ETV Bharat / state

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কান্দোনৰ ৰোল

author img

By

Published : Oct 2, 2022, 10:31 PM IST

mourning atmosphere after found sanju das dead body at Dhubri Revenue Circle Officer
ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কান্দোনৰ ৰোল

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কান্দোনৰ ৰোল (Dhubri boat accident) । ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ শ্ৰদ্ধাঞ্জলিৰ বাবে কাৰ্যালয়ত লৈ যোৱাৰ পাছতেই কাৰ্যালয়ত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ (Circle officer Sanju Das body found) ৷ ৷ সদা নিষ্ঠাবান ৰাজপত্ৰিত বিষয়াগৰাকীলৈ শেষ বিদায় জনায় কান্দোনত ভাগি পৰে কাৰ্যালয়টোৰ কৰ্মচাৰী ৷

ধুবুৰী,২ অক্টোবৰ: বৃহস্পতিবাৰ অৰ্থাৎ 29 ছেপ্টেম্বৰৰ দিনা ধুবুৰীত সংঘটিত হোৱা শোকাৱহ নাও দুৰ্ঘটনাটোৰ 72 ঘণ্টা পাছত উদ্ধাৰ হ'ল ৰাজপত্ৰিত বিষয়া সঞ্জু দাসৰ নশ্বৰ দেহ(Circle officer Sanju Das body found) ৷ বিষয়াগৰাকীৰ নশ্বৰ দেহ ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতেই কাৰ্যালয়ত বিৰাজ কৰে শোকাকুল পৰিৱেশে ৷

উল্লেখ্য যে ঘটনাটো সংঘটিত হোৱাৰ দিনা অৰ্থাৎ ২৯ ছেপ্টেম্বৰৰ পুৱা ৭ বজাতেই গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিবৰ বাবে ওলাই গৈছিল ৰাজপত্ৰিত বিষয়াগৰাকী ৷ এজন লাট মণ্ডল আৰু এজন কৰ্মচাৰী লগত লৈ ধুবুৰীৰ আমিনেৰ চৰৰ খহনীয়া অঞ্চলৰ ক্ষয় ক্ষতিৰ বুজ লৈ দহ বজাত নিজৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ লক্ষ্য আছিল বুলি জানিবলৈ পোৱা গৈছে ৷ কিন্তু এক অনাকাংশিত ঘটনাই যেন সলায় দিলে সকলো (Dhubri Boat Capsize) ৷

সম্পূৰ্ণ চাৰিদিন অৰ্থাৎ প্ৰায় 72 ঘণ্টা পাছত ৰাজপত্ৰিত বিষয়াগৰাকীৰ নশ্বৰ দেহ আহি উপস্থিত হ'ল ধুবুৰীস্থিত কাৰ্যালয়ত ৷ দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় এক কিল'মিটাৰ নিলগত উদ্ধাৰ হয় সঞ্জু দাসৰ মৃতদেহ । পাছত ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি নশ্বৰদেহ ধুবুৰী চক্ৰ বিষয়া কাৰ্যালয়লৈ লৈ যোৱা হয় (Deadbody take to dhubri circle office)৷

ধুবুৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কান্দোনৰ ৰোল

কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ লগতে জিলা প্ৰশাসনৰ মুৰব্বী বিষয়াসকলে ৰাজপত্ৰিত বিষয়াগৰাকীলৈ অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জলী জনায় । ধুবুৰী জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জিলা প্ৰশাসনৰ সকলো বিষয়াই শ্ৰদ্ধাঞ্জলি জনায় চক্ৰ বিষয়াগৰাকীৰ নশ্বৰদেহত । কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই জিলা প্ৰশাসনৰ উদ্যোগত বিষয়াগৰাকীৰ নশ্বৰদেহ স্থল পথেৰে শিলচৰৰ বাসগৃহলৈ লৈ যোৱা হয় ৷

লগতে পঢ়ক: অৰ্থনীতি টনকিয়াল কৰাৰ বাবে চৰকাৰে ৰাজ্যত বোৱাব সুৰাৰ বন্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.