ETV Bharat / city

গুৱাহাটী মহানগৰীত ভূমিস্খলনত চাৰিজনৰ মৃত্যু

author img

By

Published : Jun 14, 2022, 8:43 AM IST

Updated : Jun 14, 2022, 10:10 AM IST

গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলন (Landslide in Guwahati) ৷ পশ্চিম বৰাগাঁৱৰ নিজৰাপাৰত ভূমিস্খলনত চাৰিজনৰ মৃত্যু ৷

Four died in landslide at Guwahati city
Four died in landslide at Guwahati city

নিউজ ডেস্ক, 14 জুন: প্ৰৱল বৃষ্টিপাতৰ মাজতে গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলন (Landslide in Guwahati) ৷ পশ্চিম বৰাগাঁৱৰ নিজৰাপাৰত নিশা প্ৰায় 12.45 বজাত পাহাৰৰ পৰা খহি অহা মাটিয়ে হেঁচা মাৰি ধৰিলে এটা ঘৰ ৷ ঘৰটোত থকা চাৰিজন শ্ৰমিক ওৰে নিশা ঘৰৰ ভিতৰতেই বন্দী হৈ থাকে ৷

গুৱাহাটী মহানগৰীত ভূমিস্খলনত চাৰিজনৰ মৃত্যু

ভূমিস্খলনটো সংঘটিত হোৱাৰ পিছত অঞ্চলটোত হুৱাদুৱা লাগে ৷ বহু সময়ৰ পিছত ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনীৰ উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ৷ জানিব পৰা মতে আৱদ্ধ হৈ থকা চাৰিওজন লোকে কৰুণ মৃত্যুক সাৱটি লয় (Four died in landslide at Guwahati) ৷ মৃত চাৰিজন শ্ৰমিকে তিনিমাহৰ পৰা নিৰ্মাণ কাৰ্যৰ বাবে ঘৰটোত বাস কৰিছিল ৷

ইয়াৰ সমান্তৰালকে বামুনীমৈদাম জ্যোতি নগৰ আৰু নৱগ্ৰহতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ পাহৰৰ মাটি খহি অহাৰ ফলত বন্ধ হৈ পৰিছে নৱগ্ৰহ পথ ৷ ওৰে নিশা প্ৰৱল বৃষ্টিপাত হৈ থকাৰ ফলত কৃত্ৰিম বানৰো উদ্ভৱ হৈছে মহানগৰীখনৰ বহুকেইটা স্থানত (Flood in Guwahati) ৷ কৃত্ৰিম বানৰ ফলত পথসমূহ ভীষণ যান-জঁটৰ সৃষ্টি হৈছে ৷

লগতে চাওক : লুইতৰ বুকুত কান্দোনৰ ৰোল : ধুমুহাই আগচিলে যাত্ৰীবাহী লঞ্চ

Last Updated :Jun 14, 2022, 10:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.