ETV Bharat / bharat

National Herald case: এইবাৰ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতিলৈ EDৰ চমন

author img

By

Published : Oct 3, 2022, 9:22 AM IST

National Herald case: ED summons to DK Shivakumar
এইবাৰ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিলৈ EDৰ চমন জাৰি

এইবাৰ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি (Karnataka Pradesh Congress Committee president) ডি কে শিৱকুমাৰ আৰু কংগ্ৰেছৰ সাংসদ ডি কে সুৰেশক প্ৰৱৰ্তক সঞ্চালকালয় (Enforcement Directorate) চমুকৈ EDয়ে জাৰি কৰিছে চমন ৷

নেশ্যনেল ডেস্ক, 3 অক্টোবৰ: কংগ্ৰেছ মুৰব্বী ছোনিয়া গান্ধী, কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ পিছত এইবাৰ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি (Karnataka Pradesh Congress Committee president) ডি কে শিৱকুমাৰ আৰু কংগ্ৰেছৰ সাংসদ ডি কে সুৰেশক প্ৰৱৰ্তক সঞ্চালকালয় (Enforcement Directorate) চমুকৈ EDয়ে জাৰি কৰিছে চমন ৷

ইয়ং ইণ্ডিয়ান লিমিটেড আৰু নেশ্যনেল হেৰাল্ড গোচৰ (National Herald Case) সন্দৰ্ভত ইডিয়ে চমন জাৰি কৰি আগন্তুক ৭ অক্টোবৰত দুয়োজনকে প্ৰৱৰ্তক সঞ্চালকালয়ত হাজিৰ হ'বলৈ নিৰ্দেশ জাৰি কৰিছে ৷ ইডিয়ে প্ৰেৰণ কৰা চমন সন্দৰ্ভত ডি কে শিৱকুমাৰে ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক হাৰাশাস্তি কৰাৰ পিছত এইবাৰ তেওঁলোকক ইডিয়ে মাতিছে বুলি মন্তব্য কৰে (ED summons to DK Shivakumar) ৷

লগতে, তেওঁক অন্য কোনো গোচৰত অভিযুক্ত কৰাৰ লক্ষ্যৰে ষড়যন্ত্ৰ কৰা হৈছে বুলিও উল্লেখ কৰে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ ইফালে আগন্তুক ৭ অক্টোবৰত ৰাহুল গান্ধীৰ সৈতে ডি কে শিৱকুমাৰে ভাৰত জোড়ো যাত্ৰাত (Bharat Jodo Yatra) অংশগ্ৰহণ কৰিব ৷ যাৰ বাবে EDক ৭ অক্টোবৰৰ দিনটো পিছুৱাই দিবলৈ অনুৰোধ জনাব বুলিও উল্লেখ কৰে ডি কে শিৱকুমাৰে ৷

ইয়াৰ লগতে কৰ্ণাটকত প্ৰৱেশ কৰা 'ভাৰত জোড়ো যাত্ৰা’ মহীশূৰ চহৰত সোমবাৰে উপস্থিত হ’ব (Bharat Jodo Yatra will reach Mysore city) বুলি উল্লেখ কৰি এই যাত্ৰাত প্ৰদৰ্শন কৰিবলৈ বিজেপি নেতাসকলে মহীশূৰত ক'লা পতাকা বিতৰণ কৰাৰ তথ্য পোৱা বুলি অভিযোগ উত্থাপন কৰে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে ৷ তাৰোপৰি এই সন্দৰ্ভত আৰক্ষী আয়ুক্তৰ সৈতে তেওঁ কথা পাতিছিল বুলিও জনিবলৈ দিয়ে ৷

উল্লেখ্য যে, নেচনেল হেৰাল্ড নামৰ সংবাদ প্ৰতিষ্ঠানটো জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠা কৰিছিল । এই সংবাদ পত্ৰখনৰ স্বত্বাধিকাৰী আছিল এছ'চিয়েচন জাৰ্নেল । সংবাদ পত্ৰখন চলোৱাৰ বাবদ সংস্থাটোয়ে এটা মোটা অংকৰ ধনৰ ঋণত পোত যাবলগীয়া অৱস্থা হয় । এই ধাৰৰ অধিকাংশই আছিল কংগ্ৰেছৰ পৰা লোৱা ।

এইক্ষেত্ৰত কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা হয় যে হেৰাল্ড সংবাদ পত্ৰখনৰ নীতি কংগ্ৰেছৰ নীতিৰ সৈতে মিল থকা বাবে সংবাদ পত্ৰখনক ঋণ দি সহায় কৰা হৈছিল ৷ ইয়াৰ পূৰ্বে, ৰাহুল গান্ধীয়ে জনোৱা অনুসৰি স্বৰ্গীয় মতিলাল ভোৰাই এই বিষয়বোৰ চোৱাচিতা কৰি আছিল । ভোৰাই ইয়ং ইণ্ডিয়াত ১২ শতাংশ অংশীদাৰী ত্বৰান্বিত কৰিছিল য'ত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীয়ে ৭৬ শতাংশ অংশীদাৰী ত্বৰান্বিত কৰিছিল ।

লগতে পঢ়ক: অপৰাধীৰ তালিকাত নাম থকা প্ৰাৰ্থীক ভোট দিব নে গুজৰাটৰ ৰাইজে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.