Artificial flood in Guwahati: বানৰ মাজতে অনিল নগৰত মৃত্যু এজনৰ

By

Published : Jun 14, 2022, 6:13 PM IST

thumbnail

এফালে বান আৰু আনফালে মৃত্যুৰ বিভীষিকা (Man died during Artificial flood in Guwahati) ৷ সোমবাৰে নিশা অহা মুষলধাৰ বৰষুণৰ ফলত ডুব যায় মহানগৰীৰ অধিকাংশ অঞ্চল (Guwahati under Artificial flood) ৷ মহানগৰীৰ কৃত্ৰিম বানৰ (Flood in Guwahati) মাজতে অনিল নগৰত এজন লোকৰ মৃত্যুৰ বাতৰি লাভ কৰা হৈছে ৷ তথ্য অনুসৰি, গুৱাহাটী পৌৰ নিগমৰ (GMC) আয়ুক্ত দেবাশীস শৰ্মাৰ নেতৃত্বত NDRF বাহিনীৰ সহযোগত ইতিমধ্যে মহানগৰ প্ৰশাসনে মঙলবাৰে উদ্ধাৰ কৰে মৃতদেহটো । মৃত্যু হোৱা লোকজনৰ নাম ৰাম প্ৰসাদ বনিক্য বুলি জানিব পৰা গৈছে ৷ বাৰ্ধক্যজনিত কাৰণতেই সোমবাৰে নিশা অনিলনগৰস্থিত বাসগৃহত মৃত্যু হয় ৰাম প্ৰসাদ বনিক্যৰ ৷ উল্লেখ্য যে, মহানগৰীৰ বিভিন্ন স্থানৰ লগতে অনিল নগৰ, নবীন নগৰত একঁকাল পৰ্যন্ত পানী হোৱাত নব্বৈৰ উৰ্দ্ধ বয়সৰ ব্যক্তিগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবৰ বাবে পৰিয়ালৰ লোকে উলিয়াই আনিব পৰা নাছিল । যাৰ বাবে খবৰ দিয়া হয় মহানগৰ প্ৰশাসনক ৷ খবৰ পোৱাৰ মাত্ৰেই মহানগৰ প্ৰশাসন আৰু NDRF বাহিনীয়ে মৃতদেহটো উদ্ধাৰ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.