ETV Bharat / state

1 বজাৰ দহটা শীৰ্ষ সংবাদ

author img

By

Published : Dec 3, 2021, 1:09 PM IST

top10 news
শীৰ্ষ সংবাদ

দিনৰ 1 বজাৰ দহটা শীৰ্ষ সংবাদ...

1 বজাৰ দহটা শীৰ্ষ সংবাদ-

নগাঁও বিশেষ কাৰাগাৰৰ পৰা হাজোতী পলায়ন

নগাঁও বিশেষ কাৰাগাৰৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া ভাগত পলায়ন কৰিছে এজন হাজোতী (Prisoner escapes from Special Jail Nagaon)। বিশেষ কাৰাগাৰৰ পৰাই হাজোতীৰ পলায়নক লৈ চাঞ্চল্যৰ সৃষ্টি । পলাতক কয়দীক বিচাৰি আৰক্ষীৰ অভিযান ।

Road Accident in Goalpara: শোকাৱহ পথ দূৰ্ঘটনাত শিশুসহ নিহত ৫

এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ পাঁচজনকৈ লোকৰ মৃত্যু হয় (Road accident in Goalpara) ৷ গোৱালপাৰাৰ গধাৰবড়িত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷

Omicron variant threat in Rajasthan : দক্ষিণ আফ্ৰিকাৰ পৰা অহা ৰাজস্থানৰ ৪ জন লোক কৰ'ণাত আক্ৰান্ত

কেইদিনমান আগতে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহা ৰাজস্থানৰ এটা পৰিয়ালৰ ৪ জন সদস্যৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি(South Africa returnee tests Covid positive) । আক্ৰান্তসকলৰ ভিতৰত আছে দুটি শিশু । অৱশ্যে তেওঁলোক কৰ'ণাৰ নতুন প্ৰকাৰ অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত নেকি সেয়া এতিয়াও নিশ্চিত হোৱা নাই (Covid mutant Omicron threat in Rajasthan) ।

Omicron variant threat : অমিক্ৰণৰ দ্বাৰা পুনৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি !

পুনৰ সমগ্ৰ বিশ্ববাসীলৈ ভয়াৱহ বিপদৰ আশংকা আনিছে কৰ'ণাৰ নতুন প্ৰকাৰ অমিক্ৰণে (New Covid 19 variant Omicron) । দক্ষিণ আফ্ৰিকাৰ একাংশ বিজ্ঞানীয়ে কৰা এক প্ৰাথমিক অধ্যয়নত প্ৰকাশিত হৈছে যে, বিটা বা ডেল্টা প্ৰকাৰৰ তুলনাত অমিক্ৰণৰ দ্বাৰা পুনৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা তিনিগুণ অধিক (Reinfections 3 times more likely with Omicron) ।

Cyclone Jawad in Odisha: ২৬৬টা উদ্ধাৰকাৰী দল নিয়োজিত কৰিব ওড়িশা চৰকাৰে

আসন্ন "জৱাদ" ঘূৰ্ণীবতাহ সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিয়াৰ পাচতে অধিক সতৰ্কতা অৱলম্বন কৰিছে ওড়িশা চৰকাৰে (Cyclone Jawad in Odisha) । ৰাজ্য চৰকাৰে উপকূলীয় জিলাসমূহত ২৬৬ টা উদ্ধাৰকাৰী দল মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে ।

Happy Birthday Konkona Sen Sharma: ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অভিনেত্ৰীগৰাকীৰ শ্ৰেষ্ঠ চৰিত্ৰসমূহ

আজি 42 বছৰত ভৰি দিলে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংকণা সেন শৰ্মা(Konkona Sen Sharma's Birthday)ই ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা কংকণালৈ থাকিল ওপজা দিনৰ অলেখ শুভেচ্ছা...

Filmfare Awards ৰ বাবে মনোনীত কণ্ঠশিল্পী নীলোৎপল বৰা

চলিত বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডছ 2021(Filmfare Awards 2021)ৰ বাবে মনোনীত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত ব্যৱস্থাপক নীলোৎপল বৰা (Nilotpal Bora nominated for Filmfare Awards) ৷ হিন্দী ৱেব চিৰিজ ‘Aspirants’ত কণ্ঠদান আৰু সংগীত পৰিচালনা কৰি ‘Best Original Soundtrack’ শ্ৰেণীত মনোনীত হৈছে অসম সন্তান নীলোৎপল বৰাই ৷

Traffic Rules Violation in Dibrugarh : আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ডিব্ৰুগড় পৰিবহন বিভাগ

যান বাহনৰ আইন উলংঘাকাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে ডিব্ৰুগড় পৰিবহন বিভাগ ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ইতিমধ্যে ১ ডিচেম্বৰৰ পৰা যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় আৰক্ষী তথা পৰিবহণ নিগমৰ বিষয়াসকলে (Dibrugarh Transport Corporation)।

Municipal Election 2022 : পৌৰ নিৰ্বাচনত নাথাকিব মিত্ৰতা

ফেব্ৰুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভা আৰু নগৰ সমিতিসমূহৰ নিৰ্বাচন । নিৰ্বাচনৰ সময় নিশ্চিত হোৱাৰ পিছতে স্বাভাৱিকভাৱে পৌৰ নিৰ্বাচন(Municipal Election 2022)ৰ বাবে সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ । উথপথপ লাগিছে নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰ মাজত । কিন্তু আমোদজনক কথাটো হ'ল দিছপুৰত মিত্ৰহৈ লগে ভাগে চৰকাৰ চলাই থকা অগপ আৰু বিজেপি(AGP BJP alliance) উভয় দলেই আগন্তুক পৌৰ নিৰ্বাচনত সুকীয়া সুকীয়াকৈহে অৱতীৰ্ণ হ’ব ।

Omicron Variant of Corona : ভাৰত পালেহি অমিক্ৰণ

ভাৰতত প্ৰৱেশ কৰিছে কৰ’ণাৰ নতুন ভেৰিয়েন্ট কৰ’ণাৰ অমিক্ৰণে(Omicron variant of Corona reached india) ৷ কৰ্ণাটকত দুজনকৈ লোক আক্ৰান্ত হৈছে কৰ’ণা মহামাৰীৰ এই নতুন প্ৰকাৰত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.