ETV Bharat / state

হেলমেট বা ছীটবেল্ট অবিহনে প্ৰৱেশ কৰিব নোৱাৰিব এইখন জিলাত ! - TRAFFIC RULES

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 10:10 PM IST

Road safety awareness : ছীট বেল্ট পৰিধান নকৰিলে অথবা হেলমেট নিপিন্ধিলে প্ৰৱেশ কৰিব নোৱাৰিব এখন জিলাত ৷ এই সন্দৰ্ভত আৰক্ষীয়ে দিছে কঠোৰ সতৰ্কবাণী ৷

ROAD SAFETY AWARENESS
আৰক্ষীৰ কঠোৰ নিৰ্দেশনা (ETV BHARAT ASSAM)

ACTION AGAINST TRAFFIC VIOLATORS
প্ৰৱেশ কৰিব নোৱাৰিব এইখন জিলাত (ETV BHARAT ASSAM)

হাফলং 16 মে’ : গাড়ী বা বাইক চলোৱাৰ পূৰ্বে সাৱধান হওক ৷ হেলমেট নোহোৱাকৈ যদি বাইক চলাইছে অথবা ছীট বেল্ট নলগোৱাকৈ যদি গাড়ী চলাইছে তেন্তে আপুনি বিপদত পৰাতো নিশ্চিত ৷ কেৱল পথ সুৰক্ষাৰ ক্ষেত্ৰতে নহয়, এইক্ষেত্ৰত আৰক্ষীৰো আছে শেন চকু ৷ এতিয়াৰে পৰা ছীট বেল্ট পৰিধান নকৰিলে অথবা হেলমেট নিপিন্ধিলে প্ৰৱেশ কৰিব নোৱাৰিব এখন বিশেষ জিলাত ৷ ইতিমধ্যে এই সন্দৰ্ভত আৰক্ষীয়ে দিছে সতৰ্কবাণী ৷ আৰক্ষীৰ এই সতৰ্কবাণী পালন নকৰিলে প্ৰৱেশ কৰিব নোৱাৰিব এইখন জিলাত ৷

পথ সুৰক্ষাক লৈ ডিমা হাছাও আৰক্ষীৰ কঠোৰ নিৰ্দেশনা ৷ এতিয়াৰে পৰা হেলমেট নিপিন্ধিলে অথবা ছীট বেল্ট পৰিধান নকৰিলে প্ৰৱেশ কৰিব নোৱাৰিব ডিমা হাছাও জিলাত ৷ ইতিমধ্যে 'ন’ হেলমেট ন’ ছীট বেল্ট ন’ এন্ট্ৰি ইন টু ডিমা হাছাও' সতৰ্কবাণী লিখা ব’ৰ্ড ডিমা হাছাও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভিন্ন পথৰ কাষত লগাই সতৰ্ক কৰি দিয়া হৈছে সকলোকে ৷

বুধবাৰে ডিমা হাছাও জিলাৰ বিভিন্ন ঠাইত এনে ধৰণৰ ব’ৰ্ড লগাই সকলোকে সতৰ্ক কৰি দিয়ে আৰক্ষীয়ে ৷ এতিয়াৰ পৰা মটৰ চাইকেল, স্কুটি অৰ্থাৎ দুচকীয়া বাহনৰ চালক সকলে হেলমেট আৰু চাৰি চকীয়া বাহনৰ চালক সকলে ছীট বেল্ট পৰিধান নকৰিলে ডিমা হাছাও জিলাত প্ৰৱেশ কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰিছে ডিমা হাছাও আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে, ডিমা হাছাও জিলাত ক্ৰমাগত পথ দুৰ্ঘটনা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ বাবে আৰক্ষীয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই ৷ দুৰ্ঘটনা ৰোধৰ বাবে ডিমা হাছাও জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথ সমূহৰ সন্মুখত থকা ধাবা সমূহতো সুৰা বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷

কিন্তু ডিমা হাছাও জিলাত অধিকাংশ ক্ষেত্ৰত দেখা গৈছে সুৰা পান কৰি গাড়ী চলোৱাৰ বাবে দুৰ্ঘটনাৰ সংখ্যা এনে দৰে বৃদ্ধি পাইছে ৷ লগতে হেলমেট নিপিন্ধা আৰু গাড়ীৰ ছীট বেল্ট নলগোৱাৰ বাবে এনে বহু দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে ৷ ইফালে মঙলবাৰে লংকাৰ পৰা মটৰ চাইকেল লৈ উমৰাংচো যোৱাৰ পথত এখন টাটা পিক আপ ভানৰ লগত মুখামুখি সংঘৰ্ষত পাপ্পু সৰকাৰ নামৰ এগৰাকী যুৱকৰ মৃত্যু হয় ৷

লগতে পঢ়ক : মোহনাঘাটৰ খহনীয়া প্ৰতিৰোধৰ বাবে আৱণ্টন 75 কোটি টকা - Erosion In Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.