ETV Bharat / state

নগাঁও বিশেষ কাৰাগাৰৰ পৰা হাজোতী পলায়ন

author img

By

Published : Dec 3, 2021, 12:07 PM IST

নগাঁও বিশেষ কাৰাগাৰৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া ভাগত পলায়ন কৰিছে এজন হাজোতী (Prisoner escapes from Special Jail Nagaon)। বিশেষ কাৰাগাৰৰ পৰাই হাজোতীৰ পলায়নক লৈ চাঞ্চল্যৰ সৃষ্টি । পলাতক কয়দীক বিচাৰি আৰক্ষীৰ অভিযান ।

prisoner-escapes-from-special-jail-nagaon
নগাঁও বিশেষ কাৰাগাৰৰ পৰা হাজোতীৰ পলায়ন

নগাঁও, 3 ডিচেম্বৰ : নিৰাপত্তা বেহু ফালি কাৰাগাৰৰ পৰাই এজন হাজোতীৰ পলায়নক লৈ নগাঁৱত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ । এই ঘটনা নগাঁও বিশেষ কাৰাগাৰ (Special Jail Nagaon)ৰ । বিশেষ কাৰাগাৰৰ চৌদিশে নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ পাচতো পলায়ন কৰিবলৈ সক্ষম হৈছে এজন হাজোতী । বৃহস্পতিবাৰে সন্ধিয়া ভাগত নগাঁও বিশেষ কাৰাগাৰৰ এজন হাজোতীয়ে পলায়ন (Prisoner escapes from Special Jail Nagaon) কৰা ঘটনাই একপ্ৰকাৰ স্তম্ভিত কৰি তুলিছে সকলোকে ।

prisoner-escapes-from-special-jail-nagaon
নগাঁও বিশেষ কাৰাগাৰৰ পৰা হাজোতী পলায়ন

কাৰাগাৰৰ পৰা পলায়ন কৰা হাজোতীজনৰ নাম ইজাজুল ইছলাম । নগাঁও চহৰৰ সমীপৱৰ্তী কাতিমাৰীৰ ইজাজুল ইছলামক এক চুৰিকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল হয়বৰগাঁও আৰক্ষীয়ে । বুধবাৰে হয়বৰগাঁও আৰক্ষীয়ে ইজাজুলক গ্ৰেপ্তাৰ কৰাৰ পাচত আদালতত হাজিৰ কৰোৱাত আদালতৰ নিৰ্দেশত অপৰাধীটোক নগাঁও বিশেষ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।

কিন্তু কাৰাগাৰত থকাৰ এটা দিন পাচতেই নগাঁও বিশেষ কাৰাগাৰৰ পৰা চুৰি গোচৰত অভিযুক্ত হাজোতী ইজাজুলে পলায়ন কৰে । কাৰাগাৰৰ পৰা ইজাজুল পলায়ন কৰাৰ পাচত কাৰাগাৰৰ নিৰাপত্তাৰক্ষীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ । নগাঁও বিশেষ কাৰাগাৰৰ পৰা হাজোতীয়ে পলায়ন কৰা ঘটনাই কাৰাগাৰৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ উদঙাই দিয়া বুলি এচামে উল্লেখ কৰে ।

সম্প্ৰতি পলাতক হাজোতীক বিচাৰি নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান । বাতৰি প্ৰস্তুত কৰা সময়লৈকে পলাতক হাজোতী ইজাজুল ইছলামক আটক কৰিবলৈ সক্ষম হোৱা নাই নগাঁও আৰক্ষী(Nagaon Police)য়ে । ইফালে হাজোতী পলায়নৰ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে কাৰাগাৰ কৰ্তৃপক্ষ ৷

লগতে পঢ়ক : Road Accident in Goalpara: শোকাৱহ পথ দূৰ্ঘটনাত শিশুসহ নিহত ৫

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.