ETV Bharat / state

শিক্ষকৰূপী এল আই চি এজেণ্টৰ তথ্য বিচাৰি শিক্ষা বিভাগলৈ চৰকাৰৰ জাননী

author img

By

Published : Jun 14, 2022, 3:12 PM IST

কোন কোন শিক্ষক এল আই চিৰ এজেন্ট । ব্যৱস্থা ল'বলৈ তালিকা বিচাৰিলে চৰকাৰে । মেট্ৰিকৰ ফলাফলত চৰকাৰী বিদ্যালয়ৰ পুতৌজনক ছবি । শিক্ষকতাৰ লগতে এল আই চিৰ এজেণ্ট হিচাপে কাম কৰা শিক্ষকৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ । শিক্ষকৰ চাকৰি কৰিও নিজৰ বা পৰিয়ালৰ সদস্যৰ নামত এজেঞ্চি লৈ এল আই চি পলিচী বিক্ৰী কৰি ফুৰা শিক্ষক-কর্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰে জাননী জাৰি কৰিছে ।

শিক্ষকৰূপী এল আই চি এজেণ্টৰ তথ্য বিচাৰি শিক্ষা বিভাগলৈ চৰকাৰৰ জাননী
শিক্ষকৰূপী এল আই চি এজেণ্টৰ তথ্য বিচাৰি শিক্ষা বিভাগলৈ চৰকাৰৰ জাননী

গুৱাহাটী, ১৪ জুন: মেট্ৰিক পৰীক্ষাৰ ফলাফলত চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থা পৰিলক্ষিত হোৱাৰ পাছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষকসকলক একপ্ৰকাৰৰ কঠোৰ সকিয়নী দিছে (CM warns teachers) । আনহাতে ফলাফল বেয়া হোৱা বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে । ইফালে শিক্ষকতাৰ লগতে এল আই চিৰ এজেণ্ট হিচাপে কাম কৰা শিক্ষকৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈছে ৰাজ্য চৰকাৰ ।

শিক্ষকৰূপী এল আই চি এজেণ্টৰ তথ্য বিচাৰি শিক্ষা বিভাগলৈ চৰকাৰৰ জাননী
শিক্ষকৰূপী এল আই চি এজেণ্টৰ তথ্য বিচাৰি শিক্ষা বিভাগলৈ চৰকাৰৰ জাননী

শিক্ষকৰ চাকৰি কৰিও নিজৰ বা পৰিয়ালৰ সদস্যৰ নামত এজেণ্ট হৈ এল আই চিৰ পলিচী বিক্ৰী কৰি ফুৰা শিক্ষক-কর্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰে জাননী জাৰি কৰিছে । উল্লেখ্য যে অতি গোপনীয়তাৰে ১২ মে'ত এই সন্দৰ্ভত শিক্ষা বিভাগলৈ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰে । এই জাননী জাৰি কৰাৰ কেইদিনমান পাছতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বীমাৰ পলিচী বিক্ৰী কৰি ফুৰা শিক্ষকক লক্ষ্য কৰি কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ।

তেওঁৰ স্পষ্ট কথা আছিল যে শিক্ষকৰ চাকৰি কৰা শিক্ষকে এল আই চি কিয় কৰি ফুৰিব, এয়া হ’ব নোৱাৰে । এনে লোকক আমি শিক্ষক বুলি গণ্য কৰিম নে এল আই চিৰ এজেন্ট বুলি গণ্য কৰিম বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছিল । মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পূৰ্বেই চৰকাৰে শিক্ষা বিভাগলৈ এই সন্দৰ্ভত জাননী জাৰি কৰিছিল । জাননী যোগে শিক্ষা বিভাগক নিজে বা পৰিয়ালৰ আন সদস্যৰ নামত এজেন্সী লৈ এল আই চি পলিচী বিক্ৰী কৰি ফুৰা শিক্ষক-কর্মচাৰীৰ তালিকা শীঘ্ৰে চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে (Government wants name of those teachers who are working as LIC agent)।

শিক্ষকৰূপী এল আই চি এজেণ্টৰ তথ্য বিচাৰি শিক্ষা বিভাগলৈ চৰকাৰৰ জাননী
শিক্ষকৰূপী এল আই চি এজেণ্টৰ তথ্য বিচাৰি শিক্ষা বিভাগলৈ চৰকাৰৰ জাননী

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ- শিক্ষক হ’ব নোৱাৰিব এল আই চিৰ এজেণ্ট । মুখ্যমন্ত্ৰীগৰাকী এল আই চিৰ এজেণ্টৰূপী শিক্ষকক লৈ কঠোৰ হোৱাৰ বিপৰীতে এনে শিক্ষকৰ তালিকা প্ৰস্তুত কৰাৰ লগতে শুনানি অনুষ্ঠিত কৰাৰ আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে । উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায় ৪০ শতাংশ চৰকাৰী বিদ্যালয়ৰে ফলাফল অতি পুতৌজনক ।

চৰকাৰী তথ্য মতেই শতাধিক শিক্ষানুষ্ঠানৰ ফলাফল শূন্য । মন কৰিবলগীয়া যে শিক্ষকে এল আই চিৰ এজেণ্ট হিচাপে কাম কৰি থকা বিষয়টো পূৰ্বেই দৃষ্টিগোচৰ হৈছিল ৰাজ্যৰ শিক্ষা বিভাগৰ । ইতিমধ্যে চৰকাৰ তথা শিক্ষা বিভাগে এনে বহু শিক্ষকৰ বিৰুদ্ধে লিখিত অভিযোগো লাভ কৰিছে বুলি জানিব পৰা গৈছে । সেই অভিযোগৰ ভিত্তিতে মাধ্যমিক শিক্ষা বিভাগে এল আই চি এজেণ্টৰূপী শিক্ষকৰ এক তালিকাও প্ৰস্তুত কৰিছে ।

এই তালিকাৰ ভিত্তিতে জিলা শিক্ষা পৰিদৰ্শকৰ জৰিয়তে অনুসন্ধান কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । আনহাতে আন একাংশ শিক্ষকে পত্নীক এল আই চিৰ এজেণ্ট হিচাপে ৰাখি নিজেই সেই কামত ব্যস্ত থকাৰো অভিযোগ লাভ কৰিছে । এনে শিক্ষকৰ বিৰুদ্ধেও বিভাগে ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ কৰিছে । প্ৰাপ্ত অভিযোগ মতে একাংশ শিক্ষক তথা কৰ্মচাৰীয়ে নিজৰ পৰিয়ালৰ সদস্যৰ নামত এজে়ঞ্চী লৈ এল আই চিৰ পলিচী বিক্ৰী কৰি ফুৰে (Some of teachers are running LIC agencies on behalf of family members) । ৰাজ্য চৰকাৰে যদি এই নিৰ্দেশ আক্ষৰিক অৰ্থতে মানি আগবাঢ়ে তেনেহলে শিক্ষকৰ এল আই চি এজেন্সী বন্ধ হ’ব আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰকৃত শিক্ষাদানৰ পথ মুকলি হ’ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: গুৱাহাটী মহানগৰীত ভূমিস্খলনত চাৰিজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.