ETV Bharat / state

অসুৰক্ষিত নলবাৰীৰ ষ্ট্ৰং ৰুম ! গৃহ বিভাগৰ মুখ্য সচিবে চলাব তদন্ত - LOK SABHA ELECTION 2024

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 1:44 PM IST

CHIEF SECRETARY OF HOME DEPARTMENT: নলবাৰীৰ ষ্ট্ৰং ৰুম অসুৰক্ষিত বুলি উত্থাপিত হোৱা অভিযোগৰ ভিত্তিত বুধবাৰে বিয়লিভাগত গৃহ বিভাগৰ মুখ্য সচিবে চলাব তদন্ত । কংগ্ৰেছৰ অভিযোগৰ প্ৰতি সঁহাৰি জনায় বিয়লিৰ ভাগত উপস্থিত হ'ব গৃহ আৰু ৰাজনৈতিক দপ্তৰৰ মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী ।

Chief Secretary of home department to conduct probe into strong room in Nalbari
অসুৰক্ষিত নলবাৰীৰ ষ্ট্ৰং ৰুম, গৃহ বিভাগৰ মুখ্য সচিবে চলাব তদন্ত (ETV Bharat Assam)

নলবাৰী, ২২ মে': নলবাৰীৰ ষ্ট্ৰং ৰুমত নিৰাপত্তাৰ সুৰুঙা থকাৰ কংগ্ৰেছৰ অভিযোগত তদন্তৰ সঁহাৰি গৃহ বিভাগৰ । নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত ষ্ট্ৰং ৰুমত নিৰাপত্তাৰ সুৰুঙা থকা বুলি কংগ্ৰেছৰ লগতে বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনে নিৰ্বাচন আয়োগক দিছিল অভিযোগ । উক্ত অভিযোগৰ প্ৰতি সঁহাৰি জনাই বুধবাৰে বিয়লিৰ ভাগত ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক দপ্তৰৰ মুখ্য সচিব IAS বি কল্যাণ চক্ৰৱৰ্তীয়ে উপস্থিত হৈ চলাব তদন্ত ।

যোৱা ৭ মে'ত অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিনা কোনো অজ্ঞাত লোকে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰিছিল চলচ্চিত্ৰ প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দীপ বায়নে ।

উক্ত অভিযোগ আটাইয়ে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছিল । নলবাৰীৰ ষ্ট্ৰং ৰুম অসুৰক্ষিত বুলি অভিযোগ কৰি কোনো ধৰণৰ পৰিচয় পত্ৰ নোহোৱা লোকে কেনেদৰে ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰিব পাৰে, তাক লৈও প্ৰশ্ন উত্থাপিত হৈছিল ।

যাক কেন্দ্ৰ কৰি জিলা আয়ুক্ত আৰু প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ মাজত তীব্ৰ বাক-বিতণ্ডা হোৱাও দেখা গৈছিল । ইফালে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিনটোত গৰ্ডন স্কুলত অৱস্থিত ষ্ট্ৰং ৰুমত জিলা আয়ুক্তক কোনোবাই লুইত কুমাৰ বৰ্মনৰ মানুহ বুলি কৈ দহ লাখ টকা দাবী কৰা বুলি উত্থাপিত অভিযোগৰ ভিত্তিত জিলা আয়ুক্ত বৰ্ণালী ডেকাই নলবাৰী সদৰ থানাত প্ৰযোজকগৰাকীৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰযোজকগৰাকীৰ বিৰুদ্ধে ৰুজু কৰে এক গোচৰ ৷

যাৰ পৰিপ্ৰেক্ষিতত প্ৰযোজকগৰাকীয়েও নিৰ্বাচন আয়োগলৈ অভিযোগ প্ৰেৰণ কৰিছিল । উক্ত অভিযোগৰ ভিত্তিত বুধবাৰে বিয়লিৰ ভাগত মুখ্য সচিবগৰাকী নলবাৰীত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: ধন দাবীৰ অভিযোগত প্ৰযোজক লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল - FIR Against Luit Kumar Barman

মাননী নিদিয়াকৈ অব্যাহতি দিয়াক লৈ নলবাৰীৰ ষ্ট্ৰং ৰূমত উত্তেজনা - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.