ETV Bharat / sitara

Happy Birthday Konkona Sen Sharma: ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত অভিনেত্ৰীগৰাকীৰ শ্ৰেষ্ঠ চৰিত্ৰসমূহ

author img

By

Published : Dec 3, 2021, 11:49 AM IST

আজি 42 বছৰত ভৰি দিলে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংকণা সেন শৰ্মা(Konkona Sen Sharma's Birthday)ই ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰা কংকণালৈ থাকিল ওপজা দিনৰ অলেখ শুভেচ্ছা...

happy birthday konkona sen sharma
কংকণা সেন শৰ্মাৰ জন্মদিন

চিটাৰা ডেস্ক, 3 ডিচেম্বৰ : বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা এগৰাকী লেখিকা আৰু ছবি পৰিচালক কংকণা সেন শৰ্মাৰ আজি জন্মদিন(Konkona Sen Sharma's Birthday) ৷ কেৱল হিন্দী ছবিতেই নহয়, বঙালী ভাষাৰ ছবিৰ দ্বাৰাও কংকণা সেন শৰ্মাই লাভ কৰিছে কৃতিত্ব ৷ দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু চাৰিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰা কংকণা চলচ্চিত্ৰ নিৰ্মাতা তথা অভিনেত্ৰী অপৰ্ণা সেনৰ জীয়ৰী ৷

happy birthday konkona sen sharma
কংকণা সেন শৰ্মা

‘Page 3’ৰ পৰা ‘Ajeeb Daastaans’ লৈকে কংকণা বলীউডৰ যাত্ৰা সফল বুলি ক’ব পাৰি ৷ ‘Laaga Chunari Mein Daag’ৰ দৰে মূলসুঁতিৰ চলচ্চিত্ৰত অভিনয় কৰি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে অভিনেত্ৰীগৰাকীয়ে ৷ ‘Indira’ (1983) চলচ্চিত্ৰখনত শিশু শিল্পী হিচাপে আত্মপ্ৰকাশ কৰি অভিনেত্ৰী কংকণাই বঙালী থ্ৰীলাৰ ছবিত ‘Ek Je Aachhe Kanya’ (2000)ত প্ৰাপ্তবয়স্ক হিচাপে আত্মপ্ৰকাশ কৰে ।

তেওঁ প্ৰথমে ইংৰাজী ভাষিক ‘Mr. and Mrs. Iyer’ (2002)ৰ দ্বাৰা দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰে, যিখন তেওঁৰ মাতৃয়ে পৰিচালনা কৰিছিল ৷ এই ছবিখনত অভিনয় কৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে কংকণাই । ‘Page 3’ (2005)ত কৰা অভিনয়ৰ বাবে তেওঁ ব্যাপক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত কংকণাই কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে, যিসমূহৰ সৰহ সংখ্যকতেই বাণিজ্যিক সফলতাৰ বিপৰীতে কিন্তু প্ৰশংসা লাভ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷

happy birthday konkona sen sharma
কংকণা সেন শৰ্মা

ওপজা দিনৰ শুভক্ষণত আহক আলোচনা কৰো কংকণাৰ দ্বাৰা অভিনীত কেইখনমান চৰ্চিত বলীউড ছবিৰ চৰিত্ৰসমূহ(Konkona Sen Sharma's Characters)ৰ বিষয়ে...

MR AND MRS IYER

2002 চনত মুক্তি পোৱা এইখন ইংৰাজী চলচ্চিত্ৰত অভিনয় কৰি কংকণাই দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয় ৷ ছবিখনত তেওঁ মীনাক্ষী আয়াৰ নামৰ এগৰাকী তামিল আয়াৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল । ছবিখন এটা বাছ যাত্ৰাতেই ভাৰতৰ সাম্প্ৰদায়িক ৰীতি-নীতিৰ দিশটো পৰিস্ফূট হোৱা দেখা গৈছে ৷

LIFE IN A…METRO

এই ছবিখনত বিবাহ বহিৰ্ভূত সম্পৰ্ক, বিবাহ আৰু প্ৰেমৰ দৰে বিভিন্ন বিষয় অন্বেষণ কৰা হৈছে । অনুৰাগ বসুৰ দ্বাৰা পৰিচালিত এই ছবিখনত কংকণাৰ সৈতে শ্বৰমন যোশী, কংগনা ৰাণাৱট আৰু শিল্পা ছেট্টীয়ে অভিনয় কৰিছিল । ছবিখনত কংকণাই বিয়াৰ বাবে আগ্ৰহী এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল ।

WAKE UP SID

এই ছবিখনৰ জৰিয়তে কংকণাৰ অন্যতম শ্ৰেষ্ঠ অভিনয় পৰিস্ফূট হৈছে ৷ ছবিখনত তেওঁ কলকাতাৰ এগৰাকী উচ্চাকাংক্ষী লেখিকা Aishaৰ চৰিত্ৰত অভিনয় কৰিছিল । তেওঁ Sid নামৰ এজন Careless ধনী যুৱকৰ মুখামুখি হৈছিল ৷ Sidৰ চৰিত্ৰত অভিনয় কৰিছিল ৰণবীৰ কাপুৰে ৷ মুখামুখি হোৱাৰ পাচত Aishaই Sidক প্ৰেম, বন্ধুত্ব আৰু স্বাধীনতাৰ বিষয়ে জ্ঞান দিয়ে ৷

LIPSTICK UNDER MY BURKHA

কংকণাই অভিনয় কৰা এই ছবিখন হৈছে ব্লেক-কমেডী ছবি, য’ত স্বাধীনতাৰ সন্ধানত চাৰিগৰাকী মহিলাৰ গোপন জীৱন আৰু ব্যক্তিত্ব প্ৰদৰ্শন কৰা হৈছে । এই ছবিখনৰ বাবে কংকণাই New York Film Festival আৰু Indian Film Festival of Melbourneত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : Katrina Kaif-Vicky Kaushal Wedding : সম্পূৰ্ণৰূপে বুক ছয় ইন্দ্ৰিয় দুৰ্গ বৰৱাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.