ETV Bharat / bharat

Omicron variant threat : অমিক্ৰণৰ দ্বাৰা পুনৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি !

author img

By

Published : Dec 3, 2021, 12:45 PM IST

Reinfections 3 times more likely with Omicron
অমিক্ৰণৰ সংক্ৰমণৰ ভয়াৱহতা

পুনৰ সমগ্ৰ বিশ্ববাসীলৈ ভয়াৱহ বিপদৰ আশংকা আনিছে কৰ'ণাৰ নতুন প্ৰকাৰ অমিক্ৰণে (New Covid 19 variant Omicron) । দক্ষিণ আফ্ৰিকাৰ একাংশ বিজ্ঞানীয়ে কৰা এক প্ৰাথমিক অধ্যয়নত প্ৰকাশিত হৈছে যে, বিটা বা ডেল্টা প্ৰকাৰৰ তুলনাত অমিক্ৰণৰ দ্বাৰা পুনৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা তিনিগুণ অধিক (Reinfections 3 times more likely with Omicron) ।

নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ: ভাৰতত চিনাক্ত হৈছে কৰ'ণাৰ নতুন প্ৰকাৰ অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত ৰোগী । কৰ'ণাৰ এই নতুন প্ৰকাৰক লৈ শংকা বাঢ়িছে মানুহৰ মনত (Omicron variant threat in India)। অমিক্ৰণৰ ভয়াৱহতাক লৈ উদ্ৰেক হৈ ন ন প্ৰশ্নৰ । শেহতীয়াকৈ প্ৰাথমিক অধ্যয়নৰ অন্তত দক্ষিণ আফ্ৰিকাৰ কেইগৰাকীমান বিজ্ঞানীয়ে পৰামৰ্শ দিছে যে, বিটা অথবা ডেল্টা প্ৰকাৰৰ তুলনাত অমিক্ৰণৰ দ্বাৰা পুনৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি (South African scientists on Omicron variant infection) ।

অধ্যয়নত পোহৰলৈ আহিছে যে, পূৰ্বে ক'ভিড-১৯ত আক্ৰান্ত হোৱা প্ৰায় ২.৮ নিযুত লোকৰ ভিতৰত ৩৫,৬৭০ জন লোক অমিক্ৰণৰ দ্বাৰা পুনৰ সংক্ৰমিত হোৱাৰ আশংকা কৰা হৈছে । ৯০ দিনৰ ব্যৱধানত এই লোকসকলৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । দক্ষিণ আফ্ৰিকাৰ স্বাস্থ্য প্ৰণালীৰ দ্বাৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি এই অধ্যয়ন কৰা হৈছে ।

এই অধ্যয়নে প্ৰমাণিত কৰিছে যে, পূৰ্বে মহামাৰীত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পালেও অমিক্ৰণে এনে লোককো সংক্ৰমিত কৰিব পাৰে । এই বিশ্লেষণৰ বিষয়ে এক মেডিকেল প্ৰিপ্ৰিণ্ট চাৰ্ভাৰত আপলোড কৰা হৈছিল ।

দক্ষিণ আফ্ৰিকাৰ ডিএছআই-এনআৰএফ চেণ্টাৰ অৱ এক্সেলেন্স ইন এপিডেমিঅ'লজিকেল মডেলিং এণ্ড এনালাইচিছৰ সঞ্চালক জুলিয়েট পুলিয়ামে টুইটযোগে প্ৰকাশ কৰে যে, শেহতীয়াকৈ কৰ'ণাৰ তিনিওটা ঢৌৰ সময়ত যিসকল লোক সামান্যভাৱে হ'লেও সংক্ৰমিত হৈছিল তেনে লোকৰ দেহত অমিক্ৰণৰ অৱস্থিতি দেখা গৈছে । পূৰ্বে ডেল্টাৰ দ্বাৰা সংক্ৰমিত হোৱা অধিক লোকক অমিক্ৰণৰ দ্বাৰা সংক্ৰমিত হৈছে । অমিক্ৰণ সংক্ৰমণৰ সৈতে সম্পৰ্কিত ৰোগৰ বিষয়েও জৰুৰীভাৱে তথ্যৰ প্ৰয়োজন আছে বুলি তেওঁ উল্লেখ কৰে (Omicron variant of Corona virus) ।

বিশেষকৈ পূৰ্বে সংক্ৰমিত হোৱা লোকৰ তথ্য সংগ্ৰহ কৰা আৱশ্যক । গৱেষকসকলে লক্ষ্য কৰে যে, নৱেম্বৰৰ মাজভাগৰ পৰা পূৰ্বে মহামাৰীৰ কৱলত পৰা লোকৰ দেহত পুনৰ ভাইৰাছৰ অৱস্থিতি দেখা পোৱা গৈছে । সৰ্বাধিক সংক্ৰমণ হোৱা দেশবোৰত এই অধ্যয়নে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব বুলি গৱেষকসকলে ধাৰণা কৰিছে । ইয়াৰ পূৰ্বে, দক্ষিণ আফ্ৰিকাৰ নেশ্যনেল ইনষ্টিটিউট ফৰ কমিউনিকেবল ডিজিজৰ বিশেষজ্ঞ শীৰ্ষ বিজ্ঞানী এনি ভন গটবাৰ্গেও আক্ৰান্ত সংখ্যা বৃদ্ধিক লৈ পূৰ্বানুমান কৰিছিল ।

কিন্তু নেশ্যনেল ইনষ্টিটিউট ফৰ কমিউনিকেবল ডিজিজ কৰ্তৃপক্ষই আশা কৰিছিল যে, ভেকছিন লোৱাৰ পাচত লাহে লাহে আক্ৰান্তৰ সংখ্যাও হ্ৰাস পাব । বৃহস্পতিবাৰে ভাৰতত অমিক্ৰণৰ সংক্ৰমণ ধৰা পৰে । কৰ্ণাটকত দুজন ব্যক্তিৰ দেহত অমিক্ৰণৰ অৱস্থিতি ধৰা পৰিছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে নিশ্চিত কৰিছে ।

এজন ৰোগীৰ বয়স ৬৬ বছৰ আৰু আনজনৰ বয়স ৪৬ বছৰ । দুয়োৰে দেহত কিছু লক্ষণ দেখা পোৱা গৈছে । অৱশ্যে লক্ষণবোৰ গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে । স্বাস্থ্য মন্ত্ৰালয়ে আতংকিত নহ'বলৈ সকলোকে আহ্বান জনাইছে । শীঘ্ৰে ভেকচিন গ্ৰহণ কৰিবলৈ আৰু প্ৰয়োজনীয় সাৱধনতা অৱলম্বন কৰিবলৈ মন্ত্ৰালয়ে পৰামৰ্শ দিছে ।

লগতে পঢ়ক:Omicron Variant of Corona : ভাৰত পালেহি অমিক্ৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.