ETV Bharat / city

লুইতৰ বুকুত কান্দোনৰ ৰোল : ধুমুহাই আগচিলে যাত্ৰীবাহী লঞ্চ

author img

By

Published : Jun 14, 2022, 7:42 AM IST

এখন ডুবু ডুবু জাহাজ আৰু জাহাজখনত তিনি শতাধিক যাত্ৰী (Lonch faced trouble in river Brahmaputra)৷ যাত্ৰাপথত ধুমুহাৰ তাণ্ডৱ ৷ লুইতৰ বুকুত কান্দোনৰ ৰোল ৷

A Lonch faced trouble in river Brahmaputra
A Lonch faced trouble in river Brahmaputra

ধুবুৰী, 14 জুন: লুইতৰ বুকুত অথন্তৰ ৷ হঠাৎ লুইতৰ বুকুত শুনা গ’ল মৰণ কাতৰ বিননি ৷ এখন ডুবু ডুবু জাহাজ আৰু জাহাজখনত তিনি শতাধিক যাত্ৰী (Lonch faced trouble in river Brahmaputra) ৷ যাত্ৰাপথত ধুমুহাৰ তাণ্ডৱ ৷ কি কৰিব কলৈ যাব যাত্ৰীসকল ? প্ৰাণৰ মমতাত তেওঁলোকে মাথোঁ চিঞৰিছে ৷ স্মৰণ কৰিছে নেদেখা জনক ৷ এই ভয়ানক ঘটনা সংঘটিত হয় সোমবাৰে ধুবুৰীত ৷

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাজিৰহাটৰ পৰা ধুবুৰী অভিমুখে এখন লঞ্চ যাত্ৰী লৈ আহি থকা অৱস্থাতে লুইতৰ মাজত প্ৰবল ধুমুহা-বৰষুণৰ মুখামুখি হয় (Dhubri boat met storm in Brahmaputra) ৷ লুইতৰ বুকুত উঠা প্ৰচণ্ড ঢৌৰ মাজত তিনি শতাধিক যাত্ৰীসহ লঞ্চখন কেইবাবাৰো দুৰ্ঘটনাত পতিত হোৱাৰ উপক্ৰম হয় ৷ পৰিস্থিতি ভয়াৱহ দেখি লঞ্চত থকা যাত্ৰী সকলে লাইফ জেকেট পিন্ধিবলৈ আৰম্ভ কৰে যদিও লঞ্চত নাছিল পৰ্যাপ্ত লাইফ জেকেট ৷

ধুমুহাই আগচিলে যাত্ৰীবাহী লঞ্চ

ফলত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ এনে পৰিস্থিতিত সকলোৱে নেদেখাজনক স্মৰণ কৰি প্ৰাৰ্থনা কৰাৰ বাহিৰে কোনো যেন গত্যন্তৰ নাছিল তেওঁলোকৰ ৷ কান্দোনৰ ৰোল উঠে লুইতৰ বুকুত ৷ অৱশ্যে ধুমুহা বৰষুণ ক্ৰমাৎ কমি অহাৰ ফলত সুকলমে ধুবুৰীৰ পাৰঘটত উপস্থিত হয় যাত্ৰীবাহী লঞ্চখন ।

উল্লেখ্য যে, ধুবুৰীৰ মেদেৰটাৰীৰ পিছত উত্তৰ গুৱাহাটী, নিমাতীঘাটকে ধৰি ৰাজ্যৰ ভিন্ন স্থানত কেইবাটাও ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে (Boat accident in Brahmaputra)৷ তাৰ পিছতো বিভাগীয় নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই ধুবুৰী লঞ্চৰ লেছী সমূহে লঞ্চত অধিক যাত্ৰীৰে চলাচল অব্যাহত ৰাখিছে ৷ এইক্ষেত্ৰত যেন দেখিও নেদেখাৰ ভাও জুৰি আছে বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনে ৷

লগতে পঢ়ক : সাতগাঁৱত দিন দুপৰতে ধন লুট: মটৰ চাইকেলত অহা দুৰ্বৃত্তই কাঢ়ি নিলে টকা ভৰ্তি বেগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.