ETV Bharat / sitara

Filmfare Awards ৰ বাবে মনোনীত কণ্ঠশিল্পী নীলোৎপল বৰা

author img

By

Published : Dec 3, 2021, 12:52 PM IST

চলিত বৰ্ষৰ ফিল্মফেয়াৰ এৱাৰ্ডছ 2021(Filmfare Awards 2021)ৰ বাবে মনোনীত হৈছে জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত ব্যৱস্থাপক নীলোৎপল বৰা (Nilotpal Bora nominated for Filmfare Awards) ৷ হিন্দী ৱেব চিৰিজ ‘Aspirants’ত কণ্ঠদান আৰু সংগীত পৰিচালনা কৰি ‘Best Original Soundtrack’ শ্ৰেণীত মনোনীত হৈছে অসম সন্তান নীলোৎপল বৰাই ৷

assamese singer music composer nilotpal bora nominated for filmfare awards
Filmfare Awards ৰ বাবে মনোনীত কণ্ঠশিল্পী নীলোৎপল বৰা

চিটাৰা ডেস্ক, 3 ডিচেম্বৰ : অসম তথা বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত ব্যৱস্থাপক নীলোৎপল বৰাৰ নাম মনোনীত হৈছে ছবিজগতৰ সন্মানীয় বঁটা ফিল্মফেয়াৰ এৱাৰ্ডছ 2021 (Filmfare Awards 2021)ৰ বাবে ৷ হিন্দী ৱেব চিৰিজ ‘Aspirants’ত কণ্ঠদান আৰু সংগীত পৰিচালনা কৰি ফিল্মফেয়াৰ এৱাৰ্ডছ অ’টিটিৰ ‘Best Original Soundtrack’ শ্ৰেণীত মনোনীত হৈছে অসম গৌৰৱ নীলোৎপল বৰা (Nilotpal Bora nominated for Filmfare Awards)ই ৷

assamese singer music composer nilotpal bora nominated for filmfare awards
Filmfare Awards ৰ বাবে মনোনীত কণ্ঠশিল্পী নীলোৎপল বৰা

ফিল্মফেয়াৰ এৱাৰ্ডছৰ বাবে মনোনয়ন লাভ কৰি অত্যন্ত সুখী অনুভৱ কৰিছে কণ্ঠশিল্পী বৰাই ৷ তেওঁৰ বাবে এয়া এক সপোন সপোন লগা দিঠক বুলি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ব্যক্ত কৰে নীলোৎপল বৰাই ৷

তেওঁ জানিবলৈ দিয়া মতে, তেওঁ পৰিচালক ৰোহিত শৰ্মাৰ সৈতে মিলি ৱেব চিৰিজখনৰ বাবে সংগীত পৰিচালনা কৰিছিল ৷ ৱেব চিৰিজটোত দুটা গীত পৰিচালনা কৰিছে কণ্ঠশিল্পী বৰাই ৷ এই সন্মানৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ৷

লগতে পঢ়ক : Happy Birthday Konkona Sen Sharma: ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অভিনেত্ৰীগৰাকীৰ শ্ৰেষ্ঠ চৰিত্ৰসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.