ETV Bharat / bharat

Cyclone Jawad in Odisha: ২৬৬টা উদ্ধাৰকাৰী দল নিয়োজিত কৰিব ওড়িশা চৰকাৰে

author img

By

Published : Dec 3, 2021, 11:34 AM IST

আসন্ন "জৱাদ" ঘূৰ্ণীবতাহ সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিয়াৰ পাচতে অধিক সতৰ্কতা অৱলম্বন কৰিছে ওড়িশা চৰকাৰে (Cyclone Jawad in Odisha) । ৰাজ্য চৰকাৰে উপকূলীয় জিলাসমূহত ২৬৬ টা উদ্ধাৰকাৰী দল মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে ।

Cyclone Jawad likely to hit Odisha
২৬৬টা উদ্ধাৰকাৰী দল নিয়োজিত কৰিব ওড়িশা চৰকাৰে

নেশ্যনেল ডেস্ক, ৩ ডিচেম্বৰ : ওড়িশা, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ পৰিস্থিতি ক্ৰমান্বয়ে অৱনতি ঘটিছে । ৰাজ্যকেইখনত নেৰানেপেৰা বৰষুণৰ বাবে আহুকালৰ সৃষ্টি হৈছে । ইফালে, শনিবাৰে "জৱাদ" ঘূৰ্ণীবতাহে ওড়িশাক প্ৰভাৱিত কৰাৰ আগজাননী দিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (Cyclone Jawad in Odisha) । এই পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে ওড়িশা চৰকাৰ ।

আসন্ন ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ উপকূলীয় জিলাসমূহত এন ডি আৰ এফ, ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনী আৰু ও ডি আৰ এ এফকে ধৰি ২৬৬ টা উদ্ধাৰকাৰী দল মোতায়েন কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে (Odisha government's plans to prevent Jawad's effect) । ৰাজ্যখনৰ বিশেষ সাহাৰ্য আয়ুক্ত প্ৰদীপ কুমাৰ জেনাই সংবাদ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ।

ঘূৰ্ণীবতাহ 'জৱাদে' সৃষ্টি কৰিব পৰা ভয়াৱহ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে চৰকাৰে চলোৱা প্ৰস্তুতিৰ বিষয়ে অৱগত কৰি প্ৰদীপ কুমাৰ জেনাই বিজ্ঞপ্তিত উল্লেখ কৰিছে যে, ৰাজ্য চৰকাৰে এই পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আছে । ইতিমধ্যে, ১৪ খন উপকূলীয় জিলাক সতৰ্ক কৰি দিয়া হৈছে আৰু আসন্ন ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি সকলো প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ নিৰ্দেশ হৈছে ।

উদ্ধাৰকাৰী দল মোতায়েন কৰাৰ কথাও তেওঁ জানিবলৈ দিয়ে । এন ডি আৰ এফৰ ২৪টা দল, ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ ১৫৮টা দল বৰ্তমান সাজু আছে ।

গঞ্জাম, গজপতি, পুৰী, খোৰধা, কটক, জগতসিংপুৰ, কেন্দ্ৰপাৰা, জাজপুৰ, ভদ্ৰক আৰু বালাচোৰকে ধৰি ১০ খন উপকূলীয় জিলাত ও ডি আৰ এ এফৰ ৩৩টা দল নিয়োজিত কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলিও তেওঁ জনায় । আনহাতে, এন ডি আৰ এফৰ ১০টা দল, অগ্নি নিৰ্বাপক বাহিনীৰ ১৪টা দল আৰু ও ডি আৰ এ এফৰ ২৭টা দল অতিৰিক্তভাৱে সাজু হৈ আছে । ঘূৰ্ণীবতাহে প্ৰভাৱিত কৰিব পৰা অঞ্চলৰ লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে বুলিও প্ৰদীপ কুমাৰ জেনাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক:11 Fishermen missing in Gujarat : গুজৰাটত ১১ গৰাকী মাছমৰীয়া সন্ধানহীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.