অপৰাধীৰ তালিকাত নাম থকা প্ৰাৰ্থীক ভোট দিব নে গুজৰাটৰ ৰাইজে ?

author img

By

Published : Oct 2, 2022, 10:42 PM IST

Will voters in Gujarat cast a vote for a criminal record candidate

কিন্তু ইয়াৰ মাজতে এইবাৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে (Central Election Commission ) নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অপৰাধত নাম সাঙোৰ খাই থকা প্ৰাৰ্থীসকলৰ বাবে এটা নতুন ব্যৱস্থা কৰিছে ৷ পূৰ্বতকৈ এইবাৰ নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে এই বিশেষ পদক্ষেপ হাতত লৈছে ৷

নেশ্যনেল ডেস্ক, 2 অক্টোবৰ : সমাগত গুজৰাট বিধানসভা নিৰ্বাচন 2022 (Gujarat Assembly Elections in 2022)৷ ইয়াৰ লগে লগে প্ৰস্তুতি তুংগত ৰাজনৈতিক দলসমূহৰ লগতে প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ ৷ চলিত বৰ্ষৰ ডিচেম্বৰ মাহত বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

কিন্তু ইয়াৰ মাজতে এইবাৰ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে (Central Election Commission )নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অপৰাধী প্ৰাৰ্থীসকলৰ বাবে এটা নতুন ব্যৱস্থা কৰিছে ৷ পূৰ্বতকৈ এইবাৰ নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে এই বিশেষ পদক্ষেপ হাতত লৈছে ৷ সততে এটা প্ৰশ্ন উত্থাপন হয় যে, ২০১২ আৰু ২০১৭ ৰ বিধানসভা নিৰ্বাচনত কিমান জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল (criminal record candidate )? কিমানজন প্ৰাৰ্থীৰ গুৰুতৰ অপৰাধমূলক গোচৰ আছে ? অপৰাধমূলক গোচৰ থকাৰ স্বত্বেও কিমানজন প্ৰাৰ্থী জয়ী হৈছিল ? কোনটো দলৰ কিমানজন প্ৰাৰ্থীৰ ওপৰত অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে ?

ইটিভি ভাৰতে এই সমগ্ৰ বিষয় সন্দৰ্ভত এক বিশ্লেষণ কৰে ৷ শেহতীয়াকৈ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে দুদিনৰ বাবে গুজৰাট ভ্ৰমণ কৰিছিল আৰু সকলো ৰাজনৈতিক দল, সংগ্ৰাহক আৰু আৰক্ষী বিষয়াসকলৰ লগত বৈঠকত মিলিত হৈছিল ৷ তাৰ পিছতেই নিৰ্বাচন আয়োগে স্পষ্টকৈ কৈছিল যে গুজৰাট বিধানসভা নিৰ্বাচন 2022 ত প্ৰাৰ্থীজনে কমেও তিনিবাৰকৈ তেওঁৰ অপৰাধ স্বীকাৰ কৰিব লাগিব আৰু এই তথ্য কেৱাইচি এপ্লিকেশ্যনত উপলব্ধ হ'ব ৷ ইয়াৰোপৰি ৰাজনৈতিক দলবোৰে ঘোষণা কৰিব লাগিব যে তেওঁলোকে এই বিধানসভা আসনৰ বাবে অপৰাধমূলক ৰেকৰ্ড থকা এজন প্ৰাৰ্থীক মনোনীত কৰিছে ৷

নিৰ্বাচন আয়োগৰ এই নিৰ্দেশনা অনুসৰি অনুসৰি প্ৰাৰ্থী আৰু ৰাজনৈতিক দলবোৰে অপৰাধমূলক গোচৰ প্ৰকাশ কৰিব লাগিব ৷ অৱশ্যে ২০১২ আৰু ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত অপৰাধী প্ৰাৰ্থীসকলক ৰাইজে ভোট দিছিল আৰু আনকি সেই প্ৰাৰ্থীসকল নিৰ্বাচনতো জয়ী হৈছিল ৷

এডিআৰ (বৈকল্পিক বিবাদ নিষ্পত্তি) (Alternative Dispute Resolution)ৰ এক প্ৰতিবেদন অনুসৰি 2012 চনত গুজৰাট বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ এই নিৰ্বাচনত মুঠ ১৬৬৬ জন প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু তেওঁলোকৰ ভিতৰত ১৬৬০ জন প্ৰাৰ্থীৰ পূৰ্বৰ কৰ্মৰাজিৰ ওপৰত বিশ্লেষণ কৰা হৈছিল ৷ তেওঁলোকৰ ভিতৰত 287 জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু হৈছে বুলি ঘোষণা কৰা হৈছিল ৷ ইয়াৰে ভতৰত 126 জন প্ৰাৰ্থীয়েহে তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু হোৱা বুলি স্বীকাৰ কৰিছিল ৷

