ETV Bharat / state

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী-নিমাতী ফেৰীসেৱা

author img

By

Published : Jun 14, 2022, 5:38 PM IST

Updated : Jun 14, 2022, 6:43 PM IST

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী-নিমাতী ফেৰীসেৱা (Majuli Nimati ferry service)৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ফেৰীসেৱা বন্ধৰ ঘোষণা কৰে ৷

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী-নিমাতি ফেৰীসেৱা
অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী-নিমাতি ফেৰীসেৱা

মাজুলী, 14 জুন: যোৱা কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ (Water level of Brahmaputra) । ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ লগে লগে মঙলবাৰৰ পৰা অনিদিষ্ট কাললৈ বন্ধ কৰা হৈছে মাজুলী-নিমাতী ফেৰীসেৱা (Majuli Nimati ferry service)। মাজুলী জিলা প্ৰশাসনে জাৰি কৰিলে এই নিৰ্দেশনা ৷

ফেৰীসেৱা বন্ধ হোৱাৰ লগেলগে গৃহবন্দী হৈ পৰিছে মাজুলীৰ দুই লক্ষাধিক জনসাধাৰণ । ইফালে সমান্তৰালকৈ বিকল হৈ আছে ৩ খনকৈ ১০৮ নৌকা সেৱা । দুমাহৰো অধিক সময় বিকল হৈ আছে মাজুলীৰ একমাত্ৰ ১০৮ নাইট ভিজন নৌকা সেৱা ।

অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ল মাজুলী-নিমাতী ফেৰীসেৱা

ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগে গৃহবন্দী হৈ পৰা মাজুলীৰ দুই লক্ষ জনতাৰ বাবে আন এক চিন্তণীয় বিষয় হৈ পৰিছে বিকল হৈ থকা ১০৮ নৌকা সেৱা (Majuli ambulance service) । মাজুলী আৰু নিমাতীৰ মাজত চলাচল কৰা ফেৰীসেৱা বন্ধ হোৱাৰ লগে লগে মাজুলীৰ ৰোগীৰ পাৰাপাৰ হ’বলৈ একমাত্ৰ ভৰষা আছিল এই ১০৮ কেইখনেই ।

লগতে পঢ়ক: সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি

Last Updated : Jun 14, 2022, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.