ETV Bharat / state

সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি

author img

By

Published : Jun 14, 2022, 4:50 PM IST

৯১০খন সত্ৰৰ ৮ হাজাৰ বিঘা ভূমিৰ নাই কোনো অস্তিত্ব । বেদখলমুক্ত অধ্যয়ন সমিতিৰ প্ৰতিবেদনত বিস্ফোৰক তথ্য । বহু সত্ৰ নামতহে বৰ্তি আছে । চৌপাশে এতিয়া কেৱল বেদখলকাৰীৰ গাঁও । প্ৰতিখন সত্ৰতে পূৰ্ববংগীয় মুছলমান বেদখলকাৰীৰ দপদপনি । সৰ্বাধিক দখল হৈছে বৰপেটা আৰু নগাঁৱৰ সত্ৰৰ ভূমি ।

সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি
সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি

গুৱাহাটী, ১৪ জুন: ৰাজ্যৰ বিভিন্ন চৰকাৰী ভূমি তথা বনাঞ্চলত অবাধ বেদখল হোৱাৰ সমান্তৰালকৈ সত্ৰৰ ভূমিও বেদখলকাৰীৰ কৱলত পৰিছে । ৰাজ্যৰ প্ৰতিখন সত্ৰতে এতিয়া পূৰ্ববংগীয় মুছলমান বেদখলকাৰীৰ দপদপনি । অবাধ বেদখলৰ ফলত ৰাজ্যৰ বহু সত্ৰ নিশ্চিহ্ন হোৱাৰ বিপৰীতে বহু সত্ৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে । সত্ৰসমূহৰ প্ৰতি আহি পৰা ভয়ংকৰ ভাবুকিৰ তথ্য প্ৰকাশ পাইছে সত্ৰৰ ভূমি বেদখল অধ্যয়নমুলক প্ৰতিবেদনত ।

সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি
সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি

ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সত্ৰৰ ভূমি বেদখলমুক্ত অধ্যয়ন সমিতিয়ে শেহতীয়াকৈ প্ৰস্তুত কৰা প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যত বৰ্তমান দেখুৱাব পৰা অৱস্থাত আছে ৯১০খন সত্ৰ । ইয়াৰে বহু সত্ৰ নামতহে বৰ্তি আছে যদিও সত্ৰৰ চৌপাশে এতিয়া কেৱল বেদখলকাৰীৰ গাঁও । ইয়াৰ বিপৰীতে নামতহে মূৰ দাঙি আছে ২৬খন সত্ৰই ।

এই ২৬খন সত্ৰৰ ভূমি নথি-পত্ৰ তথা স্থানীয় লোকৰ ভাষ্যৰ বিপৰীতে প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি সত্ৰকেইখনৰ ৫,৫৪৮ বিঘা ভূমি এতিয়া সম্পূৰ্ণৰূপে বেদখলকাৰীৰ কবলত । সমিতিৰ অধ্যক্ষ তথ্য বিধায়ক প্ৰদীপ হাজৰিকাই দিয়া (Committee headed by MLA Pradip Hazarika) তথ্য অনুসৰি ৰাজ্যৰ ৯১০খন সত্ৰৰ প্ৰায় ৮ হাজাৰ বিঘা ভূমিৰ কোনো অস্তিত্বই নাই (8,000 bighas of land of 910 satras do not exist) । পূৰ্ববংগীয় মুছলমানে এখনৰ পাছত আনখনকৈ মহাপুৰুষীয়া পীঠস্থান বিগত কেইবা দশকত সম্পূৰ্ণৰূপে দখল কৰি অধিকাংশ সত্ৰক নিঃশেষ কৰি আহিছে । সৰ্বাধিক দখল হৈছে বৰপেটা আৰু নগাঁও সত্ৰৰ ভূমি ।

সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি
সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি

অত্যন্ত পৰিতাপৰ বিষয় যে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে অধ্যয়ন কৰা মহেন্দ্ৰ কন্দলীৰ টোলো বৰ্তমান বেদখলকাৰীৰ কবলত । আনকি মহাপুৰুষজনাৰ মাতৃৰ সমাধিস্থলো এতিয়া সম্পূৰ্ণৰূপে অস্তিত্বহীন । প্ৰতিবেদনত দাঙি ধৰা তথ্য অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁৱৰ ৰামপুৰ সত্ৰৰ ৫৮৪ একৰ ভূমি সম্পূৰ্ণৰূপে এতিয়া পূৰ্ববংগীয় মুছলমানৰ দখলত আছে । ১৯৭১ চনৰ পিয়ল মতে এই সত্ৰখনৰ ভূমি আছিল ৫৮৪ একৰ । আনহাতে সত্ৰৰ এলেকাত বাস কৰা জনসংখ্যা আছিল ১,৬৪৬ জন । সত্ৰখনৰ ৩৯০ বিঘা ভূমি আছিল নিস্পিখেৰাজ মাটি ।

সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি
সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি

