীত জলবন্দী মহানাগৰিক

সোমবাৰে নিশাৰে পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত জলমগ্ন হ'ল মহানগৰীৰ গৰিষ্ঠ সংখ্যক অঞ্চল (Guwahati under Artificial flood) । ব্যাহত হৈ পৰিছে যাতায়ত ৷ লগতে মহানগৰীৰ কেইবা ঠাইতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা(Landslide in Guwahati) ৷

Rahul appears before ED : দ্বিতীয় দিনাও EDৰ কাৰ্যালয়ত হাজিৰ ৰাহুল গান্ধী

নেচনেল হেৰাল্ডৰ পুঁজি অপব্যৱহাৰ গোচৰত দ্বিতীয় দিনাও EDৰ কাৰ্যালত জেৰা চলোৱা হ'ব ৰাহুল গান্ধীক । পুৱাই কাৰ্যালয়টোত উপস্থিত কংগ্ৰেছ নেতাগৰাকী (Rahul arrives at ED office)। ভগ্নী তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীও তেওঁৰ সৈতে উপস্থিত কাৰ্যালয়ত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.