ETV Bharat / city

Municipal Election 2022 : পৌৰ নিৰ্বাচনত নাথাকিব মিত্ৰতা

author img

By

Published : Dec 2, 2021, 10:07 PM IST

ফেব্ৰুৱাৰীত ৰাজ্যত অনুষ্ঠিত হ’ব পৌৰসভা আৰু নগৰ সমিতিসমূহৰ নিৰ্বাচন । নিৰ্বাচনৰ সময় নিশ্চিত হোৱাৰ পিছতে স্বাভাৱিকভাৱে পৌৰ নিৰ্বাচন(Municipal Election 2022)ৰ বাবে সাজু হৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহ । উথপথপ লাগিছে নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা প্ৰাৰ্থিত্ব প্ৰয়াসীসকলৰ মাজত । কিন্তু আমোদজনক কথাটো হ'ল দিছপুৰত মিত্ৰহৈ লগে ভাগে চৰকাৰ চলাই থকা অগপ আৰু বিজেপি(AGP BJP alliance) উভয় দলেই আগন্তুক পৌৰ নিৰ্বাচনত সুকীয়া সুকীয়াকৈহে অৱতীৰ্ণ হ’ব ।

Municipal Election 2022
পৌৰ নিৰ্বাচনত নাথাকিব মিত্ৰতা

গুৱাহাটী, ২ ডিচেম্বৰ : দিছপুৰত মিত্ৰজোঁটৰ চৰকাৰে হ’লেও আগন্তুক পৌৰ নিৰ্বাচনত নাথাকিব কোনো মিত্ৰতা । সুকীয়া সুকীয়াকৈহে নিৰ্বাচনত অৱতীৰ্ণ হ’ব অগপ আৰু বিজেপি দল । এই কথা নিশ্চিত কৰিছে দুয়োটা দলৰ নেতৃত্বই । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা(BJP state president Bhabesh Kalita) আৰু অগপৰ সভাপতি অতুল বৰা(AGP president Atul Bora) উভয়েই ইটিভি ভাৰতৰ আগত এই কথা প্ৰকাশ কৰিছে ।

Municipal Election 2022
বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা

স্মৰ্তব্য যে, পূৰ্বৰ সোণোৱাল চৰকাৰৰ সময়তো ৰাজ্যত ২০১৮ চনত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন । সেই সময়তো দিছপুৰত মিত্ৰহৈ থাকিলেও পঞ্চায়ত নিৰ্বাচনত কিন্তু অকলে অকলেই অৱতীৰ্ণ হৈছিল অগপ আৰু বিজেপি । সেইবাৰ বিজেপিয়ে পঞ্চায়ত নিৰ্বাচনত অত্যন্ত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল যদিও তাৰ বিপৰীতে অগপই কিন্তু আশা কৰা ধৰণে ফলাফল নাপালে ।

Municipal Election 2022
অগপৰ সভাপতি অতুল বৰা

এতিয়া ২০১৮ৰে পুনৰাবৃত্তি ঘটাই পৌৰসভা আৰু নগৰ সমিতিৰ নিৰ্বাচনত দুয়োটা দল অকলশৰীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব । পৌৰসভা আৰু নগৰ সমিতিৰ আসন্ন নিৰ্বাচনত অৱশ্যে দিছপুৰৰ আন এটা মিত্ৰ দল ইউ পি পি এলৰ বিশেষ ভূমিকা নাথাকিব । কিয়নো ইউ পি পি এল দখলীকৃত অঞ্চলসমূহত অনুষ্ঠিত নহ’ব এই নিৰ্বাচন ।

আনহাতে, কেন্দ্ৰীয়ভাৱে অগপ আৰু বিজেপিৰ মাজত পৌৰ নিৰ্বাচনকেন্দ্ৰিক কোনো ধৰণৰ মিত্ৰতা নহ'লেও স্থানীয়ভাৱে কোনো কোনো অঞ্চলত কিন্তু উভয় দলৰ মাজত বুজাবুজি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।

লগতে পঢ়ক : AGP Central Executive Meeting : মিত্ৰজোটত থাকিয়ে প্ৰতিদ্বন্দিতা কৰিব নিৰ্বাচনত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.