কিন্তু এই ভূমিতে এতিয়া গঢ়ি উঠিছে গাঁও । মহাপুৰুষ দামোদৰদেৱৰ জন্মস্থান কোবাইকাটাৰ অৱস্থা অতি দুখলগা । ২ বিঘা ২ কঠা ৮ লেচা মাটিকালিৰ কোবাইকাটাৰ মাহধোৱা পুখুৰীটোৰ বাহিৰে বাকী সমগ্ৰ ভূমি এতিয়া বেদখলকাৰীৰ কবলত । প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি লখিমপুৰ জিলাৰ আদি এলেঙী সত্ৰৰ ১,৯০০ বিঘা ভূমি, নগাঁও জিলাৰ ৰামপুৰ সত্ৰৰ ৫৮৪ বিঘা, বালিসত্ৰৰ ৪৬২ বিঘা, বৰপেটা জিলাৰ বৰপেটা সত্ৰৰ ৪৬০ বিঘা, নগাঁও জিলাৰ বৰদোৱা সত্ৰৰ ২৮৩ বিঘা, বৰপেটা জিলাৰ ভৱানীপুৰ সত্ৰৰ ১১৭ বিঘা, লখিমপুৰ জিলাৰ বৰএলেঙী সত্ৰৰ ১০৫ বিঘা, বৰপেটা জিলাৰ ধূপৰধল সত্ৰৰ ১৮২ বিঘা, কালজাৰ সত্ৰৰ ১৩৬ বিঘা, ধুবুৰী জিলাৰ শিমলাবাৰী সত্ৰৰ ১৯৫ বিঘা, বৰপেটা জিলাৰ জনিয়া সত্ৰৰ ১৬০ বিঘা, মৰিগাঁও জিলাৰ আলিপুখুৰী সত্ৰৰ ৭৭ বিঘা, কোবাইকাটা সত্ৰৰ ৪৬ বিঘা, বৰপেটা জিলাৰ বহৰি সত্ৰৰ ১৯০ বিঘা, গোৱালপাৰা জিলাৰ বাপুপাৰা সত্ৰৰ ১১০ বিঘা, বিষ্ণুপুৰ সত্ৰৰ ১৬১ বিঘা, কামৰূপ জিলাৰ ছমৰীয়া সত্ৰৰ ৫০ বিঘা, বৰপেটা জিলাৰ পাটবাউসী সত্ৰৰ ৮১ বিঘা, মৰিগাঁও জিলাৰ পাটেকীবড়ী সত্ৰৰ ৭৭ বিঘা, মালঞ্চা সত্ৰৰ ৪৭ বিঘা, দামোদৰ সত্ৰৰ ৪৬ বিঘা, খাঁটপুৰ সত্ৰৰ ৪৮ বিঘা, চিপহা সত্ৰৰ ৩৪ বিঘা আৰু নিকামূল সত্ৰৰ ১০ বিঘা ভূমি সম্পূৰ্ণৰূপে বেদখলকাৰীৰ কবলত আছে ।

সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি
সত্রসমূহৰ অস্তিত্ব সংকটাপন্ন: বেদখলকাৰীৰ কবলত হাজাৰ হাজাৰ বিঘা ভূমি

প্ৰতিবেদনত বালি সত্ৰৰ কথা এইবুলি উল্লেখ কৰিছে যে বটদ্ৰৱা মৌজাৰ বালি সত্ৰৰ ৫০০ বিঘা মাটি গ্ৰেজিং ৰিজাৰ্ভৰ বাবে ৰখা হৈছে । তাৰে ৭৫ বিঘা মাটিত সন্দেহজনক বাংলাদেশী মুছলমান আৰু পমুৱা মুছলমানে বেদখল কৰি ৰাখিছে । উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰদীপ হাজৰিকাক অধ্যক্ষ হিচাপে আৰু বিধায়ক মৃণাল শ‍ইকীয়া, ৰূপক শৰ্মাক সদস্য হিচাপে লৈ প্ৰস্তুত কৰা বেদখলমুক্ত অধ্যয়ন সমিতিখনে বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন জিলা ভ্ৰমণ কৰি সত্ৰসমূহৰ ভূমিৰ বিস্তৃত তথ্য সংগ্ৰহ কৰিছিল । সমান্তৰালভাৱে সত্ৰসমূহৰ বৰ্তমানৰ স্থিতি তথা বেদখলকাৰীৰ আগ্ৰাসনৰ দিশটোকো বিশেষভাবে পর্যবেক্ষণ কৰিছে সমিতিখনে ।

এনে পৰ্যবেক্ষণৰ পাছতেই প্ৰস্তুত কৰা প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই উন্মোচিত হৈছে বিস্ফোৰক তথ্য । অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ ভাষ্য মতে কোনো শক্তিশালী চক্ৰই অহৰহ সত্ৰ নিঃশেষ কৰাৰ চেষ্টা চলাই আছে (Chairman of the committee of Satras land survey) । সেয়াই নহয়, কি উদ্দেশ্যে আৰু ক'ৰ পৰা এই লোকসকলে সত্ৰৰ ভূমি দখলৰ বাবে চেষ্টা চলাইছে, সেয়াও বিশেষভাৱে পৰীক্ষা কৰাৰ প্ৰয়োজন আছে বুলি প্ৰতিবেদনত কোৱা হৈছে । উল্লেখ্য যে সমিতিয়ে প্ৰস্তুত কৰা অধ্যয়নমূলক প্ৰাৰম্ভিক প্ৰতিবেদন অচিৰেই মুখ্যমন্ত্ৰীক অৰ্পণ কৰিব বুলি জানিব পৰা গৈছে । সত্ৰসমূহত চলা এনে বেদখলক লৈ এই প্ৰতিবেদন লাভ কৰাৰ পাছত ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । এটা কথা ঠিক যে এইক্ষেত্ৰত চৰকাৰে শীঘ্ৰেই উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি আৰু অধিক ভয়াৱহ হ'ব ।

লগতে পঢ়ক: Landslide in Guwahati: ২৫ বছৰত মহানগৰীৰ ভূমিস্খলনত ১৬৫ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.