ETV Bharat / state

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সুখবৰ

author img

By

Published : Jun 14, 2022, 5:06 PM IST

PNRD Contractual Employee
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সুখবৰ

শীঘ্ৰেই ভৱিষ্যনিধি আৰু বেতন বৃদ্ধিৰ ব্যৱস্থা কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰীৰ বাবে (PNRD Contractual Employee)৷ বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে জনালে এই কথা ৷

ধিং, 14 জুন: মৰিগাঁৱত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ দিলে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (PNRD minister Ranjeet Kumar Dass)। সোনকালেই ভৱিষ্যনিধি আৰু বেতন বৃদ্ধিৰ ব্যৱস্থা কৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰীৰ বাবে (PF for PNRD Contractual Employee)।

তেজপুৰৰ কেবিনেটৰ পৰা উভতাৰ পথত মৰিগাঁও জিলা পৰিদৰ্শন কৰে কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । মন্ত্ৰীজনে জানিবলৈ দিয়ে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিত কৰ্মচাৰীসকলক চুক্তি অনুসৰি কোনোধৰণৰ স্থায়ীকৰণ আৰু দৰমহা বৃদ্ধিৰ কথা চুক্তিত উল্লেখ নাই । তথাপিও কৰ্মচাৰীসকলৰ প্ৰতি মানৱতাৰ দৃষ্টিভংগীৰে চাই তেওঁলোকৰ বাবে ভৱিষ্যনিধিৰ ব্যৱস্থা কৰাৰ লগতে এককালীন বেতন বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে (PNRD Contractual Employee increment)।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সুখবৰ

মন্ত্ৰী ৰণজিৎ কুমাৰ দাস জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বায়িত্বত থকাৰ সময়ত আঠ হাজাৰ কৰ্মচাৰীৰ বাবে ভৱিষ্যনিধিৰ ব্যৱস্থা কৰিছিল, যি সুবিধা আগন্তুক দিনত লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে (PF for PHE employee) । প্ৰভিডেন্ট ফাণ্ড জমাৰ বাবে কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা দুই হাজাৰ টকা পৰ্যন্ত কাটি ৰখা হ’ব , সেইবাবে বেতন বৃদ্ধিৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিলে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে মঙলবাৰে পোন প্ৰথমবাৰৰ বাবে মৰিগাঁও জিলাত গ্ৰামোন্নয়ণ বিভাগৰ জৰিয়তে পুখুৰী খন্দা আঁচনি পৰ্যবেক্ষণ কৰে । ইয়াৰ পাছত জালুগুটি পঞ্চায়ত কাৰ্যালয়ত উপস্থিত হয় আৰু জবকাৰ্ডপ্ৰাপ্ত শ্ৰমিকসকলৰ লগত মত বিনিময় কৰে । ইয়াৰোপৰি কেইবাখনো আঁচনিৰ কাম-কাজ পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে (Ranjeet Kumar Dass in Morigaon)।

লগতে পঢ়ক: Landslide in Guwahati: ২৫ বছৰত মহানগৰীৰ ভূমিস্খলনত ১৬৫ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.