ETV Bharat / bharat

Omicron variant threat in Rajasthan : দক্ষিণ আফ্ৰিকাৰ পৰা অহা ৰাজস্থানৰ ৪ জন লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : Dec 3, 2021, 12:26 PM IST

কেইদিনমান আগতে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহা ৰাজস্থানৰ এটা পৰিয়ালৰ ৪ জন সদস্যৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি(South Africa returnee tests Covid positive) । আক্ৰান্তসকলৰ ভিতৰত আছে দুটি শিশু । অৱশ্যে তেওঁলোক কৰ'ণাৰ নতুন প্ৰকাৰ অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত নেকি সেয়া এতিয়াও নিশ্চিত হোৱা নাই (Covid mutant Omicron threat in Rajasthan) ।

Omicron variant threat in Rajasthan
দক্ষিণ আফ্ৰিকাৰ পৰা অহা ৰাজস্থানৰ ৪ জন লোক কৰ'ণাত আক্ৰান্ত

নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ : বিশ্বৰ আন আন দেশৰ লগতে শেহতীয়াকৈ ভাৰততো পোহৰলৈ আহিছে কৰ'ণাৰ নতুন প্ৰকাৰ অমিক্ৰণৰ সংক্ৰমণৰ ঘটনা (Omicron variant threat in India) । দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহা ৰাজস্থানৰ এটা পৰিয়াল কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে ৰাজ্যখনত কৰ'ণাৰ নতুন প্ৰকাৰ অমিক্ৰণৰ সংক্ৰমণৰ বিপদাশংকা বৃদ্ধি পাইছে (South Africa returnee in Rajasthan tests Covid positive) ।

দুটি শিশুসহ পৰিয়ালটোৰ ৪ জন সদস্যৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি (New Covid cases in Rajasthan) । ৰাজ্যিক স্বাস্থ্য বিভাগে জনোৱা মতে, পৰিয়ালটো কেইদিনমান পূৰ্বে দক্ষিণ আফ্ৰিকাৰ পৰা ৰাজস্থানলৈ উভতি আহিছিল । ৰাজস্থানত উপস্থিত হোৱাৰ পাচত তেওঁলোকৰ ক'ভিড পৰীক্ষা কৰোৱা হয় আৰু তেওঁলোক আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহে ।

অৱশ্যে, পৰিয়ালটো কৰ'ণাৰ নতুন প্ৰকাৰ অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত নেকি সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই । তেওঁলোকৰ নমুনাবোৰ জিনোম ছিকুৱেন্সিঙ (genome sequencing)ৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে । বৰ্তমান পৰিয়ালটোক কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰাৰ বাবে প্ৰয়াস কৰি থকা হৈছে ।

ইফালে, এতিয়ালৈকে দেশত অমিক্ৰণৰ দ্বাৰা সংক্ৰমণ হোৱা দুটা ঘটনা পোহৰলৈ আহিছে । কৰ্ণাটকৰ দুজন লোক শেহতীয়াকৈ অমিক্ৰণৰ কবলত পৰিছে (Karnataka man infected by Omicron)। সংক্ৰমিত ব্যক্তি দুজনক বৰ্তমান কোৱাৰেণ্টাইনত ৰখা হৈছে ।

আক্ৰান্ত লোক দুজনৰ ভিতৰত এজনৰ বয়স ৬৬ বছৰ আৰু তেওঁ দক্ষিণ আফ্ৰিকাৰ নাগৰিক । আনজন ব্যক্তি হৈছে ৪৬ বছৰীয়া এজন চিকিৎসক । কেন্দ্ৰৰ মতে, অমিক্ৰণৰ দ্বাৰা ভয়াৱহ সংক্ৰমণ হ'ব পৰা দেশ হৈছে ইংলেণ্ড, দক্ষিণ আফ্ৰিকা, ব্ৰাজিল, বটস্বানা, চীন, মৰিচাছ, নিউজিলেণ্ড, জিম্বাবোৱে, ছিংগাপুৰ, হংকং আৰু ইজৰাইল । নতুন নিয়ম অনুসৰি, "বিপদাশংকা" থকা দেশবোৰৰ পৰা অহা যাত্ৰীসকলৰ বাবে আৰটি-পিচিআৰ পৰীক্ষা বাধ্যতামূলক আৰু ক'ভিড পৰীক্ষাৰ ফলাফল অহাৰ পিছতহে যাত্ৰীসকলক বিমানবন্দৰৰ পৰা যাবলৈ অনুমতি দিয়া হ'ব ।

লগতে পঢ়ক:Omicron Variant of Corona : ভাৰত পালেহি অমিক্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.