ETV Bharat / city

সাতগাঁৱত দিন দুপৰতে ধন লুট: মটৰ চাইকেলত অহা দুৰ্বৃত্তই কাঢ়ি নিলে টকা ভৰ্তি বেগ

author img

By

Published : Jun 13, 2022, 10:59 PM IST

মহানগৰীৰ সাতগাঁৱত সংঘটিত হয় এক ডকাইতি কাণ্ড (Robbery case in Gwahati) ৷ মটৰ চাইকেলত অহা দুৰ্বৃত্তই এজন লোকৰ পৰা ডেৰ লাখ টকা ভৰ্তি বেগ কাঢ়ি লৈ যায় ৷

robbery case in Gwahati Miscreant looted about lakhs
সাতগাওঁত দিন দুপৰতে ধন লুট

গুৱাহাটী,১৩ জুন: আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ গুৱাহাটী মহানগৰত অব্যাহত আছে চোৰৰ উপদ্ৰৱ ৷ আৰক্ষীৰ চকুত ধূলি মাৰি মহানগৰীৰ ভিন্ন প্ৰান্তত চলাইছে চোৰে লুটপাত (Rise in theft and robbery cases in Guwahati) । শেহতীয়াকৈ সাতগাঁৱত সংঘটিত হয় এক ডকাইতি কাণ্ড (Robbery case in Gwahati) ৷ সোমবাৰে দিন দুপৰতে মটৰ চাইকেলত অহা দুৰ্বৃত্তই এজন লোকৰ পৰা ডেৰ লাখ টকা ভৰ্তি বেগ কাঢ়ি লৈ যায় (Miscreant looted about lakhs ) ৷ এই ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

ঘটনা অনুসৰি, সাতগাঁও প্ৰগতি নগৰৰ বাসিন্দা তথা ভাৰতীয় তেল নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া ধীৰেন বৰুৱাই (60) দিনৰ ভাগত নাৰেংগীস্থিত ইউ'কো বেংকৰ বোন্দা শাখাৰ পৰা ডেৰ লাখ টকা উলিয়াইছিল । তাৰ পিছত লোকজনে নাৰেংগীৰ পৰা এখন ট্ৰেকাৰত উঠি সাতগাঁৱৰ নিজ ঘৰ অভিমুখে ৰাওনা হয় ।

সাতগাওঁত দিন দুপৰতে ধন লুট

সাতগাঁও ৰেল লাইনত লোকজনে ট্ৰেকাৰৰ পৰা নামি ঘৰৰ বাবে দোকানৰ পৰা কিবা সামগ্ৰী ক্ৰয় কৰিবলৈ বুলি খোজ কাঢ়ি অহাৰ সময়তে এখন মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই লোকজনৰ হাতৰ পৰা টকাৰ বেগটো কাঢ়ি নাৰেংগী অভিমুখে উধাও হয় । এনে আকস্মিক ঘটনাত হতভম্ব হৈ পৰা ভুক্তভোগী লোকজনে প্ৰথম অৱস্থাত চোৰ চোৰ বুলি চিঞৰ বাখৰ কৰে যদিও সেই সময়ত উক্ত স্থানত উপস্থিত থকা প্ৰত্যক্ষ দৰ্শীসকলে সহায় কৰিবলৈ আগবাঢ়ি নহাত দুৰ্বৃত্ত দুটা পলাই যাবলৈ সক্ষম হয় ।

পৰৱৰ্তী সময়ত সাতগাঁও আৰক্ষী থানাত ধীৰেন বৰুৱাই ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি ঘটনাস্থলীৰ ওচৰৰ এখন দোকানৰ পৰা চি চি টিভি কেমেৰাৰ ফুটেজ সংগ্ৰহ (On camera stealing video) কৰে ৷

লগতে পঢ়ক: পত্নীক নিৰ্যাতন চলোৱা চিকিৎসকৰ হাতত লাগিল হেণ্ডকাফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.