ETV Bharat / state

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Oct 3, 2022, 11:02 AM IST

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ
পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

পুৱা 11 বজাৰ শীৰ্ষ দহটা খবৰ

India vs South Africa: ১৬ ৰাণত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰিলে ভাৰতে

মাজৰ টি-২০ ক্ৰিকেটত দক্ষিণ আফ্ৰিকাক ১৬ ৰাণত পৰাস্ত কৰিলে ভাৰতে ৷ প্ৰথমবাৰৰ বাবে টি-২০ আন্তৰ্জাতিক শৃংখলাত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰে(India Won by 16 runs against South Africa) ।

পূজা মণ্ডপত অগ্নিকাণ্ড: 70 গৰাকী ভক্ত অগ্নিদগ্ধ, শিশুসহ তিনিগৰাকীৰ মৃত্যু

দুৰ্গা পূজাৰ পেণ্ডেলত ভয়ংকৰ অগ্নিকাণ্ড (Fire in Durga Puja pandal)৷ অগ্নিকাণ্ডটোৰ ফলত ৭০গৰাকী লোক অগ্নিদগ্ধ । দুই সন্তানসহ তিনিজনৰ মৃত্যু । উত্তৰ প্ৰদেশত সংঘটিত হ’ল এই ঘটনা ৷

কলকাতাৰ দুৰ্গা পূজাত অসুৰৰ ৰূপত মহাত্মা গান্ধী

হিন্দু মহাসভাই কলকাতাত দুৰ্গা পূজাৰ সময়ত মহাত্মা গান্ধীক 'অসুৰ' হিচাপে প্ৰদৰ্শন (Display of Mahatma Gandhi as Asura in Kolkata) কৰাক লৈ আৰম্ভ হৈছে বিতৰ্ক । অৱশ্য়ে সোঁপন্থী দলটোৱে উক্ত বিষয়টো সন্দৰ্ভত কয় যে প্ৰশাসনৰ হেঁচাত তেওঁলোকে মূৰ্তিটো সলনি কৰিবলৈ বাধ্য হৈছে ।

দবাপিটা বৰষুণত তিতি তিতিয়েই ৰাহুল গান্ধীয়ে প্ৰদান কৰিলে ভাষণ

দবাপিটা বৰষুণত তিতি তিতি ভাষণ প্ৰদান কৰিলে ৰাহুল গান্ধীয়ে ৷ সাংসদগৰাকীৰ ভাষণ শুনিবলৈ অগণন জনতায়ো ভিৰ কৰিলে বৰষুণৰ মাজতে ৷ কৰ্ণাটকৰ মাইছুৰুত দেখা গ’ল এই দৃশ্য ৷

উত্তৰ প্ৰদেশ আৰক্ষীৰ অভিযানত অযোধ্যাৰ পৰা গ্ৰেপ্তাৰ PFI কৰ্মী

উত্তৰ প্ৰদেশৰ পৰা গ্ৰেপ্তাৰ হৈছে এজন PFI কৰ্মী ৷ উত্তৰ প্ৰদেশ আৰক্ষীয়ে অভিযান চলাই অযোধ্যাৰ পৰা গ্ৰেপ্তাৰ কৰে PFI কৰ্মীজনক (Uttar Pradesh Police arrested PFI activist) ।

National Herald case: এইবাৰ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ EDৰ চমন

এইবাৰ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি (Karnataka Pradesh Congress Committee president) ডি কে শিৱকুমাৰ আৰু কংগ্ৰেছৰ সাংসদ ডি কে সুৰেশক প্ৰৱৰ্তক সঞ্চালকালয় (Enforcement Directorate) চমুকৈ EDয়ে জাৰি কৰিছে চমন ৷

দক্ষিণ দিল্লীৰ লোধি কলনীত শিশুক নৃশংস ভাৱে হত্য়া, দুজনক কৰায়ত্ব

এটি ছয় বছৰীয়া শিশুৰ ডিঙি কাটি মূৰত আক্ৰমণ কৰি দুজন যুৱকে "মানৱ বলি" বুলি হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে দক্ষিণ দিল্লীৰ লোধি কলনীত (human sacrifice in Delhi) । সমৃদ্ধি লাভ কৰিবলৈ শিশুটিক হত্যা কৰিছিল বুলি অভিযুক্তৰ আৰক্ষীক স্বীকাৰোক্তি ।

অৰ্থনীতি টনকিয়াল কৰাৰ বাবে চৰকাৰে ৰাজ্যত বোৱাব সুৰাৰ বন্যা

নতুনকৈ ৭০০ সুৰা বিপনীৰে কোষাগাৰ টনকিয়াল কৰাৰ চেষ্টা ৰাজ্য চৰকাৰৰ । কৰ বৃদ্ধিৰ উপৰি বৰ্তমান পৰিস্থিতিত চৰকাৰৰ কোষাগাৰৰ বাবে পৰোক্ষ কৰ হিচাপে আবকাৰী ৰাজহেই চালিকা শক্তিত পৰিণত হৈছে । গাঁৱে-ভূঞে বিলাতী সুৰা সুলভ কৰি নতুনকৈ ৭০০ খন ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দি আবকাৰী বিভাগে বছৰি ৩০০০ কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

পত্ৰ আৰু ফোনৰ জৰিয়তে আত্মঘাটী বোমাৰে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি

মহাৰাষ্ট্ৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী একনাথ সিন্দেলৈ মত্যুৰ ভাবুকি অহাৰ খবৰে তোলপাৰ লগাইছে মহাৰাষ্ট্ৰ আৰক্ষী প্ৰশাসনক (Death threat to CM Eknath Shinde)৷

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কান্দোনৰ ৰোল

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কান্দোনৰ ৰোল (Dhubri boat accident) । ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ শ্ৰদ্ধাঞ্জলিৰ বাবে কাৰ্যালয়ত লৈ যোৱাৰ পাছতেই কাৰ্যালয়ত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ (Circle officer Sanju Das body found) ৷ ৷ সদা নিষ্ঠাবান ৰাজপত্ৰিত বিষয়াগৰাকীলৈ শেষ বিদায় জনায় কান্দোনত ভাগি পৰে কাৰ্যালয়টোৰ কৰ্মচাৰী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.