2017 চনৰ বিধানসভা নিৰ্বাচনত মুঠ 1826 জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল, যাৰ ভিতৰত 1815 জন প্ৰাৰ্থীৰ পূৰ্বৰ কৰ্মৰাজি বিশ্লেষণ কৰা হৈছিল ৷ ইয়াৰে মুঠ ২৫৩ জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰাৰ কথা পোহৰলৈ আহিছিল ৷ লগতে ১৫৪ জন প্ৰাৰ্থীয়ে নিজৰ অপৰাধমূলক গোচৰৰ কথা স্বীকাৰ কৰিছিল ৷

2012 চনত মুঠ 181 জন বিজেপি প্ৰাৰ্থীৰ ভিতৰত, 49 জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈছিল ৷ ইয়াৰে 25 গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ বাবে গোচৰ ৰুজু কৰা হৈছিল ৷ আনহাতে কংগ্ৰেছৰ মুঠ 176 জন প্ৰাৰ্থীৰ ভিতৰত 57 জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈছে আৰু ইয়াৰে 22 জন প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু হৈছে ৷

ঠিক একেদৰে ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ কথা ক'লে, ১৮১ জন বিজেপি প্ৰাৰ্থীৰ ভিতৰত, ৪৬ জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু কৰা হৈছিল৷ ইয়াৰে ২৬ জন প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু হৈছিল ৷ বিজেপি প্ৰাৰ্থীতকৈ কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে অধিক গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু হৈছিল ৷

লগতে পঢ়ক: বিহাৰৰ কৃষি মন্ত্ৰী সুধাকৰ সিঙৰ পদত্যাগ

ইফালে 2017 চনৰ বিধানসভা নিৰ্বাচনত, আম আদমী পাৰ্টিৰ মুঠ 28 জন প্ৰাৰ্থীৰ ভিতৰত, 4 জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰিছিল আৰু 2 জন প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধৰ গোচৰ ৰুজু কৰা হৈছিল ৷ একেদৰে এনচিপিৰ 57 জন প্ৰাৰ্থীৰ ভিতৰত, 9 জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধৰ গোচৰ আছিল লগতে ৬ জন প্ৰাৰ্থীৰ বিৰুদ্ধে গুৰুতৰ অপৰাধ পঞ্জীয়ন কৰা হৈছিল ৷

এতিয়া যদি আমি ২০১৭ চনৰ নিৰ্বাচনৰ ফলাফল পৰিলক্ষিত কৰো বিজেপিৰ দ্বাৰা নিৰ্বাচিত ৯৯ জন বিধায়কৰ ১৮ জন বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈছে আৰু 12 জনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল ৷ কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত 77 জন বিধায়কৰ ভিতৰত, 25 জন বিধায়কৰ বিৰুদ্ধে অপৰাধৰ গোচৰ ৰুজু কৰা হৈছিল আৰু 17 জনৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছিল।

এডিআৰ (বৈকল্পিক বিবাদ নিষ্পত্তি) সমন্বয়ক পংকতি যোগে ইটিভি ভাৰতক জনায় যে গুজৰাট বিধান সভাত ১৮২ জন বিধায়ক আছে ৷ যাৰ ভিতৰত ৪৭ জন বিধায়কৰ বিৰুদ্ধে গোচৰ চলি আছে ৷ য'ত ৬ জন বিধায়কৰ বিৰুদ্ধে ধৰ্ষণ আৰু হত্যাৰ ঘটনা চলি আছে । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত, নিৰ্বাচন আয়োগে এই বছৰ গুজৰাট বিধানসভা নিৰ্বাচনতো প্ৰতিটো অঞ্চলৰ বিধায়কৰ বিৰুদ্ধে ৰুজু কৰা গোচৰসমূহ নীৰিক্ষণ কৰিছে ৷ এইবাৰ প্ৰাৰ্থীসকলে অতীতৰ ঘটনাবোৰৰ সন্দৰ্ভত বাতৰি কাকতত তিনিবাৰ বিজ্ঞাপন দিব লাগিব ৷

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি জনসাধাৰণে নিৰ্বাচন আয়োগৰ পৰা আশা কৰিছে যে যিসকলৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ বা কোনো বিশেষ গুৰুতৰ অপৰাধৰ গোচৰ আছে তেওঁলোকক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ বাধা দিয়া উচিত। কাৰণ গোচৰটোৰ প্ৰক্ৰিয়াটোত দীঘলীয়া সময় লাগে ৷ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে অপৰাধীৰ তালিকাত নাম থকা প্ৰাৰ্থীক ভোট দিবনে গুজৰাটৰ ৰাইজে ?

লগতে পঢ়ক: বিজেপি চৰকাৰৰ বিভাজনবাদী এজেণ্ডা ব্যৰ্থ কৰাটোহে সকলোৰে লক্ষ্য হোৱা উচিত: মেহবুবা মুফটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.